ভূপেন হাজৰিকাৰ গীতত বৈপ্লৱিক চেতনা
অগ্নিযুগৰ
ফিৰিঙতি মই
নতুন অসম গঢ়িম
সৰ্বহাৰাৰ
সৰ্বস্ব পুনৰ ফিৰাই আনিম
-- ১৯৩৯ চন। এই চনটোতেই ভূপেন হাজৰিকাই জীৱনৰ প্ৰথমটো কালজয়ী যুগজয়ী গীত- অগ্নিযুগৰ ফিৰিঙতি- ৰচনা কৰে। নৰকংকালৰ অস্ত্ৰ সাজি, শোষণকাৰীক বধাৰ সংকল্পেৰে এক মহাকাব্যিক বৈপ্লৱিক সত্তাৰ এগৰাকী ভূপেন হাজৰিকাৰ জন্ম হ'ল। তেখেতৰ বহু গীতৰ মাজত প্ৰকাশ পোৱা বৈপ্লৱীক সত্তাৰ মূলতে আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক চিন্তা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ সুন্দৰৰ আৰাধনা। কাৰণ বিষ্ণু ৰাভাৰ কোলাত উঠিয়েই ভূপেন হাজৰিকাই গীত শিকিছিল। সেয়েহে ভূপেন হাজৰিকাৰ গীতত প্ৰকাশ পোৱা বৈপ্লৱিক চেতনা তথাকিথত বিপ্লৱীৰ মানসিকতাৰ তুলনাত যথেষ্ট গভীৰ । বিপ্লৱী বিষ্ণু ৰাভাৰ পৰা হাজৰিকাই নিষ্পেষিত, নিপীড়িত লোকসকলক সহানুভূতিৰে চাবলৈ শিকে। হাজাৰ হাজৰ বছৰ ধৰি জীৱনৰ সাধাৰণ অধিকাৰৰ পৰা বঞ্চিত হৈ অহা লোকৰ কাৰণে কৰা বিষ্ণু ৰাভাৰ সশস্ত্ৰ সংগ্ৰামে হাজৰিকাক মানৱতা আৰু মানৱ অধিকাৰৰ প্ৰতি সজাগ কৰি তুলিলে। বিষ্ণু-জ্যোতিৰ বৈপ্লৱিক চেতনা আৰু আৰু সুন্দৰৰ সাধনাই এক বিৰল সংমিশ্ৰণৰ ৰূপত ভূপেন হাজৰিকাৰ গীতত মূৰ্ত হৈ উঠিল। কেতিয়াবা ই অন্তৰ্লীন ফল্গুধাৰাৰে আৰু কেতিয়াবা ই কলিজাৰ পৰা নিগৰি অহা কেঁচা ৰক্তৰ দৰে প্ৰৱাহমান হৈছিল।
ভুপেন হাজৰিকাৰ
গীতসমূহ বিচাৰ কৰিলে দেখা যায়, তেখেতৰ বৈপ্লৱিক চেতনা একমূখী নহয়, বহুমূখী। ইয়াত অন্তৰ্নিহিত হৈ আছে একাধাৰে সমাজবিপ্লৱৰ চেতনা, সাংস্কৃতিক বিপ্লৱৰ চেতনা আৰু কিছু পৰিমানে ৰাজনৈতিক চেতনাৰ প্ৰভাৱও দেখা যায়।
ভূপেন হাজৰিকাই
ৰচনা কৰা প্ৰথম গীতটোতেই ভেদা-ভেদৰ প্ৰচীৰ ভাঙি অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশ কৰাৰ দৃঢ় সংকল্প লৈ সামাজিক বৈষম্যৰ বিৰুদ্ধে গুজৰি উঠে।
প্ৰথম অৱস্থাত
তেওঁ গীতেৰে সমাজত প্ৰচলিত জাতিভেদক আক্ৰমন কৰাৰ উপৰিও সমাজত বিৰাজ কৰা অৰ্থনৈতিক বৈষম্য বিৰুদ্ধে, শোষণ-নিষ্পেষণৰ বলি হোৱা লোকক উদ্ধুদ্ধ কৰিবলৈ যত্ন কৰিছিল।
এন্ধাৰ
কাতি নিশাতে
এখনি নৈৰে পাৰতে
পানেইৰ
কামিহাৰ সাৱতি তাইৰ পোনাকনে ফেঁকুৰে
বুলি আৰম্ভ কৰি শেষৰ ফালে গাইছে-
বাচা যিদিনা
উভতি আহিবি,
ন ন জীৱনৰ মুৰুতি
দেখিবি,
বৰ বৰ মানুহৰ
ভঁৰালৰ পৰা মই
কাঢ়ি আনি ফল দিম দৰৱ জাতি দিম...।
এনেবোৰ
গীতত এফালেদি অৰ্থনৈতিক বৈষম্যৰ কৰুণ ছবি এখন মূৰ্ত হৈ উঠিছে আৰু আনলফালে সেই বৈষম্যক মষিমূৰ কৰাৰ তীব্ৰ চেতনা জাগ্ৰত হৈ উঠিছে।
ভূপেন হাজৰিকাৰ
সংগীত সাধনাৰ আদিস্তৰতে উন্মেষ ঘটা অগ্নিযুগৰ ফিৰিঙতিয়ে পৰৱৰ্তী কালত ন ন ৰূপত উদ্ভাসিত হৈ উঠে। দোলা ভাৰীৰ গীতত দোলাভাৰী আৰু দোলা আৰোহীৰ মাজৰ বৈষম্য, শীতৰ সেমেকা ৰাতিত খাদ্যবিহীন, বস্ত্ৰবিহীন লোকৰ ভয়াৰ্ত আৰ্তনদৰ ফিৰিঙতি হঠাতে ভমকি উঠি প্ৰচণ্ড প্ৰতাপৰ ৰক্তিম উত্তাপ হৈ সাম্যবাদৰ সৰগ ৰচাৰ প্ৰয়াসত উজলি উঠে।
সামাজিক
বিপ্লৱৰ মানসতাৰ লগে লগে সাংস্কৃতিক বিপ্লৱৰ চেতনাও ভূপেন হাজৰিকাৰ গীতৰ মাজত স্পষ্টৰূপত মূৰ্ত হৈ উঠে। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ- এই গীতটিত ভূপেন হাজৰিকাই অসমৰ জাতীয় তথা সাংস্কৃতিক জীৱনৰ মূল্যায়ন সংগ্ৰামী জীৱনৰ ৰণপ্ৰেৰণাৰে বিশ্বৰ সন্মুখত তুলি ধৰিছে। অসমৰ পাহাৰ-ভৈয়ামৰ জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেঁতু বন্ধাৰ প্ৰয়াস কৰি বিৰল সাংস্কৃতিক চেতনা প্ৰকাশ কৰি গাইছে- ডিফু হল তোমাৰে নাম হওক মংগল তোমাৰ।
ভূপেন হাজৰিকাৰ
বহু গীতত সাম্যবাদ তথা ৰাজনৈতিক বিপ্লৱৰ গভীৰ চেতনা প্ৰকাশ পাইছে। বংগৰ নজৰুল ইছলামৰ দৰে হাজৰিকাৰ বিদ্ৰোহী প্ৰাণে অনুভৱ কৰে প্ৰচণ্ড ধুমুহাই দিয়া শক্তি। প্ৰচণ্ড আত্মবিশ্বাসেৰে তেওঁ ঘোষণা কৰে- গীত গাই কপাম দিগন্ত। তেওঁৰ আহ আহ ওলাই আহ সজাগ জনতা, ৰাইজ আজি ভাৱৰীয়া, ঝক্ ঝক্ ৰেল চলে, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে, মুক্তি কামী লক্ষ জনৰ আদি গীতে জনতাৰ মনত সাম্যবাদী
ৰাজনৈতিক চেতনাৰ জোৱাৰ তোলে।
ভূপেন হাজৰিকাৰ
গীতৰ মাজত সামগ্ৰীকভাৱে মানৱ সমাজৰ তথা মানৱ মনৰ অনুভূতিক স্পৰ্শ কৰিব পৰা সকলোবোৰ দিশ ফুটি উঠিলেও বেছিভাগ গীতৰ মাজত সুন্দৰৰ আৰাধানাৰ মাজেৰে সুতীব্ৰ বৈপ্লৱীক চেতনা ফুটি উঠা দেখা যায়। সেই চেতনাৰ মাজত তথাকথিত ৰাজনৈতিক পৰিৱৰ্তন আকাংক্ষা নাই, তাৰ মাজত আছে মানৱতাৰ জয়গান, শোষিত, নিষ্পেষিত আৰ্তজনৰ প্ৰতি দৰদ আৰু নিয়ম ভাঙাৰ নিয়ম। সেয়েহে ভূপেন হাজৰিকাৰ গীতৰ মাজত প্ৰকাশ পোৱা বৈপ্লৱিক চেতনা এক গভীৰ মানৱীয় অনুভূতিৰে সিক্ত।
*** ***
No comments:
Post a Comment