
ড° ভাস্কৰজ্যোতি
শৰ্মা
বিশ্লেষণ, ব্যাকৰণৰ
বিধি, ভাষাৰ শিক্ষাদান কাৰ্য আৰু ভাষাৰ প্ৰকৃত ব্যৱহাৰিক
(লিখিত আৰু কথিত উভয় ক্ষেত্ৰৰে) ৰূপৰ মাজত বহু
ক্ষেত্ৰত সামঞ্জস্য নোহোৱা যেন লাগে। ল'ৰা-ছোৱালীয়ে প্ৰাথমিক বিদ্যালয়তে শিকি অহা 'অ-ফলা', 'ক-ফলা'কে ধৰি বিদ্যায়তনিক
পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰতো ভাষা শিকনত ভালেখিনি অস্পষ্টতা আৰু বিভ্ৰান্তিৰ
সৃষ্টি হোৱা দেখা যায় আৰু ইয়াৰ বাবেই বিভিন্ন দিশত অসমীয়া ভাষাৰ সমস্যা বাঢ়ি গৈ আছে। এই সমস্যাৰ এটা অন্যতম কাৰণ হ'ল, ভাষাটোৰ উচ্চ পৰ্যায়ৰ গৱেষণাৰ পৰা
উপলব্ধ বিভিন্ন নীতি, সূত্ৰ, বৈশিষ্ট্যৰ
বিচাৰ বিশ্লেষণ আদি সীমিতসংখ্যক ভাষাবিজ্ঞানী, গৱেষক ছাত্ৰ-ছাত্ৰীৰ মাজতেই সীমাবদ্ধ হৈ আছে আৰু এই সীমাৱদ্ধতাৰ ফলত গৱেষণালব্ধ বিষয়সমূহে
ভাষাটোৰ ব্যৱহাৰিক বিকাশত বিশেষ অৰিহণা যোগাব পাৰিছে বুলি ধাৰণা নহয়। অৱশ্যে এইটোও ঠিক যে ভাষাবিজ্ঞানৰ গৱেষণা, বিশ্লেষণ আদিৰ মাজত বহু জটিল কথা সোমাই থাকে, তথাপি ইয়াৰ
পৰা প্ৰাপ্ত ফল, সিদ্ধান্ত, তথ্য আদি বিদ্যালয়
পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আদিৰ উপৰিও সচেতন আৰু সাধাৰণ ব্যৱহাৰকাৰীৰ বোধগম্য হোৱাকৈ প্ৰকাশ আৰু
প্ৰচাৰ কৰা অতি প্ৰয়োজন। কিয়নো, ভাষা একোটা কেৱল ভাষাবিজ্ঞানী, ব্যাকৰণবিদ, গৱেষক আদি এমুঠিমান লোকৰ মাজত জীয়াই নাথাকে। বোৱতী নদী সদৃশ জীৱিত ভাষা একোটা সদা-পৰিৱৰ্তনশীল
হোৱাৰ লগতে ই জীয়াই থাকে সাধাৰণ লোকৰ দৈনন্দিন ব্যৱহাৰৰ মাজেৰে। ভাষাৰ পৰিৱৰ্তিত ৰূপসমূহৰ লগতে নতুন নতুন
উদ্ভাৱনসমূহ বিদ্যালয়, পৰ্যায়ৰ ভাষা শিক্ষাৰ ক্ষেত্ৰকে ধৰি সাধাৰণ
ব্যৱহাৰকাৰীৰ অগোচৰে থাকি গ'লে নানান ধৰণৰ প্ৰায়োগিক বিভ্ৰান্তিৰ
সৃষ্টি হোৱাটো স্বাভাৱিক। অইন নালাগে, প্ৰান্তিকৰ বিভিন্ন সংখ্যাতে এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপিত হৈ আহিছে,
কিন্তু ভাষিক বিভ্ৰান্তি আৰু অস্পষ্টতা সম্পৰ্কে উত্থাপিত বহু সমস্যাৰ
সমাধানকল্পে সহজ-সৰলভাৱে দাঙি ধৰা বিশ্লেষণ বৰ কমেইহে দৃষ্টিগোচৰ
হৈছে।ইও ভাষাটোৰ উন্নতিৰ
বাবে শুভ লক্ষণ নহয়। এই প্ৰসংগতে
ক'ব পাৰি যে, ১-১৫ ছেপ্টেম্বৰ,
২০১৫ সংখ্যা প্ৰান্তিকত প্ৰকাশ হোৱা মলয়া শইকীয়াৰ 'ঙ আৰু ং সন্দৰ্ভত' শীৰ্ষক পত্ৰখনিৰ আধাৰত এই আলোচনাৰ
অৱতাৰণা কৰা হৈছে। কিন্তু বিষয়টোৰ
স্পষ্টতাৰ খাতিৰতে আনুসাংগিক দিশবোৰো দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।
পোন প্ৰথমে
উল্লেখ কৰা ভাল হ'ব যে, আমি প্ৰাথমিক বিদ্যালয়তে
শিকি অহা 'অ-ফলা' আৰু 'ক-ফলা'ৰ প্ৰতিটো আখৰকে বৰ্ণ বুলিব নোৱাৰি। প্ৰকৃততে লিখিত ৰূপত সেইবোৰ বৰ্ণ (Phoneme) নহয়, আখৰ (Letter) হে। আখৰ হ'ল বৰ্ণৰ লিখিত ৰূপ
অথবা প্ৰতীক। বৰ্ণ আৰু
আখৰৰ সাধাৰণ পাৰ্থক্য হৈছে- বৰ্ণ উচ্চাৰণভিত্তিক আৰু আখৰ হ'ল বৰ্ণৰ লিখিত ৰূপ অথবা চিহ্ন। উদাহৰণ স্বৰূপে, আমি যদি 'ক' বুলি লিখোঁ, তেন্তে ই হ'ব আখৰ,
আৰু এই আখৰটো যদি আমি উচ্চাৰণ কৰোঁ, তেন্তে ই হ'ব ধ্বনি (Phone)। সেইদৰে ধ্বনিৰ বিশিষ্ট ৰূপক আমি বৰ্ণ বুলি
কওঁ
(ধ্বনি আৰু বৰ্ণৰ পাৰ্থক্য আৰু বৈশিষ্ট্যসমূহো সহজ-সৰল ভাষাত বুজাই দিব পৰা যায়, কিন্তু প্ৰসংগৰ সংগতি হেৰাই
যোৱাৰ আশংকাত এই বিষয়ে বিশদ ব্যাখ্যাৰ পৰা বিৰত থাকিলোঁ)।
উল্লেখযোগ্য যে, সংস্কৃত ভাষাৰ আৰ্হিত অসমীয়া ভাষাৰ আখৰসমূহ ৰাখিবলৈ যত্ন কৰা হ'ল যদিও পৰিৱৰ্তনৰ সোঁতত অসমীয়া ভাষাৰ উচ্চাৰণ সংস্কৃত ভাষাৰ পৰা পৃথক হৈ অহাৰ
বাবে প্ৰায়োগিক ক্ষেত্ৰত সংস্কৃতীয়া আৰ্হি ৰক্ষা নপৰিল। কাৰণ, সংস্কৃত ভাষাত আখৰ যিমান
বৰ্ণও সিমান। অৰ্থাৎ সংস্কৃতত
প্ৰতিটো আখৰৰে সুকীয়া বৰ্ণগত মূল্য (Independent phonemic value) আছে, তাৰ বিপৰীতে কিন্তু অসমীয়া ভাষাৰ বৰ্ণৰ সংখ্যা কমি
আহিল। অসমীয়া ভাষাৰ
বৰ্ণ আৰু আখৰৰ মাজত থকা এই স্পষ্ট পাৰ্থক্যৰ বাবে প্ৰাথমিক বিদ্যালয়তে 'অ-ফলা'খনক 'স্বৰবৰ্ণমালা' আৰু 'ক-ফলা'খনক 'ব্যঞ্জনবৰ্ণমালা'
নুবুলি 'স্বৰ আখৰমালা' আৰু
'ব্যঞ্জন আখৰমালা' বুলি শিকোৱাহেঁতেন, তেতিয়াই হয়তো ছাত্ৰ-ছাত্ৰীয়ে বৰ্ণ আৰু আখৰ যে একে নহয়,
অন্ততঃ সেই ধাৰণাটো কৰিব পাৰিলেহেঁতেন।
এতিয়া আহোঁ, অসমীয়া ভাষাৰ আখৰ আৰু বৰ্ণৰ পাৰ্থক্যৰ প্ৰসংগলৈ। 'স্বৰ আখৰমালাত' আমি এঘাৰটা
আখৰ পাই আহিছোঁ। ইয়াৰ ভিতৰত
কিন্তু স্বৰবৰ্ণ মাত্ৰ আঠোটাহে পোৱা যায়। উদাহৰণ স্বৰূপে, হ্ৰস্ব 'ই' আৰু দীৰ্ঘ 'ঈ'- এই দুটা আখৰৰ বিপৰীতে এটা 'ই' হে বৰ্ণৰূপে পাওঁ। এই বৰ্ণটো সাধাৰণতে হ্ৰস্বৰূপতেই প্ৰয়োগ হয়
যদিও কিছুমান পৰিৱেশত হ্ৰস্ব-ই ধ্বনিৰ দীৰ্ঘৰূপ পোৱা যায়। কিন্তু ভাষাবৈজ্ঞানিক দৃষ্টিৰে দীৰ্ঘ-ঈ
ক বৰ্ণ হিচাপে প্ৰমান কৰিব নোৱাৰি। গতিকে, অসমীয়া ভাষাত হ্ৰস্ব ই আৰু দীৰ্ঘ ঈ ৰ ভিতৰত এটা /ই/ক হে বৰ্ণৰূপে স্বীকৃতি দিয়া হৈছে। হ্ৰস্ব
'উ' আৰু দীৰ্ঘ 'উ'ৰ ক্ষেত্ৰতো একে প্ৰক্ৰিয়া প্ৰযোজ্য হয়। ইয়াতো এটা 'উ', হে বৰ্ণ ৰূপে পাওঁ। সেইদৰে, অসমীয়া ভাষাত 'ঋ' টো এটা আখৰহে,
ইয়াৰ উচ্চাৰণ 'ৰ+ই=ৰি' ৰ দৰে হয়। 'ঐ' আৰু 'ঔ'- এই দুটাও বৰ্ণ নহয়। ইহঁত দ্বিস্বৰ (Dipthong)হে, অৰ্থাৎ এই দুটা আখৰৰ উচ্চাৰণত দুটাকৈ স্বৰধ্বনি সংযুক্ত
হৈ থাকে। যেনে- ঔ=অ'+উ আৰু ঐ=অ'+ই। এইখিনিতে
উল্লেখযোগ্য কথাটো হ'ল, বহু ক্ষেত্ৰত
'ঐ' আৰু 'ঔ' ৰ উচ্চাৰণ দ্বিস্বৰৰ দৰে নহৈ স্বৰ সংযুতি (Vowel Cluster) ৰ ৰূপতহে প্ৰয়োগ হয়। ভাষাবিজ্ঞানত দ্বিস্বৰ আৰু স্বৰসংযুতিৰ সাধাৰণ পাৰ্থক্য হ'ল-
দ্বিস্বৰত সংযুক্ত ধ্বনি দুটাৰ ধ্বনিগুণ সম্পূৰ্ণকৈ পোৱা নাযায়,
অৰ্থাৎ স্বৰধ্বনি দুটা সংযুক্ত হোৱাৰ ফলত দুয়োটা ধ্বনিৰে ধ্বনিগুণ কিছু
পৰিমাণে লোপ পায়, কিন্তু স্বৰ সংযুতিত দুয়োটা স্বৰধ্বনিতেই সম্পূৰ্ণ
দৈৰ্ঘ্য আৰু ধ্বনিগুণ ৰক্ষিত হয়। গতিকে দেখা
যায় যে
'ঐ' আৰু 'ঔ'- এই দুটাও অসমীয়া ভাষাত স্বতন্ত্ৰ বৰ্ণ নহয়।
অসমীয়া ভাষাৰ স্বৰ আখৰ আৰু স্বৰবৰ্ণৰ পাৰ্থক্য তালিকা আকাৰত এনে ধৰণে দেখুৱাব
পাৰি-
আখৰ
|
বৰ্ণ
|
উচ্চাৰণ (IPA)
|
আখৰ
|
বৰ্ণ
|
উচ্চাৰণ (IPA)
|
|
অ
|
/অ/
|
ɔ̞
|
আ
|
/আ/
|
a
|
|
ই
|
/ই/
|
i
|
ঈ
|
--
|
iː
|
|
উ
|
/উ/
|
u
|
ঊ
|
--
|
uː
|
|
ঋ
|
--
|
ɾi
|
এ
|
/এ'/
|
e
|
|
ঐ
|
--
|
ɔi
|
ও
|
/ও/
|
o
|
|
ঔ
|
--
|
ɔu
|
ওপৰৰ তালিকাত আখৰ এঘাৰটা পালেও বৰ্ণ মাত্ৰ
ছয়টাহে পোৱা গৈছে। কিন্তু আমি
আগতে উল্লেখ কৰি আহিছোঁ যে অসমীয়া ভাষাত স্বৰবৰ্ণ আঠোটা পোৱা যায়। বাকী দুটা বৰ্ণৰ কাৰণে অসমীয়া ভাষাত বেলেগে
আখৰ নাই। এই দুটা
বৰ্ণ বুজাবলৈ এ আৰু অ আখৰদুটাৰ সোঁফালে ওপৰলৈ একোটাকৈ ঊৰ্ধকমা দি লিখাৰ নিয়ম। কিন্তু প্ৰাথমিক বিদ্যালয়ত শিকোৱা স্বৰ আখৰমালাত
থকা খেলিমেলিটো হ'ল- আমি যিটো এ আখৰ শিকিছোঁ,
সেইটোৰ উচ্চাৰণ প্ৰকৃততে ঊৰ্ধকমাযুক্ত এ'ৰ দৰেহে। ঊৰ্ধকমা নিদিয়া এ (ɛ) ৰ উচ্চাৰণ 'বেল
(bɛl)' (এবিধ ফল), বেলা (bɛla) আদি শব্দৰ এ ধ্বনিৰ উচ্চাৰণৰ দৰে হয়। সেইদৰে গ'ল, হ'ল আদি শব্দত থকা অ' (ɔ) ধ্বনিটোৰ উচ্চাৰণ আমি প্ৰাথমিক বিদ্যালয়ত শিকি অহা অ টোৰ দৰে নহয়। অ আৰু অ'
ধ্বনিদুটাৰ উচ্চাৰণগত পাৰ্থক্য অতি স্পষ্ট। উদাহৰণ স্বৰূপে-
গল (ডিঙি) গ'ল (যোৱা অৰ্থত)
কলা (কাণেৰে নুশুনা) ক'লা (ৰং) ইত্যাদি।
অসমীয়া ভাষাত উচ্চ-মধ্য e আৰু আৰু উচ্চ-মধ্য-নিম্ন ɛ ৰ
বাবে বেলেগে আখৰ নাই যদিও অসীয়া ভাষাত এই দুটা বিশিষ্ট ধ্বনি অথবা বৰ্ণ। এই
বৰ্ণদুটা ক্ৰমে ঊৰ্দ্ধকমাযুক্ত অএই দুটা বিষয়ে প্ৰাথমিক বিদ্যালয়ত ল'ৰা ছোৱালীক আখৰ শিকোৱাৰ সময়ত একো উল্লেখেই কৰা নহয়। কথাখিনি প্ৰাথমিক বিদ্যালয়তেই ল'ৰা-ছোৱালীক সহজভাৱে বুজাই দিয়া উচিত। কাৰণ আখৰবোৰ শিকাওতে ইয়াৰ উচ্চাৰণবোৰো শিকোৱা
হয়। কিন্তু অসমীয়া ভাষাৰ বিশেষ বৈশিষ্ট্যৰূপে
প্ৰতিষ্ঠিত এই দুটা বৰ্ণৰ বিষয়ে বহুতে জীৱনত কাহানিও জনাৰ সুবিধা নাপায়। ইয়াৰ
অৰ্থ এইটোৱেই যে প্ৰাথমিক বিদ্যালয়ত অসমীয়া ভাষাৰ বৰ্ণমালা আৰু আখৰমালাকেই সম্পূৰ্ণকৈ
শিকোৱা নহয়।
'স্বৰবৰ্ণ' আৰু 'স্বৰ আখৰ'ৰ দৰে 'ব্যঞ্জনবৰ্ণ' আৰু 'ব্যঞ্জন আখৰ'ৰ পাৰ্থক্যও স্পষ্ট। এই পাৰ্থক্যসমূহ
তালিকা আকাৰত তলত উল্লেখ কৰা হ'ল-
আখৰ
|
বৰ্ণ
|
আখৰ
|
বৰ্ণ
|
আখৰ
|
বৰ্ণ
|
||
ক
|
/ক/
|
খ
|
/খ/
|
গ
|
/গ/
|
||
ঘ
|
/ঘ/
|
ঙ
|
/ঙ/
|
(প্ৰথম) চ
|
দন্তমূলীয়/চ/
|
||
(দ্বিতীয়)
ছ
|
দন্তমূলীয়/চ/
|
(বৰ্গীয়)জ
|
দন্তমূলীয়/জ/
|
ঝ
|
দন্তমূলীয়/জ/
|
||
ঞ
|
---
|
(মূৰ্ধন্য)ট
|
দন্তমূলীয় /ত/
|
(মূৰ্ধন্য)ঠ
|
দন্তমূলীয় /থ/
|
||
(মূৰ্ধন্য)ড
|
দন্তমূলীয়/দ/
|
(মূৰ্ধন্য)ঢ
|
দন্তমূলীয়/ধ/
|
(মূৰ্ধন্য)ণ
|
দন্তমূলীয়/ন/
|
||
(দন্ত্য)ত
|
দন্তমূলীয় /ত/
|
(দন্ত্য)থ
|
দন্তমূলীয় /থ/
|
(দন্ত্য)দ
|
দন্তমূলীয়/দ/
|
||
(দন্ত্য)ধ
|
দন্তমূলীয়/ধ/
|
(দন্ত্য) ন
|
দন্তমূলীয়/ন/
|
প
|
/প/
|
||
ফ
|
/ফ/
|
ব
|
/ব/
|
ভ
|
/ভ/
|
||
ম
|
/ম/
|
(অন্তঃস্থ)য
|
দন্তমূলীয়/জ/
|
ৰ
|
/ৰ/
|
||
ল
|
/ল/
|
ৱ
|
অৰ্ধস্বৰ/ৱ/
|
(তালব্য)শ
|
---
|
||
(মূৰ্ধন্য)ষ
|
---
|
(দন্ত্য) স
|
পশ্চতালব্য/স/
|
হ
|
/হ/
|
||
ক্ষ
|
--
|
(ডইবিন্দু)
ড়
|
--
|
(ঢইবিন্দু)ঢ়
|
--
|
||
(অন্তঃস্থ)য়
|
অৰ্ধস্বৰ /য়/
|
(খণ্ড) ৎ
|
--
|
ং
|
--
|
||
ঃ
|
--
|
ঁ
|
---
|
ওপৰৰ তালিকাখনলৈ ভালদৰে মন কৰিলে দেখা
যায় যে, অসমীয়া ভাষাৰ আখৰমালাত থকা মূৰ্দ্ধণ্য-ট আৰু দন্ত্য-ত বৰ্গ ক্ৰমে ট, ঠ, ড,
ঢ, ণ আৰু ত, থ, দ, ধ, ন এই কেইটা আখৰৰ বিপৰীতে মাত্ৰ দন্তমূলীয় t, th, d, dh আৰু n এই কেইটা বৰ্ণহে পোৱা যায়। অসমীয়া ভাষাত বৰ্ণবিজ়্ানৰ
আলোচনা কৰোঁতে দন্তমূলীয়
পৰা
এইটো স্পষ্টভাৱে বুজা যায় যে, অসমীয়া ভাষাৰ 'ঝ,
ঞ, ট, ঠ, ড, ঢ, ণ' এই কেইটা বৰ্ণ নহয়, আখৰহে। ইয়াৰ উপৰিও, প্ৰথম 'চ', দ্বিতীয় 'ছ' মাজত এটা 'দন্তমূলীয় চ'
হে বৰ্ণ হিচাপে স্বীকৃত। 'শ, ষ, স' এই তিনিটাৰ ভিতৰত এটাও প্ৰাথমিক বিদ্যালয়ত কোৱা ধৰণে
উচ্চাৰণ কৰা নহয়। গতিকে আমি পোৱা ৰূপত ইয়াৰ এটাও প্ৰকৃতাৰ্থত বৰ্ণ নহয়। এই তিনিটা (শ, ষ, স)ৰ মাজৰ পৰা 'স' আখৰটো পশ্চতালব্য বৰ্ণৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, 'ক্ষ, ড়, ঢ়, ং, ঃ' এই কেইটাও বৰ্ণ নহয়,
একো একোটা আখৰহে। আনহাতে, 'ঁ' টোও এটা আখৰ কিন্তু ই ব্যঞ্জনবৰ্ণ নহয়। অসমীয়া ভাষাত ই এটা উপাহিত
(Suprasegmental) বৰ্ণহে। গতিকে অসমীয়া ভাষাত ৪১টা আখৰৰ বিপৰীতে পোৱা বৰ্ণকেইটা হ'ল- ক (k), খ(kh), গ(ɡ), ঘ(ɡh), ঙ(ŋ), চ(s), জ(z), ত(t), থ(th), দ(d), ধ(dh), ন(n), প(p), ফ(ph), ব(b), ভ(bh), ম(m), ৰ(ɾ), ল(l), স(x),হ(ɦ) ৱ(ʋ) আৰু য়(j)। (বন্ধনীৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিৰ চিহ্নবোৰ দিয়া হৈছে)।
শেষত, আমি আহোঁ মলয়া শইকীয়াৰ চিঠিখনৰ প্ৰসংগলৈ। তেখেতে লিখিছে যে, '' ত (ত, ট, ৎ), শ(শ, ষ, স), জ (জ, য) আদিৰ দৰে কেইটামান বৰ্ণ একাধিক
আছে যদিও এটাৰ সলনি ব্যৱহাৰ কৰিব নোৱাৰি; কাৰণ ভাষাবিজ্ঞানৰ দৃষ্টিৰে
ইহঁতৰ উচ্চাৰণ বেলেগ বেলেগ। এটাৰ সলনি
আনটো ব্যৱহাৰ কৰিলে হয় বানান ভুল হ'ব, নহয়
তাৰ অৰ্থ বেলেগ হ'ব।''
আমাৰ ক'বলগীয়াখিনি তলত বিশ্লেষণ কৰি দেখুওৱা হ'ল।
ত (ত, ট, ৎ)ৰ প্ৰসংগঃ
ভাষাবিজ্ঞানৰ দৃষ্টিৰে চালে অসমীয়া ভাষাত 'ত,
ট, ৎ' বেলেগ বৰ্ণ নহয়। পত্ৰ লেখিকাই কথাটো নিজে সহজেই প্ৰামান কৰি চাব পাৰে। উদাহৰণ স্বৰূপে, 'মতা' আৰু
'কটা' শব্দদুটা উচ্চাৰণ কৰি চাওঁক আৰু মন কৰক-
'মতা' শব্দৰ 'ত' উচ্চাৰণ কৰোতে জিভাৰ আগটো কোনখিনিত স্পৰ্শ কৰিছে? সেইদৰে 'কটা' শব্দটোও উচ্চাৰণ কৰাৰ সময়ত জিভাৰ আগটোলৈ মন কৰক,
দেখিব- দুয়োটা ত/ট উচ্চাৰণ
কৰোতে জিভাৰ আগটোৱে ওপৰৰ পাৰি দাঁতৰ আলু স্পৰ্শ কৰিছে। সেয়েহে ভাষাবিজ্ঞানত ইয়াক দন্তমূলীয় (Alveolar) 'ত' হে বোলা হয়, দন্ত্য অথবা মূৰ্দ্ধন্য
নহয়। সংস্কৃত
আৰু অন্য কিছুমান ভাষাতহে দন্ত্য 'ত' উচ্চাৰণ কৰোতে
জিভাৰ আগটো দুইপাৰি দাঁতৰ মাজত অৱস্থান কৰে আৰু মূৰ্ধন্য 'ট'
উচ্চাৰণ কৰিবলৈ হ'লে জিভাৰ আগটো পাছলৈ ঘোৰ খুৱাই
দাঁতৰ আলুৰ ওপৰৰ মূৰ্দ্ধা অংশত স্পৰ্শ কৰিব লাগে। অসমীয়া ভাষাত দন্ত্য-ত
আৰু মূৰ্দ্ধন্য-ট ৰ উচ্চাৰণ সেইধৰণে নহয়। গতিকে অসমীয়া ভাষাত দন্ত্য-ত আৰু মূৰ্দ্ধন্য-ট দুটা বেলেগ বেলেগ আখৰহে, বেলেগ বৰ্ণ নহয়। বৰ্ণ হিচাপে অসমীয়া এটা মাত্ৰ দন্তমূলীয়-ত পোৱা যায়। সেইদৰে, 'ৎ'
আখৰটোক 'খণ্ড ত' ৰূপে পঢ়া
হয়। ইয়াৰ কাৰণ
হ'ল ৎ ৰ উচ্চাৰণ হলন্ত ৰূপতহে হয়। অৰ্থাৎ শব্দৰ অথবা অক্ষৰৰ শেষত ব্যৱহাৰ হোৱা
ব্যঞ্জনান্ত 'ত'ৰ দৰে উচ্চাৰণ হোৱাৰ বাবে দন্তমূলীয়-ত ৰ সম্পূৰ্ণ উচ্চাৰণ ইয়াত পোৱা নাযায়। ভাষাবৈজ্ঞানিক দৃষ্টিৰে ইয়াক দন্তমূলীয় 'ত'ৰ উপধ্বনি বোলা হয়। 'ৎ' কিছুমান নিৰ্দিষ্ট
পৰিৱেশতহে প্ৰয়োগ কৰিব পাৰি, যিকোনো পৰিৱেশতে 'ত' ৰ সলনি ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি। এই প্ৰয়োগ প্ৰকৃততে অক্ষৰ বিভাজনৰ সূত্ৰৰ
ওপৰত নিৰ্ভৰশীল।(উল্লেখযোগ্য যে ভাষাবৈজ্ঞানিক
দৃষ্টিৰে
'অক্ষৰ (Syllable)' আৰু 'আখৰ'ও একে নহয়।) তলত 'ৎ'
আৰু 'ত/ট'ৰ কেইটামান তুলনামূলক প্ৰয়োগ দেখুওৱা হ'ল-
শব্দৰ অথবা অক্ষৰৰ শেষত 'ত/ট অথবা ৎ' ৰ বিকল্প প্ৰয়োগ কৰিব
পাৰি। যেনে-
ৰঞ্জিত/ৰঞ্জিৎ তৰিত/তৰিৎ হঠাত/হঠাৎ
ইত্যাদি
কিন্তু অক্ষৰৰ আৰম্ভণিতে 'ৎ' প্ৰয়োগ
কৰিব নোৱাৰি। যেনে-
'হঠাৎ' শুদ্ধ, কিন্তু 'হঠাৎে'
বুলি লিখিব নোৱাৰি। হঠাতে বুলিহে
লিখা হয়।
(অক্ষৰ বিভাজন- [ হ অ- ১নং অক্ষৰ] [ ঠ আ ত/ৎ
- ২নং অক্ষৰ]
'ৰঞ্জিৎ' শুদ্ধ কিন্তু 'ৰঞ্জিৎে'
লিখিব নোৱাৰি। ৰঞ্জিতে
বুলিহে লিখা হয়।
(অক্ষৰ বিভাজন- [ ৰ অ ন- ১নং অক্ষৰ] [ জ ই- ২নং অক্ষৰ] [ ত এ ৩নং অক্ষৰ])
ওপৰৰ উদাহৰণবোৰলৈ মন কৰিলে স্পষ্টভাৱে দেখা
যায় যে,
প্ৰথমৰ শব্দকেইটাত ত/ৎ শব্দ তথা অক্ষৰৰ শেষত আছে। কিন্তু পিচৰ (ৰঞ্জিতে, হঠাতে) শব্দদুটাত ত টো
একোটা অক্ষৰৰ আৰম্ভণিতে ব্যৱহাৰ হৈছে। সেয়েহে ইয়াত ত ৰ সলনি ৎ লিখিব নোৱাৰি। গতিকে, বৰ্ণ হিচাপে
'ত আৰু ৎ'ৰ পাৰ্থক্য নাথাকিলেও আখৰ প্ৰয়োগৰ ক্ষেত্ৰত
দুয়োটাৰে স্পষ্ট পাৰ্থক্য আছে।
শ(শ, ষ, স)ৰ প্ৰসংগঃ
'শ, ষ আৰু স' এই তিনিটা বেলেগ বেলেগ
আখৰ থাকিলেও অসমীয়াত ভাষাত বৰ্ণ হিচাপে এটা মাত্ৰ পশ্চতালব্য 'স' পোৱা যায়। অৰ্থাৎ তালব্য-শ,
মূৰ্দ্ধন্য-ষ আৰু দন্ত্য-স, এই তিনিটাৰ এটাৰো প্ৰয়োগ অসমীয়া ভাষত নাই। সংস্কৃত ভাষাতহে তিনিওটাৰে উচ্চাৰণ বেলেগ
বেলেগ,
অসমীয়াত নহয়। প্ৰকৃত ৰূপত
তালব্য
'শ'ৰ উচ্চাৰণ কৰিবলৈ হ'লে
জিভাৰ মাজ অংশ তালুৰ ওচৰলৈ উঠি গৈ তালুৰ মাজ অংশ স্পৰ্শ কৰো-নকৰো
অৱস্থাত থাকিব লাগিব আৰু ভিতৰৰ পৰা ওলাই অহা বায়ুৰ ঘৰ্ষণ হ'ব
লাগিব। সেইদৰে দন্ত্য 'স' ৰ উচ্চাৰণত জিভাৰ আগটো দুই পাৰি দাঁতৰ মাজ অংশ আৰু
মূৰ্দ্ধন্য 'ষ'ৰ উচ্চাৰণত জিভাৰ আগটো ঘোৰ
খুৱাই মূৰ্দ্ধাৰ ওচৰলৈ নি বায়ুপ্ৰবাহৰ ঘৰ্ষণ সৃষ্টি কৰিব লাগিব। কিন্তু, অসমীয়া ভাষাত
'শ, ষ, আৰু স' ৰ উচ্চাৰণ এনেদৰে কৰা নহয়। অয়মীয়াত
জিভাৰ পাচঅংশ পাচতালু (কোমল তালু)ৰ ওচৰলৈহে
লৈ যোৱা হয়। পত্ৰ লেখিকাই 'শক', 'ষোল্ল'
আৰু 'সকল', এনে ধৰণৰ শব্দ
কিছুমান লৈ সেইবোৰ উচ্চাৰণ কৰোতে জিভাৰ কোনটো অংশ তালুৰ কোনটো অংশৰ ওচৰ চাপে তাক পৰীক্ষা
কৰি অসমীয়া ভাষাত ইয়াৰ ধ্বনিগুণ নিজেই উলিয়াই ল'ব পাৰে।
'ঙ আৰু ং'ৰ প্ৰসংগঃ
(এই
প্ৰসংগত শ্ৰীমতী শইকীয়াই লিখিছে যে, '..বৰ্ণমালাৰ ঙ আৰু ং বৰ্ণৰ
ক্ষেত্ৰত কিছুমান শব্দ পোৱা যায়, যিবোৰত ঙ অথবা ং যিকোনো এটা
লিখিব পাৰি।..... আমাৰ প্ৰশ্ন হ'ল- যদি ঙ আৰু ং দুটা
বেলেগ বৰ্ণ হয় তেন্তে একেটা শব্দতে দুয়োটা বৰ্ণ দি লিখিলে ভুল হ'ব লাগিছিল। ঙ আৰু ং
ৰ উচ্চাৰণ একে নেকি ? ইহঁতক দুটা বৰ্ণ বোলা হয় কিয় ?')
উত্তৰত প্ৰথমেই ক'ব
পাৰি যে, ঙ আৰু ং দুটা বেলেগ বৰ্ণ নহয়, একেটা বৰ্ণকে বুজোৱা দুটা বেলেগ বেলেগ আখৰহে আৰু বৰ্ণবৈজ্ঞানিক (Phonemics) বিচাৰত একোটা বৰ্ণৰ দুটা উপধ্বনি অথবা উপবৰ্ণ
(Allophone)। এই দুটাৰ বিশেষ বৈশিষ্ট্য হ'ল- 'ঙ' টো সকলো
ক্ষেত্ৰতে 'ং' ৰ সলনি ব্যৱহাৰ কৰিব পাৰি,
কিন্তু 'ং' টো সকলো ক্ষেত্ৰতে
'ঙ' ৰ সলনি ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াৰ কাৰণ বুজিবলৈ অক্ষৰ সম্পৰ্কে কিছু কথা
জনা আৱশ্যক (অক্ষৰ সম্পৰ্কে কিছু কথা বিশ্লেষণৰ থল আছিল যদিও আলোচনা
দীঘলীয়া হোৱাৰ আশংকাত ইয়াৰ পৰা বিৰত থাকিলোঁ)
শব্দৰ শেষত অথবা অক্ষৰান্ত (Coda)ত 'ঙ' অথবা 'ং'ৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি। যেনে-
শংখ/শঙ্খ
([শ
অ ঙ/ং - ১নং
অক্ষৰ] [খ অ]- ২ নং অক্ষৰ)
পংকজ/পঙ্কজ ([প অ ঙ/ং - ১ নং অক্ষৰ] [ক অ জ - ২নং অক্ষৰ])
সংঘ/সঙ্ঘ ([স অ ঙ/ং - ১নং অক্ষৰ]
[ঘ অ - ২নং অক্ষৰ]
ওপৰৰ উদাহৰণকেইটা বিশ্লেষণ কৰিলে দেখা যায়
যে,
প্ৰতিটো শব্দৰে 'ঙ' অথবা
'ং' টো এটা অক্ষৰৰ শেষত আছে। সাধাৰণ অৰ্থত একোটা অক্ষৰৰ শেষত থকা ব্যঞ্জন
ধ্বনিটোকেই অক্ষৰান্ত বোলে। এনে ক্ষেত্ৰত 'ঙ' আৰু 'ং'ৰ বিকল্প প্ৰয়োগ হ'ব পাৰে। এই প্ৰসংগত আৰু কেইটামান উদাহৰণ দিব পাৰি-
চিং/চিঙ ( চ ই ঙ/ং - এটা অক্ষৰ)
ভাং/ভাঙ (ভ আ ঙ/ং - এটা অক্ষৰ)
ৰং/ৰঙ (ৰ অ ঙ/ং - এটা অক্ষৰ)
কিন্তু যেতিয়া 'ঙ' টো প্ৰাক্ষৰ (সাধাৰণ অৰ্থত এটা
অক্ষৰৰ আৰম্ভণিতে থকা ব্যঞ্জন ধ্বনিটোক প্ৰাক্ষৰ [Onset] বোলে)
ৰূপে থাকিলে তাৰ ঠাইত কোনো পধ্যেই 'ং' ব্যৱহাৰ কৰিব নোৱাৰি। উদাহৰণ স্বৰূপে-
'ভাঙিল' কিন্তু 'ভািল' নহয়। ([ ভ আ- ১নং অক্ষৰ] [ঙ ই ল - ২নং অক্ষৰ])
'চিঙিল' কিন্তু 'চিিল নহয়'
। ([চ ই - ১নং অক্ষৰ] [ঙ ই ল - ২নং অক্ষৰ])
ওপৰত উল্লেখ কৰা 'ভাঙিল' আৰু
'চিঙিল' শব্দদুটাত 'ঙ'
টো দ্বিতীয় অক্ষৰৰ আৰম্ভণিতে থকা বাবে আমি 'ঙ'
ৰ সলনি 'ং' লিখব নোৱাৰোঁ।
উল্লেখযোগ্য কথাটো হ'ল,
অসমীয়া ভাষাত 'ঙ'ৰে আৰম্ভ
হোৱা কোনো শব্দ পোৱা নাযায়, সেয়েহে আমি 'ঙ' টো অকলশৰে উচ্চাৰণ কৰোতে সদায় 'উঙঅ' বুলিহে উচ্চাৰণ কৰোঁ। কিন্তু 'ং' ৰ পাছত একেটা অক্ষৰতে আমি কোনো স্বৰধ্বনি ব্যৱহাৰ নকৰোঁ, সেয়েহে 'ং'ৰ প্ৰয়োগ সদায় ব্যঞ্জনান্তহে
হয়, কিন্তু 'ঙ' ধ্বনিটোক
আমি স্বৰান্ত আৰু ব্যঞ্জনান্ত- দুয়োটা পৰিৱেশতে ব্যৱহাৰ কৰোঁ।
*** ***
লেখকৰ ঠিকনাঃ
সহযোগী অধ্যাপক, ভাষা আৰু ভাষাবিজ্ঞান বিভাগ
আনন্দৰাম
বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা
ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী
অসম-৭৮১০৩০
ফোনঃ ৯৮৫৪৫১৪৫০৭
ই-মেইলঃ
bhasdu08@gmail.com
No comments:
Post a Comment