Pages

Wednesday, 17 September 2014

কৃষ্ণকান্ত সন্দিকৈ- সংগ্ৰহ, ড০ ভাস্কৰজ্যোতি শৰ্মা

কৃষ্ণকান্ত সন্দিকৈ

জন্মঃ        ১৮৯৮ চনৰ ২০ জুলাই
জন্মস্থানঃ     যোৰহাট
পিতৃঃ         ৰাধাকান্ত সন্দিকৈ
মাতৃঃ         নাৰায়ণী সন্দিকৈ
বংশঃ         সাতঘৰীয়া আহোম ফৈদৰ সন্দিকৈ বংশ
শিক্ষাঃ

                    ১৯১৩ চনত যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়

                    ১৯১৫ চনত কটন মহাবিদ্যালয়ৰ পৰা আই এ

                    ১৯১৭ চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰসন্নকুমাৰ সৰ্বাধিকাৰী স্বৰ্ণপদক লাভ

                    ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিভাগৰ (বৈদিক শাখাত) প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ আৰু ইংৰাজী বিষয়ত অভিলেখ নম্বৰ লাভ কৰে

                    ১৯২৩ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ইতিহাস “Modern History” বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু সেই বছৰতে এম এ উপাধি লিখাৰ যোগ্যতা অৰ্জন কৰে

বিবাহ আৰু পৰিয়ালঃ
              ১৯২৮ চনত নগাৱৰ উমাচৰণ গোহাঁইৰ কন্যা হেমলতা আইদেউৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু দুগৰাকী কন্যা ক্ৰমে- শ্ৰীমতী প্ৰমীলা আইদেউ (বৰ্তমান গগৈ), শ্ৰীমতী অহল্যা আইদেউ (বৰ্তমান গগৈ) আৰু একমাত্ৰ পুত্ৰ শ্ৰীবিজয়কৃষ্ণ সন্দিকৈ (এম. পি) ১৯৬১ কৃষ্ণকান্ত সন্দিকৈৰ পত্নীবিয়োগ ঘটে
কৰ্মস্থানঃ
·        বিলাতৰ পৰা ঘুৰি আহিয়েই পিতৃৰ চাহবাগিচা পৰিচালনাৰ কামত লাগে
·        ১৯৩০ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়
·        ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষষ্ঠিত হয়
ৰচনা সম্ভাৰঃ
       কবিতা-
*    আবেগ-অন্তৰ (বাঁহী, ৫ম বছৰ, ২য় সংখ্যা)
*    দেৱী আসাম  (বাঁহী, ৫ম বছৰ, ২য় সংখ্যা)
*    আনন্দৰাম বৰুৱা (বাঁহী ৬ষ্ঠ বছৰ ৮ম সংখ্যা)
*     গৌৰীশঙ্কৰ (৬ষ্ঠ বছৰ ১২শ সংখ্যা)
গান-
*    প্ৰতিমা (আলোচনী, ৫ম বছৰ, ৫ম সংখ্যা)
*    বন্দনা (আলোচনী, ৫ম বছৰ ৭ম সংখ্যা)
*    আজি সুখ ৰজনী বনফুল ৰাণী (বাঁহী, ৫ম বছৰ, ৭ম সংখ্যা)
*    কুসুম নিকুঞ্জে প্ৰফুল্ল সাজে সাদৰে (আলোচনী, ৫ম বছৰ ৮ম সংখ্যা)
*    বাজে কত বীণা নৱ জীৱনে (আলোচনী, ৫ম বছৰ, ২ম সংখ্যা)
প্ৰবন্ধ-
*    আত্ম বিচাৰ (বাঁহী, ৫ম বছৰ, ৫ম সংখ্যা)
*    মোগল ৰাজকন্যাৰ কবিত্ব প্ৰতিভা (বাঁহী, ৪ৰ্থ বছৰ ১১শ সংখ্যা)
*    অমৰ প্ৰকাশ (বাঁহী ৫ম বছৰ, ৮ম, ৯ম, ১২শ সংখ্যা)
*    ভাৰতীয় চিন্তা (সন্মিলন প্ৰবন্ধাৱলী, ১ম ভাগ, ১৯১৮)
*    প্ৰাচীন বেবিলনৰ বেদ (সন্মিলন প্ৰবন্ধাৱলী, ২য় ভাগ, ১৯১৮)
*    সাংখ্য দৰ্শন (আলোচনী, ৭ম বছৰ, ৩য় সংখ্যা)
*    অনুবাদৰ কথা (চেতনা, ২য় বছৰ, ৫ম সংখ্যা)
*    গ্ৰীক্‌ ভাষা (বাঁহী, ১৬শ বছৰ, ৫ম সংখ্যা)
*    ইউৰোপৰ ভাষা আৰু সাহিত্য (চেতনা, ৮ম বছৰ ২য়-৩য় সংখ্যা)
*    ৰুছ অভিনয় (বাঁহী, ১৬শ বছৰ, ৮ম সংখ্যা)
*    চক্ৰেটিচৰ মতে কবিৰ প্ৰকৃতি (অসম সাহিত্য সভা পত্ৰিকা, ১ম বছৰ ৪ৰ্থ সংখ্যা)
*    জাৰ্মানিৰ জ্ঞানসাধনা (মিলন, ৫ম বছৰ, ২য় সংখ্যা)
*    স্পেনিচ সাহিত্যৰ ৰমিঅ'-জুলিয়েট (আৱাহন, ১ম বছৰ ৩য় সংখ্যা)
*    গদ্য-চিত্ৰ (আৱাহন, ১ম বছৰ, ১২শ সংখ্যা)
*    জাৰ্মান সাহিত্যৰ সপোন নাটক (আৱাহন, ৫ম বছৰ, ৬ষ্ঠ সংখ্যা)
*    গ্ৰীক্‌ নাটকৰ গান (আৱাহন, ৭ম বছৰ ৫ম সংখ্যা)
*    নৈষধচৰিত আৰু ভাৰতীয় চিত্ৰকলা(আৱাহন, ৭ম বছৰ, ৬ষ্ঠ সংখ্যা)
*    পঞ্চাশবছৰৰ আগেয়ে (হেড়ম্বপ্ৰসাদ বৰুৱা, ১৯৬৮)
*    পুৰণি স্মৃতি (লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ, ১৯৭৬)
       জীৱনী-
*    অনৰেবল ড° সতীশচন্দ্ৰ বন্দোপাধ্যায় (বাঁহী, ৬ষ্ঠ বছৰ, ৯ম সংখ্যা)
*     ৰায় বাহাদুৰ কালীপ্ৰসাদ চলিহা (বাঁহী, ৬ষ্ঠ বছৰ, ১০ম সংখ্যা)
       শিশু সাহিত্য-
*    সৰৰস্বতীৰ বৰ (অকণ, ১ম বছৰ, ২য় সংখ্যা, ১৮৩৭ শক, ফাগুন)
*    জীৱজন্তু (অকণ, ১ম বছৰ, ?)
*    সদাশিৱৰ অনুগ্ৰহ (অকণ, ১ম বছৰ, ?)
*    প্ৰাচীন মিচৰৰ উপাখ্যান (আমাৰ দেশ, ১ম বছৰ, ১ম সংখ্যা)
*    তামৰ গৰু(আমাৰ দেশ, ১ম বছৰ, ২য় সংখ্যা)
*    সাগৰৰ মাজৰ দুৰ্গ (আমাৰ দেশ, ১ম বছৰ ৪ৰ্থ সংখ্যা)
ভাষণ-
*    অসম ছাত্ৰ সন্মিলনৰ দ্বিতীয় অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদকৰ একাশাৰ (১৯১৭)
*    অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ (১৯৩৭)
*    অসম ছাত্ৰ সন্মিলনৰ সভাপতিৰ অভিভাষণ (১৯২৯)
*    যোৰহাট ছাত্ৰ সন্মিলনৰ সভাপতিৰ অভিভাষণ(১৯২৭)
       শ্ৰদ্ধাঞ্জলি-
*    সঙ্গীত-অধ্যাপক লক্ষ্মীৰাম বৰুৱা (বাঁহী, ৫ম বছৰ ৮ম সংখ্যা)
*    ৰায় বাহাদুৰ কালীপ্ৰসাদ চলিহা (বাঁহী, ৫ম বছৰ, ৮ম সংখ্যা)
       বিবিধ টোকা-
*     অসমীয়া ন-লিখাৰুৰ মহাবিদ্যা (বাঁহী, ৬ষ্ঠ বছৰ, ২য় সংখ্যা)
*    এটি কথাৰ বিষয়ে একাষাৰ (বাঁহী, ৪ৰ্থ বছৰ, ৮ম সংখ্যা)
*    ঋগ্‌বেদত তিৰোতা কবিসকলৰ বিষয়ে একাষাৰ(চেতনা, ১ম বছৰ, ৯ম সংখ্যা)
*    টোকাঃ ভাগৱত, বামানয় (আৱাহন, ৩য় বছৰ, ২য় সংখ্যা)
       পুথিৰ পাতনি-
*    শ্ৰী অতুলন্দ্ৰ হাজৰিকাৰ শকুন্তলা নাটক
*    নলিনীবালা দেৱীৰ সপোনৰ সুৰ
*    সন্মিলন প্ৰবন্ধাৱলী, প্ৰথম ভাগ
*    ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ ঠাই
       চিঠি-
*    চন্দ্ৰকান্ত অভিধান আৰু ব্যাকৰণৰ বিষয়ে একাষাৰ


সংগ্ৰহঃ - ° ভাস্কৰজ্যোতি শৰ্মা
       বিভাগীয় প্ৰধান, অসমীয়া বিভাগ
       মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
       হলধৰ ভূঞা পথ, কলংপাৰ, নগাঁও
       অসম
উৎসঃ কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ
       সংকলক আৰু সম্পাদকঃ শ্ৰীযতীন্দ্ৰনাথ গোস্বামী
       অসম সাহিত্য সভাৰ হৈ জ্যোতি প্ৰকাশনঃ যোৰহাট
      
             
                

             

No comments:

Post a Comment