Pages

Wednesday, 17 September 2014

জীৱন

পল আৰু অনুপলবোৰ বোকোচাত লৈ
স্বপ্নাতুৰ নিশ্বাসত সৰি পৰে
মোৰ ধমনীৰ টোপ্‌ টোপ্‌ তেজ
গোট মাৰিব নজনা সেই তেজৰ টোপালবোৰে
কঢ়িয়াই লৈ যায়
দুৰ দিগন্তত দো-খাই থকা গধূলিটোৰ কাষলৈ
নিৰ্জন পথাৰত ছয়া-ময়া এন্ধাৰবোৰ গাত সানি
নিথৰ দৃষ্টিৰে থিয়হৈ থকা গছজোপাৰ ডালত
কঁপি কঁপি নিথৰ হয়
উশাহ সলাব নোৱাৰা
উশাহ সলাব নোখোজা
একোটা জীৱন

No comments:

Post a Comment