চিন্তাৰ টুকুৰা
১।
এই
যে ল'ৰা ছোৱালীবোৰে উদ্ধণ্ডালি কৰিবলৈ ওলাই যায়, সেইবোৰে মাক দেউতাক
ককায়েক বায়েক আদিৰ চকুৰ আগেদিয়েই ওলাই যায়। তেওঁলোক একপ্ৰকাৰ অন্ধ আৰু এই
সমস্ত অসৎ কাৰবাৰৰ তেওঁলোকো অংশীদাৰ। গতিকে মই প্ৰকৃত সংস্কৃতি শিকাব নজনা
অভিভাৱক সকলকো সমানেই দায়ী বুলি ভাবো। মই ভূৱনেশ্বৰৰ Eastern Regional
Language Center ত শিক্ষকতা কৰাৰ কালত চত্তিশগড়ৰ এগৰাকী শিক্ষক
প্ৰশিক্ষাৰ্থীয়ে এটা ঘটনাৰ উল্লেখেৰে মোক প্ৰশ্ন কৰিছিল- "চাৰ, আমাৰ ওচৰৰে
এগৰাকী IAS অফিচাৰে দেউতাকক চৰিয়ালে। এইটোও কি দেউতাকৰে দোষ"? উত্তৰত মই
কৈছিলোঁ- মোৰ মতে তাত দেউতাকৰ দোষ আছেই। কাৰণ দেউতাকে তাক IAS অফিচাৰহে
কৰিলে, পুতেক কৰিব নোৱাৰিলে। সেয়েহে দেউতাকে পুত্ৰৰ পৰা IAS অফিচাৰৰ
ব্যৱহাৰ পালে।অৰ্থাৎ তেওঁ এজন IAS পালে কিন্তু পুতেকক হেৰুৱালে।
২।
অসমৰ
বিভিন্ন জনগোষ্ঠী আৰু সামগ্ৰিকভাবে অসমৰ হকে যিসকলে কাম কৰি আছে সেইসকলৰ
সৎ কাম অথবা চিন্তাক উৎসাহ যগোৱাটোও আমাৰ কৰ্তব্য। আমাৰ মাজৰ বহুতেই কথাই
বতৰাই অসমক ভাল পোৱাটো দেখুৱাব গ'লেও, তেনে কামত উৎসাহ যগোৱাতো দূৰৰ কথা
পিছফালৰ পৰা টানি ধৰিবলৈহে যত্ন কৰা দেখা যায়। এইটো মোৰ ব্যক্তিগত বিভিন্ন
অভিজ্ঞতাৰ ভিত্তিত কৈছোঁ। ইয়ে বিভিন্ন ক্ষেত্ৰত নিজৰ চৰিত্ৰকে উদঙাই
দেখুৱাইছে। যেতিয়া অসমৰ বাহিৰৰ মানুহে আপোনাক স্বীকৃতি দিয়ে তেতিয়াহে অসমৰ
চকু মুদা কুলিবোৰে এঙামুৰি দি সাৰ পায়। ই আমাৰ জাতিটোৰ বাবে অতিকে
দূৰ্ভাগ্যজনক।
No comments:
Post a Comment