Baba Satyanarayan Mourya (বাবা সত্যনাৰায়ণ মৌৰ্য)
এক জাদুকৰী শক্তিৰ অধিকাৰী, বিশ্ব বিশ্ৰুত ব্যক্তিত্ব-
একাধাৰে সংগীতজ্ঞ, কণ্ঠশিল্পী, কবি, চিত্ৰকৰ আৰু এই সবাৰে উৰ্ধত এগৰাকী প্ৰকৃত
দেশপ্ৰেমী, ভাৰত মাতাৰ সুযোগ্য সন্তান বাবা সত্যনাৰায়ণ মৌৰ্যৰ জন্ম হয় ১৯৬৫ চনত,
মধ্যপ্ৰদেশৰ ব্যয়োৰা জিলাৰ এক সাধাৰণ শিক্ষক পৰিয়ালত। জন্মগতভাৱে বিশাল আৰু সুগভীৰ প্ৰতিভাৰ অধিকাৰী
হোৱা এইজনা মহানুভৱৰ ব্যক্তিত্ব বিশ্ব মানসত বিশেষভাৱে পৰিচিত হয় চিত্ৰ-সংগীত তথা
মনপৰশা বক্তব্যৰ অপূৰ্ব সমাহাৰেৰে উপস্থাপন কৰা ‘ভাৰত মাতাৰ আৰতি’ অনুষ্ঠানৰ বাবে।
হাইস্কুলীয়া
জীৱন চাইনবৰ্ড অংকনেৰে আৰম্ভ কৰা সত্যনাৰায়ণ মৌৰ্যদেৱে বানিজ্য শাখাত স্নাতকোত্তৰ
ডিগ্ৰী লাভ কৰাৰ পাছত উজ্জয়ীনৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ পৰা চিত্ৰ-কলা বিষয়ত
স্বৰ্ণপদক লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰীও আহৰণ কৰে। বাবাই সুদীৰ্ঘ ছয় বছৰ কাল
বিখ্যাত জি-টিভিৰ চিত্ৰ-নাট্য লিখক হিচাপে অৱদান আগবঢ়ায়। তেখেতে জি-টিভিৰ জাগৰণ আৰু ভক্তিভাব টেলি-চিৰিয়েলৰ বাবে দুই হাজাৰতকৈও অধিক খণ্ডৰ চিত্ৰ-নাট্য প্ৰস্তুত
কৰিছিল। বিশ্বৰ বিভিন্ন দেশত তেখেতে ভাৰত মাতাৰ আৰতি অনুষ্ঠান,
শিৱ-পাৰ্বতীৰ বিবাহ ইত্যাদি চিত্ৰ-সংগীতৰ অনুষ্ঠানৰ
মাজেৰে হাজাৰ হাজাৰ লোকৰ মন-প্ৰাণ আপ্লুত কৰাৰ লগতে ভাৰতবৰ্ষৰ মহান
ঐতিহ্য-পৰম্পৰাৰ অন্তৰ্গত বিজ্ঞান, সাহিত্য, সংস্কৃতি আদি মানৱ সভ্যতাৰ সকলো
ক্ষেত্ৰতে গৰিমামণ্ডিত ভাৰতবৰ্ষক বিশ্বৰ সুবিশাল মঞ্চত সগৌৰৱে তুলি ধৰি আহিছে।
বাবাই তেখেতৰ জীৱনযোৰা সাধনাৰ জৰিয়তে আপোন সত্ত্বাৰ মহিমাকে প্ৰকাশ নকৰি সুগভীৰ
ভাৰতীয় সত্ত্বাক জগাই তুলিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে।
চিত্ৰ-কলা
আৰু সংগীতৰ দৰে বাবা অসাধাৰণ কবিত্ব শক্তিৰো অধিকাৰী। তেখেতৰ কবিতাৰ মাজেৰে ভাৰতীয় সভ্যতাৰ গুণ-গৰিমা প্ৰকাশ হোৱাৰ লগতে
সাম্প্ৰতিক পৰিস্থিতিত ঘটা সামাজিক স্খলনৰ বাবে গভীৰ দুখ প্ৰকাশ পাইছে আৰু ভাৰত
মাতাৰ সেই গৰিমা পুনৰুদ্ধাৰৰ আকুতি নিগৰি আহিছে। বৰ্তমানলৈ তেখেতৰ কবিতাৰ ২০
খনতকৈও অধিক শ্ৰব্য সংকলন প্ৰকাশ পাইছে, তাৰ ভিতৰত ‘ঔৰ
অব বাবা ভি ৰোৱে ৰে’ শ্ৰব্য
সংকলনটোৱে ইতিমধ্যে ভাৰতীয়ৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।
No comments:
Post a Comment