Pages

Tuesday, 24 September 2019

A Brief Note on the Assamese Script


A Brief Note on the Assamese Script
A Brief Note of the Assamese Script
Dr. Bhaskarjyoti Sarma
Associate Professor, Department of Language and Linguistics
Anundoram Borooah Institute of Language Art and Culture

Assamese script is one of the oldest scripts among the entire Indic scripts in India. It has own historical development, found in various inscriptions, both in  stone and copper-plates, from the 5th century AD. 
T.P. Verma in his book, Development of Script in Ancient Kamrupa, has made the significant remark-
Since the Assamese has a separate culture of its own and also since the beginning of the 5th century AD, the kings of Assam have issued their own records, the development of the Assamese script can be studied of its own...."
There are two significant specimens of the Assamese script found in 5th century AD. These are Umachal Rock-Inscription of Surendravarma another inscription of an earlier date is the Nagajari Khanikargaon stone-inscription. The copper-plate inscriptions of Bhaskaravarman of the seventh century AD, maintain the tradition of Brahmi and Gupta script which is used in the Umachal and Nagajari Khanikargaon stone inscriptions.  The development of the Assamese script can be shown in three stages-
1.   From 5th century AD to 13th century AD- can be called as an Ancient Assamese Script or Kamrupi Script.
The evidences of the Assamese script in this stage-
a)  Nagajari Khanikargaon Stone Inscription (5th century, AD)
b) Surendravarma's Umachal Stone Inscription (5th century, AD)
c) Barganga Stone Inscription (6th century, AD)
d) Bhaskarvarma's Dubi Copper-Plate incription (7th century, AD) 
e) Bhaskarvarma's Nidhanpur Copper-Plate   inscription (7th century, AD)
f) Sankar-Narayan Statue-inscription (8th century,   AD, found in present Golaghat district, Assam)
g) Harjarvarma's Stone Inscription (9th century,   AD, found in present Tezpur district, Assam) 
h) Ratnapal's Bargaon Copper-Plate Inscription   (11th century, AD, found in present Sonitpur district, Assam)
i) Ratnapal's Sualkuchi Inscription (11th   century, AD)
j) Dharmapal's Khanamukh Inscription (12th   century, AD)
k) Kanaibarashiboa Stone Inscription (13th   century AD)
2. From 14t century to the middle of the 19th century is the stage of mediaeval period of the Assamese script. Some evidences of the Assamese script can be mentioned as-
a) Gastal Pillar inscription (14th century AD)
b) Rautkuchi Copper-Plate inscription (14th   century AD)
c) Sadia Sepakhoa Copper-Plate Inscription   (15th century AD)
e) Nilachal Kamakhya Stone Inscription (16th century AD)
f) Chamdhara Garh Stone Inscription (17th   century AD)
g) Lepetkata Stone Inscription (18th century   AD)
h) Batakuchiya Copperplate Inscription (19th   century AD) 
3. From the date of publication of Arunodoya to the present time can be called the period of Modern Assamese Script.

Baba Satyanarayan Mourya (বাবা সত্যনাৰায়ণ মৌৰ্য)

Baba Satyanarayan Mourya (বাবা সত্যনাৰায়ণ মৌৰ্য)


এক জাদুকৰী শক্তিৰ অধিকাৰী, বিশ্ব বিশ্ৰুত ব্যক্তিত্ব- একাধাৰে সংগীতজ্ঞ, কণ্ঠশিল্পী, কবি, চিত্ৰকৰ আৰু এই সবাৰে উৰ্ধত এগৰাকী প্ৰকৃত দেশপ্ৰেমী, ভাৰত মাতাৰ সুযোগ্য সন্তান বাবা সত্যনাৰায়ণ মৌৰ্যৰ জন্ম হয় ১৯৬৫ চনত, মধ্যপ্ৰদেশৰ ব্যয়োৰা জিলাৰ এক সাধাৰণ শিক্ষক পৰিয়ালত।  জন্মগতভাৱে বিশাল আৰু সুগভীৰ প্ৰতিভাৰ অধিকাৰী হোৱা এইজনা মহানুভৱৰ ব্যক্তিত্ব বিশ্ব মানসত বিশেষভাৱে পৰিচিত হয় চিত্ৰ-সংগীত তথা মনপৰশা বক্তব্যৰ অপূৰ্ব সমাহাৰেৰে উপস্থাপন কৰা ভাৰত মাতাৰ আৰতি অনুষ্ঠানৰ বাবে।
       হাইস্কুলীয়া জীৱন চাইনবৰ্ড অংকনেৰে আৰম্ভ কৰা সত্যনাৰায়ণ মৌৰ্যদেৱে বানিজ্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত উজ্জয়ীনৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ পৰা চিত্ৰ-কলা বিষয়ত স্বৰ্ণপদক লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰীও আহৰণ কৰে। বাবাই সুদীৰ্ঘ ছয় বছৰ কাল বিখ্যাত জি-টিভিৰ চিত্ৰ-নাট্য লিখক হিচাপে অৱদান আগবঢ়ায়তেখেতে জি-টিভিৰ জাগৰণ আৰু ভক্তিভাব টেলি-চিৰিয়েলৰ বাবে দুই হাজাৰতকৈও অধিক খণ্ডৰ চিত্ৰ-নাট্য প্ৰস্তুত কৰিছিল। বিশ্বৰ বিভিন্ন দেশত তেখেতে ভাৰত মাতাৰ আৰতি অনুষ্ঠান, শিৱ-পাৰ্বতীৰ বিবাহ ইত্যাদি চিত্ৰ-সংগীতৰ অনুষ্ঠানৰ মাজেৰে হাজাৰ হাজাৰ লোকৰ মন-প্ৰাণ আপ্লুত কৰাৰ লগতে ভাৰতবৰ্ষৰ মহান ঐতিহ্য-পৰম্পৰাৰ অন্তৰ্গত বিজ্ঞান, সাহিত্য, সংস্কৃতি আদি মানৱ সভ্যতাৰ সকলো ক্ষেত্ৰতে গৰিমামণ্ডিত ভাৰতবৰ্ষক বিশ্বৰ সুবিশাল মঞ্চত সগৌৰৱে তুলি ধৰি আহিছে। বাবাই তেখেতৰ জীৱনযোৰা সাধনাৰ জৰিয়তে আপোন সত্ত্বাৰ মহিমাকে প্ৰকাশ নকৰি সুগভীৰ ভাৰতীয় সত্ত্বাক জগাই তুলিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে।
       চিত্ৰ-কলা আৰু সংগীতৰ দৰে বাবা অসাধাৰণ কবিত্ব শক্তিৰো অধিকাৰী তেখেতৰ কবিতাৰ মাজেৰে ভাৰতীয় সভ্যতাৰ গুণ-গৰিমা প্ৰকাশ হোৱাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিত ঘটা সামাজিক স্খলনৰ বাবে গভীৰ দুখ প্ৰকাশ পাইছে আৰু ভাৰত মাতাৰ সেই গৰিমা পুনৰুদ্ধাৰৰ আকুতি নিগৰি আহিছে। বৰ্তমানলৈ তেখেতৰ কবিতাৰ ২০ খনতকৈও অধিক শ্ৰব্য সংকলন প্ৰকাশ পাইছে, তাৰ ভিতৰত ঔৰ অব বাবা ভি ৰোৱে ৰে শ্ৰব্য সংকলনটোৱে ইতিমধ্যে ভাৰতীয়ৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

Tuesday, 20 August 2019

সাধাৰণ ভাষাবিজ্ঞানৰ পাঠঃ ভাষাবৈজ্ঞানিক চিন্তাৰ অনুবাদকৰ্ম


সাধাৰণ ভাষাবিজ্ঞানৰ পাঠঃ ভাষাবৈজ্ঞানিক চিন্তাৰ অনুবাদকৰ্ম
° ভাস্কৰজ্যোতি শৰ্মা
সহযোগী অধ্যাপক, ভাষা আৰু ভাষাবিজ্ঞান বিভাগ
আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা
ফোন- ৯৮৫৪৫১৪৫০৭
মেইল-bhasdu08@gmail.com

          ভাষা আৰু ভাষাবৈজ্ঞানিক চিন্তা-চৰ্চা আৰু গৱেষণাকৰ্মই বিশ্বৰ পটভূমিত বৰ্তমানলৈকে কিমানদূৰ আগবাঢ়ি গৈছে, সেই বিষয়ে অসমীয়া ভাষাত ৰচিত ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থৰ পৰা ধাৰণা কৰাটো কঠিনেই নহয়, অসম্ভৱো কাৰণ, অসমীয়া ভাষাত চলা ভাষাবিজ্ঞান সম্পৰ্কীয় চিন্তা চৰ্চাই বিশ্বৰ ভাষাবৈজ্ঞানিক গৱেষণা-ক্ষেত্ৰৰ ষাঠিৰ দশকলৈকেও আগবাঢ়ি আহিব পৰা নাই আজিৰ সময়লৈকে বিচাৰ কৰিলে দেখা যায় যে, ভাষাবিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাই সাহিত্য, সমালোচনা, নৃতত্ত্ব, সংস্কৃতি সমাজতত্ত্ব, ইতিহাস, প্ৰযুক্তি আদি প্ৰায় সমলো ক্ষেত্ৰকে সামৰি লৈ এক বিজ্ঞানসন্মত অধ্যয়নৰ পথ মুকলি কৰিছে ভাষা আৰু ভাষাবিজ্ঞানৰ অধ্যয়নক একাশৰীয়াকৈ ৰাখি সাহিত্য সমালোচনা আৰু সমালোচনা সাহিত্যক আগবঢ়াই নিয়াটোও কঠিন কাম বিংশ শতিকাৰ প্ৰথম দুটা দশকত বিশ্বৰ ভাষাবৈজ্ঞানিক চিন্তাৰ দিশ সলনি হৈ এক অভূতপূৰ্ব বিকাশৰ পথত খোজ দিয়ে ইয়াৰ মূলতে আছে ফাৰ্ডিনাণ্ড দ্য চচ্যুৰৰ ভাষাচিন্তাৰ প্ৰকাশ তেখেতৰ Course de linguistique  générala গ্ৰন্থখনে কেৱল ভাষাবৈজ্ঞানিক ক্ষেত্ৰখনকে সামৰি লোৱা নাছিল, সাহিত্য সমালোচনাৰ দিশতো গঠনবাদী ধাৰণাক প্ৰতিষ্ঠা কৰিছিল Course in General Linguistics নামেৰে ইংৰাজী ভাষাত এই গ্ৰন্থখখনিৰ একাধিক অনুবাদ পোৱা যায় সেয়েহে ফাৰ্ডিনাণ্ড দ্য চচ্যুৰক কেৱল আধুনিক ভাষাবিজ্ঞানৰ পিতৃ বুলিয়েই সীমাবদ্ধ ৰাখিব পৰা নাযায়, তেওঁ গঠনবাদী সমালোচনাৰ ধাৰাটোৰো প্ৰধান হোতা চচ্যুৰ মূলতঃ ঐতিহাসিক ভাষাবিজ্ঞানৰ ছাত্ৰ আছিল, কিন্তু ঐতিহাসিক ভাষাবিজ্ঞানৰ সীমাবদ্ধতা লক্ষ্য কৰি তেওঁ বিশ্বৰ ভাবৈজ্ঞানিক ইতিহাসত বৰ্ণনাত্মক ভাষাবিজ্ঞানক প্ৰতিষ্ঠা কৰি ইয়াক ভাষাবৈজ্ঞানিক অধ্যয়নৰ পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰাৰৰ পথ প্ৰশস্ত কৰে ইয়াৰ উপৰিও বিংশ শতিকাৰ ষাঠিৰ দশকত প্ৰতিষ্ঠা হোৱা সমাজভাষাবিজ্ঞানৰ অধ্যয়নৰ বীজটোও চচ্যুৰেই ৰোপণ কৰি যায় এক যুগান্তকাৰী চিন্তাৰ মাজেৰে বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ ভেটি প্ৰতিষ্ঠা কৰা এনে এক গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি ° পোনা মহন্তই অসমীয়া ভাষাবৈজ্ঞানিক ক্ষেত্ৰখনলৈ যে এক অনবদ্য বৰঙণি আগবঢ়ালে তাক নিশ্চয়কৈ ' পাৰি ২০১৩ চনৰ পৰা চোৱা চোৱাকৈ সাতসৰীত প্ৰকাশ পোৱা এই গ্ৰন্থখনৰ অনুবাদকৰ্মৰ বাবে অনুবাদকক ধন্যবাদ জনাই লিখা এখন চিঠি গ্ৰন্থখনৰ প্ৰথমচোৱা প্ৰকাশ পোৱাৰ পিছতেই সাতসৰীত প্ৰকাশ পাইছিল আৰু তাতেই এই অনুবাদকৰ্মৰ প্ৰয়োজনীয়তাৰ কথাও চমুকৈ উনুকিয়াইছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া পাঠ্যক্ৰমত ভাষাবিজ্ঞানৰ ভালেখিনি দিশ অন্তৰ্ভূক্ত হোৱাত  তাত পঢ়োৱাৰ উদ্দেশ্য Roy Harris ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থখন লৈছিলোঁ ° মহন্তই ৱেইড বেস্কিনৰ (Wade Baskin) Course in General Linguistics গ্ৰন্থখন আধাৰ হিচাপে লোৱা বুলি অনুবাদকৰ কথাত উল্লেখ কৰিছে ° মহন্তৰ অনুবাদ গ্ৰন্থখনৰ সৈতে Harris গ্ৰন্থখনৰ বিশেষ পাৰ্থক্য বিচাৰি পোৱা নাই বেস্কিনৰ ইংৰাজী অনুবাদখন মোৰ হাতত নোহোৱাৰ কাৰণে কিছু দিশ হেৰিছৰ গ্ৰন্থখনকো হাতত লোৱা হৈছে তাৰ উপৰিও, মূল ফৰাচী গ্ৰন্থখন হাতত থকাৰ বাবে এই আলোচনাত মূল গ্ৰন্থখনৰ সৈতেও কিছু দিশ মিলাই চাবলৈ যত্ন কৰা হৈছে   
          ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থৰ অনুবাদকাৰ্য অতি জটিল আৰু কষ্টসাধ্য ইয়াৰ প্ৰধান কাৰণ ' অসমীয়া ভাষাত ভাষাবৈজ্ঞানিক পৰিভাষাৰ অভাৱ এই কথা অনুবাদকে 'অনুবাদকৰ কথা' শিতানত স্পষ্টভাৱে উল্লেখ কৰিছে ইয়াৰ উপৰিও চচ্যুৰৰ উপৰিউক্ত গ্ৰন্থখনৰ ভাষা জটিল আৰু সংপৃক্ত (compact) তেনে এক জটিল গ্ৰন্থৰ অনুবাদ কাৰ্যৰ দ্বাৰা ° মহন্তই অসমীয়া ভাষাবৈজ্ঞানিক ক্ষেত্ৰখনলৈ এক অনবদ্য অৱদান আগবঢ়ালে আমাৰ সীমিত অধ্যনৰ পৰা কব পাৰোঁ যে, এইখনেই বোধকৰো অসমীয়া ভাষাত ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থৰ প্ৰথম অনুবাদ এই দিশৰ পৰাও অনুবাদ গ্ৰন্থখিনিৰ বিশেষ ঐতিহাসিক মূল্য আছে
          পুথিখনৰ অনুবাদকৰ কথাত অসমীয়া পুথিখনৰ অনুবাদকে এটা অতি গুৰুত্বপূৰ্ণ দিশ এই বুলি আঙুলিয়াইছে যে, অসমীয়া বিদ্যায়তনিক সমাজত ভাষা-চৰ্চা তেনেই চালুকীয়া অৱস্থাত আছে; বিজ্ঞানৰূপে এতিয়াও স্বীকৃত হোৱা যেন নালাগে মন্তব্যটো এশ শতাংশই শুদ্ধ বুলি আমাৰো বিশ্বাস, তেনে ক্ষেত্ৰত এই অনুবাদকৰ্মই অসমীয়া ভাষাবৈজ্ঞানিক ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আনিব বুলি আশা কৰিব পাৰি এনে গ্ৰন্থৰ অনুবাদকৰ্মৰ বাবে এখন আধুনিক আৰু বিজ্ঞানসন্মত পৰিভাষাৰ প্ৰয়োজনীয়তাক বাৰুকৈয়ে উপলব্ধি কৰিব পাৰি
          ফৰাচী ভাষাত মূল গ্ৰন্থখন ১৯১৬ চনত প্ৰকাশ হয় চচ্যুৰৰ দেহাৱসান ঘটে ১৯১৩ চনত  গ্ৰন্থখন চচ্যুৰে নিজে লিখি প্ৰকাশ কৰা নাছিল তেওঁৰ দুগৰাকী ছাত্ৰ, পৰৱৰ্তী কালৰ কনিষ্ঠ সহকৰ্মী Charles Bailly (Balli নহয়) আৰু Albert Séchehaye ১৯১৬ চনত ফৰাচী ভাষাত প্ৰকাশ কৰি উলিয়ায় ° মহন্তই অনুবাদকৰ কথা শিতানত উল্লেখ কৰিছে যে,জেনেভা বিশ্ববিদ্যালয়ত সাধাৰণ ভাষাবিজ্ঞানৰ অধ্যাপক হৈ থকা সময়ত (১৯০৭-১৯১১) তেওঁ প্ৰদান কৰা বক্তৃতাসমূহৰ যি টোকা তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ গোটাই মেলি তেওঁৰ দুগৰাকী প্ৰাক্তন ছাত্ৰ আৰু কনিষ্ঠ সহকৰ্মীয়ে Course de linguistique  générala (১৯১৬) নাম দি গ্ৰন্থৰূপত প্ৰকাশ কৰে চচ্যুৰে প্ৰকৃততে জেনেভা বিশ্ববিদ্যালয়ত ১৯০৬-১৯০৭, ১৯০৮-১৯০৯ আৰু ১৯১০-১৯১১ চনলৈ তিনিলানি বক্তৃতা প্ৰদান কৰিছিল এই বক্তৃতা তিনিলানিৰ ফলশ্ৰুতিয়েই Course de linguistique  générala ইংৰাজীত ইয়াক Course in General Linguistics বুলি পাইছোঁ
        ° মহন্তৰ দ্বাৰা অনুদিত গ্ৰন্থখনিৰ অনুবাদকৰ কথা শিতানত মূল প্ৰন্থখনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াইছে উদাহৰণ স্বৰূপে, সংকেতৰ ওপৰত দিয়া গুৰুত্ব, ভাষাত সূচক আৰু সূচীতৰ স্থান, লেখন আৰু কথন ইত্যাদিৰ গুৰুত্ব আদি বিষয়ৰ চমুকৈ 'লেও ব্যখ্যা আগবঢ়াইছে ইয়াৰ উপৰিও,  এই গ্ৰন্থখনিৰ আধাৰতেই পাশ্চাত্যৰ ভাষাবিজ্ঞানৰ তাত্ত্বিক আৰু দাৰ্শনিক ভেটি প্ৰতিষ্ঠা কৰাৰ লগতে পাশ্চাত্যৰ ভাষাবিজ্ঞানক ভালেখিনি আগবঢ়াই লৈ আহিল কিন্তু, ইংৰাজী ভাষাৰ বিভিন্ন অনুবাদত বহু অনুবাদকে গ্ৰন্থখনিৰ বহু ব্যাখ্যা চচ্যুৰৰ বুলি মানি লব নোখোজে ইয়াৰ প্ৰধান কাৰণ ' গ্ৰন্থখন চচ্যুৰে নিজে পৰিকল্পনা কৰি প্ৰকাশ কৰা নাছিল আছিল চচ্যুৰে প্ৰদান কৰা বক্তৃতাৰ আধাৰত ছাত্ৰ দুগৰাকীয়ে লিপিবদ্ধ কৰি ৰখা ৰূপৰ ফলহেফলত গ্ৰন্থখনৰ বহু কথা পৰৱৰ্তী সময়ত সম্পাদকে যোগ দিয়া অথবা তেওঁলোকে বুজাৰ ধৰণে প্ৰকাশ কৰা বুলি মন্তব্য কৰা দেখা যায়  
        অনুবাদ গ্ৰন্থ এখনৰ বিষয়ে আলোচনা 'লে মূলতঃ অনুবাদকৰ ভাষা বা প্ৰকাশভংগীৰ দিশটোহে আলোচনা কৰিবলগীয়া হয় কাৰণ, বিষয়বস্তু সম্পৰ্কে ইয়াত বিশেষ কবলগীয়া নাথাকেঅনুবাদকে গ্ৰহণ অনুবাদকৰ্মৰ ধৰণ সম্পৰ্কে বিশেষ একো নকলেও আধাৰগ্ৰন্থৰ ভাষিক গঠনক পাৰ্যমানে অনুসৰণ কৰা যত্ন কৰা পৰিলক্ষিত হৈছে ইয়াৰ ফলত অসমীয়া বাক্যৰ গঠনত ইংৰাজী প্ৰভাৱ কিছু পৰিমানে পৰা দেখা গৈছে কিন্তু   ভাষাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী অথবা গৱেষকক আউল লগোৱাবিধৰ হোৱা নাই আৰু বেছিভাগ ক্ষেত্ৰতে অনুবাদকে সঘনে প্ৰয়োগ হোৱা শব্দ ব্যৱহাৰ কৰাৰ বাবে সহজবোধ্য হৈছে তলত কেইটামান উদাহৰণ দাঙি ধৰা হল-
        মূল ফৰাছীঃ Quel est l'objectà la fois intégral et concret de la linguistique? La                  question est particulièrement difficile; nous verrons plus tard pourquoi;                 bornons ici à faire saisir cette difficulté ( Introduction-Chapter-III)
        ইংৰাজী অনুবাদঃ What is it that linguistics sets out to analyse? What is the actual object of study in its entirety? The question is a particularly difficult one. We shall see why latter. First let us simply try to grasp the nature of the difficulty. (Harris, p-8)
        মহন্তৰ অনুবাদঃ ভাষাবিজ্ঞানৰ অপৰিহাৰ্য আৰু নিৰ্দিষ্ট লক্ষ্য কি? প্ৰশ্নটো আহুকলীয়া কিয় আহুকলীয়া সেইটো পিছত চোৱা যাব ইয়াত কেৱল অসুবিধাটোহে দেখুৱাম(অধ্যায়ঃ তিনি, পৃ-)
        মোৰ হাতত বেস্কিনৰ দ্বাৰা অনুদিত গ্ৰন্থখন নথকাৰ বাবে হেৰিচৰ গ্ৰন্থখনৰ পৰাই বাক্যকেইটা তুলি দিয়াৰ লগতে  ফৰাছী ভাষাৰ গ্ৰন্থখনৰ মূল বাক্যকেইতা উদ্ধৃত কৰিলোঁ 
        ওপৰত উল্লেখ কৰা ° মহন্তৰ বাক্যকেইটা মূলৰ অধিক ওচৰচপা আৰু হেৰিচৰ অনুবাদতকৈ অধিক সাৱলীল বুলি নিসন্দেহে কব পাৰি এই সাৱলীলতা আমি ° মহন্তৰ গ্ৰন্থখনিৰ প্ৰতিটো পৃষ্ঠাতে দেখিবলৈ পাওঁ দীঘল আৰু জটিল বাক্যও ° মহন্তই যথেষ্ট সহজবোধ্যভাৱে অনুবাদ কৰিছে উদাহৰণ স্বৰূপে তলৰ বাক্যটোলৈ আঙুলিয়াব পাৰি-
        বক্তৃতা এটাত যদি 'সুধিজন' (gentlemen) শব্দটো বাৰে বাৰে কৈ থকা হয় শ্ৰোতাসকলে ভাবিব যে একেটা শব্দকে দোহাৰি থকা হৈছে, কিন্তু এইটো কথা মনত ৰাখিব লাগিব যে ভিন্ন প্ৰসংগত প্ৰয়োগ কৰা সুৰ আৰু ধ্বনিয়ে একেটা শব্দ উচ্চাৰণত ধ্বনিজনিত ভিন্নতাৰ সৃষ্টি কৰে(অধ্যায়ঃ তিনি, পৃ-১১৩)
        এই বাক্যটো মূল ফৰাচীত এনেদৰে পোৱা যায়-
        Lorsque dans une conferénce, on entend répéter à plusieurs reprises le mot Messieurs!, on a le sentiment quil s'agit chaque fois de la même expression, et pourtant, dans les variations de débit et l'intonation la présentent, dans les divers passages, avec des différences phoniques très appréciables- aussi appréciables que celles qui servent ailleurs à distinguer des mots différents. (Part-II, Chapter-III, pp-150,151)
        হেৰিচে বাক্যটো এনেধৰণে অনুবাদ কৰিছে- For example, we may hear in the course of a lecture several repetitions of the word Messieurs! ('Gentlemen'). We feel that in each case it is the same expression: and yet there are variations of delivery and intonation which give raise in the several instances to very noticeable phonic differences- differences. (Part-II, Chapter-III, p-106)
        ওপৰত উল্লেখ কৰা অনুবাদকৰ্ম দুটা তুলনা কৰিলে দেখা যায় যে ° মহন্তৰ অনুবাদত অপ্ৰয়োজনীয়ভাৱে বাক্য দীঘলীয়া কৰাৰ প্ৰৱনতা দেখা নাযায় ইয়াৰ উপৰিও, অনুবাদ যেতিয়া সংপৃক্ত ৰূপত প্ৰকাশ কৰা যায়, তেতিয়া বহু ক্ষেত্ৰত সি দুৰ্বোধ্য হোৱাৰ সম্ভাৱনা থাকে, কিন্তু অসমীয়া অনুবাদটোত আমি দুৰ্বোধ্যতা দেখা নাপাওঁ
        মূল ফৰাচী গ্ৰন্থখনৰ বিষয়বস্তু প্ৰস্তাৱনা (Introduction) আৰু পৰিশিষ্ট (Appendice) এই দুটা ভাগত ভাগ কৰা হৈছে আৰু প্ৰতিটো ভাগকে আকৌ কিছুমান অধ্যায় আৰু উপঅধ্যায়ত ভাগ কৰা হৈছে অসমীয়া অনুবাদটোৰ মাজত অধ্যায়ৰ নামকৰণৰ ক্ষেত্ৰত মূলৰ সৈতে কিছু বিসংগতি দেখা যায় অৱশ্য এই ক্ষেত্ৰত অনুবাদকে গ্ৰহণ কৰা আধাৰ প্ৰন্থখনতো এই বিসংগতি থাকিব পাৰে তথাপি, ভাষাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবেই বিষয়টো উল্লেখ কৰাৰ প্ৰয়োজনবোধ কৰিলোঁ উদাহৰণ স্বৰূপে- 
        মূল ফৰাচী গ্ৰন্থখনৰ প্ৰস্তাৱনা অংশৰ তৃতীয় অধ্যায়ৰ তৃতীয় ভাগত আছে- 'Place de la langue faits humains. La         Sémiologie' অসমীয়া অনুবাদত ইয়াক মানুহৰ স্বভাৱিক গতি-মতিত ভাষাৰ স্থান বুলি উল্লেখ কৰা হৈছে ইয়াত semiology (চিহ্নতত্ত্ব) শব্দটোৰ উল্লেখ নাই অধ্যায়টোৰ নামকৰণত শব্দটোৰ অন্তৰ্ভূক্তি নোহোৱা কাৰ্যই পাঠ্য অংশৰ সৈতে ইয়াৰ সংগতি ৰক্ষাত বাধা পৰিছে বুলিব পাৰি মূল গ্ৰন্থখনৰ এই অধ্যায়ৰ শেষত এটা সম্পাদকৰ টোকা (Note des editeurs, p-93) এটাও পোৱা যায় এই অংশটো অসমীয়া অনুবাদত পোৱা নাযায়কিন্তু ইংৰাজী অনুবাদত এই অংশটো বাদ পৰা নাই যেন লাগে হেৰিচৰ ইংৰাজী অনুবাদটোত এই অংশটো পোৱা যায় এইটো মূল পুথিখনৰ এটা এৰাব নোৱাৰা অংশ কাৰণ Charles Bailly আৰু Albert Séchehaye য়ে ভালেখিনি গুৰুত্তপূৰ্ণ কথা এই অংশত উল্লেখ কৰিছে সেইদৰে, প্ৰথম খণ্ডৰ তৃতীয় অধ্যায়ৰ দ্বিতীয় আৰু তৃতীয় অংশত আভ্যন্তৰীণ দ্বিত্ব (মূলত আছে- dualité)বুলি উল্লেখ কৰা হৈছে অসমীয়া ভাষাবৈজ্ঞানিক ক্ষেত্ৰত 'দ্বিত্ব' পৰিভাষাটোৱে দুটা একে ধ্বনিৰ সংযুতি (gemination) বুজায় গতিকে 'duality (dualité)' বুজাবলৈ দ্বিত্বৰ সলনি দ্বৈধতা বা তেনে ধৰণক অন্য এটা শব্দ প্ৰয়োগ কৰিলে বিষয়টো অধিক স্পষ্ট 'লহেতেন যেন লাগে ইতিমধ্যে প্ৰতিষ্ঠিত অৰ্থ এটাৰ সৈতে খেলিমেলিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে এনে ধৰণৰ দুই চাৰিটা দিশ ভালদৰে বিচাৰ কৰাৰ থল আছে যদিও অসমীয়া অনুবাদ গ্ৰন্থখনে অসমীয়া ভাষা আৰু ভাষাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী তথা গৱেষকৰ লগতে শিক্ষক সমাজৰো বহুদিনীয়া অভাৱ এটা পূৰণ কৰিব বুলিব পাৰি   
          সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় যে ° পোনা মহন্তই অসমীয়ালৈ অনুবাদ কৰা সাধাৰণ ভাষাবিজ্ঞানৰ পাঠ শীৰ্ষক গ্ৰন্থখন  এক মহান প্ৰচেষ্টা বিশ্ববিদ্যালয়ত পঢ়াবলগীয়া হোৱাৰ বাবে ফাৰ্ডিনাণ্ড দ্য চচ্যুৰৰ এই যুগজয়ী পুথিখনৰ ইংৰাজী অনুবাদ আগতেই অধ্যয়ন কৰিবলগীয়া হৈছিল গ্ৰন্থখনৰ মাজত চ্যচুৰৰ যুগজয়ী চিন্তাই আমাক বিশেষভাবে আকৃষ্ট কৰাৰ লগতে তেখেতৰ চিন্তাৰ সুদূপ্ৰসাৰী ফল দেখি তবধ মানিছিলোঁ কিন্তু মোৰ হাতত থকা ইংৰাজী গ্ৰন্থখনৰ ভাষা অজথা জটিল কৰা যেন বোধ হৈছিল অসমীয়া অনুবাদ গ্ৰন্থখনৰ মাজত মই ব্যক্তিগতভাৱে সৰল প্ৰকাশভংগী দেখিবলৈ পাইছোঁ ইয়াক গ্ৰন্থকাৰৰ পৈণত হাতৰ সফল অনুবাদকৰ্ম বুলিব পাৰি
***  ***