থংকাঃ চিংফোসকলৰ লোকগীত-নৃত্য
ড° ভাস্কৰজ্যোতি
শৰ্মা
পানলং ওমপপ্
মানৱ সভ্যতাৰ বিকাশত কৃষিৰ এক বিশেষ ভুমিকা আছে, কৃষিৰ
লগতে আছে জীৱনৰ মাদকতা, দুঃখ-বেদনা
জৰ্জৰিত প্ৰেম-বিৰহৰ বিভিন্ন আনুভুতিক প্ৰকাশ। এই কৃষি আৰু শ্বাশ্বতঃ প্ৰেমৰ
অনুভুতিৰ সৈতে জড়িত অসমৰ জাতীয় উৎসৱ
বিহুৰ লগত অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ বিভিন্ন লোক অনুষ্ঠানৰ এক এৰাবনোৱাৰা
সম্পৰ্ক আছে। এই জনগোষ্ঠীসমূহৰ বসন্ত উৎসৱৰ বিষয়ে বিভিন্ন গৱেষণামূলক অধ্যয়নে অসমৰ
জাতীয় উৎসৱৰূপে উদযাপিত বিহুৰ প্ৰকৃতি সম্পৰ্কে জনাত আমাক বিশেষভাৱে সহায় কৰিব।
কাৰণ, অসমৰ এই জনগোষ্ঠীসমূহৰ বসন্ত উৎসৱৰ
মাজতেই বিহুৰ বীজটো নিহিত হৈ আছে।
থংকা
অনুষ্ঠানৰ মাজেৰে চিংফোসকলে প্ৰেমৰ গভীৰ ভাৱাবেগ প্ৰকাশ কৰাৰ লগতে জীৱন যুঁজৰ
বিচিত্ৰ কাহিনী প্ৰকাশ কৰে। বৰ্তমানে মাৰ্ঘেৰিটা, অৰুণাচলৰ
টিৰাপ আৰু লোহিত জিলাৰ বিভিন্ন অঞ্চলত বসবাস কৰি থকা বৌদ্ধ ধৰ্মাৱলম্বী চিংফোসকলৰ
এক উল্লেখযোগ্য উৎসৱ পয়চাংকেনৰ অংগ হিচাপে থংকা লোকগীত আৰু নৃত্য পৰিৱেশন কৰা হয়।
এই গীত-নৃত্যানুষ্ঠান মূলত কৃষিৰ সৈতে জড়িত যদিও ইয়াৰ মাজেৰে চিংফোসকলে অন্তৰৰ
ভালপোৱা আৰু জীৱনৰ সুখ-দুখৰ বৰ্ণনাও যেন মনৰ গভীৰতম কোণৰ পৰা প্ৰকাশ কৰিব খোজে।
অসমীয়া বহাগ মাহৰ তৃতীয় দিনৰ পৰা
বৌদ্ধধৰ্মী চিংফোসকলৰ বছৰৰ প্ৰথম মাহ ‘ৰাঃতা’ আৰম্ভ
হয়। বছৰৰ অন্তিম দুটা দিনক তেওঁলোকে
সংক্ৰান্তি বুলি বিবেচনা কৰে। বহাগ মাহৰ প্ৰথম দুটা দিন চিংফোসকলৰ বাবে বছৰৰ শেষৰ
সংক্ৰান্তিৰ দিন। সংক্ৰান্তিৰ প্ৰথম দিনা বৌদ্ধ মূৰ্ত্তি (ফ্ৰা)সমূহক ‘চং’ অৰ্থাৎ
মূল বেদীৰ পৰা পৰা নমাই আনি তাৰ ওপৰতে অস্থায়ীভাৱে সাজি উলিওৱা বেদী ‘ফ্ৰা-চং’ অত
স্থাপন কৰে। বৌদ্ধ মূৰ্ত্তিসমূহ ‘ফ্ৰা-চং’অত
স্থাপন কৰাৰ দিনৰ পৰা তিনি দিন সমাজৰ মঙ্গল কামনা কৰি পয়-চাংকেন উৎসৱ পালন কৰা হয়।
চতুৰ্থ দিনা ‘ফ্ৰা-চং’ অৰ পৰা ‘ফ্ৰা’সমূহক
পুণৰ মূল বিহাৰলৈ লৈ যোৱা হয়। সেই দিনাৰ পৰাই গাৱৰ সৰু ল’ৰা-ছোৱালী, যুৱক-যুৱতীকে
আদি কৰি বুঢ়া-বুঢ়ী সকলোৱে ঘৰে ঘৰে থংকা গীত আৰু নৃত্য পৰিৱেশন কৰে আৰু এই
গীত-নৃত্যৰ অন্তত ‘দ্ৰা-থৈ’ৰে
গৃহস্থৰ মঙ্গল কামনা কৰি আশীৰ্বাদ দিয়ে।
থংকা গীত আৰু নৃত্য মূলতঃ
কৃষিকৰ্মৰ সৈতে জড়িত যদিও ইয়াত প্ৰেম-বিৰহৰ অনুভূতিও সংপৃক্ত হৈ থাকে। বছৰৰ
আৰম্ভণিতে চিংফোসকলে কৃষিকাৰ্য আৰম্ভ কৰিবলৈ লয়। কৃষিকাৰ্যৰ সফলতাৰ উদ্দেশ্যেৰে
ইষ্ট দেৱতাক স্মৰণ কৰাৰ লগতে গাঁৱৰ লোকসকলে লগ লাগি কৃষিকৰ্মৰ সৈতে জড়িত প্ৰতিটো
কাৰ্য গীত আৰু নৃত্যৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ কৰে।
থংকাৰ আৰম্ভণিতে পৰিৱেশকসকলে
দীঘলীয়াকৈ শাৰী পাতি থিয় হয়। নৃত্য স্থলীৰ পৰস্পৰ বিপৰীত দিশৰ পৰা সৰু ল’ৰাকে
আদি কৰি পুৰুষসকল আৰু সৰু ছোৱালীকে ধৰি মহিলাসকল প্ৰৱেশ কৰে। এনেদৰে প্ৰৱেশ
কৰি শাৰীটোৰ এফালে সৰু ল’ৰাৰ পৰা
ডেকা আৰু বয়সস্থ পুৰুষসকল আৰু আনফালে সৰু ছোৱালীৰ পৰা গাভৰু আৰু বয়সস্থ মহিলাসকল
একেটা শাৰীতে থিয় হয়। ডেকা ল’ৰাকেইজনমানে থংকা গীত পৰিৱেশনৰ
উদ্দেশ্যে বেলেগে একগোট হৈ লয়। বাদ্য হিচাপে থং, (আমাৰ
বিহুঢোলতকৈ কিছু ডাঙৰ আৰু চুটি, এটা মুৰ খোলা
বিশেষ আকাৰৰ এবিধ ঢোল), চুপ-চেং (ডেৰ
কিলোগ্ৰাম মান ওজনৰ মধ্যম আকাৰৰ তাল), বৌ (বৰ-কাহ) আৰু
খু-টুং(সৰু-কাহ) গীতৰ তালে তালে সংগত কৰে।
থংকা অনুষ্ঠান অঃৰা, অৰ্থাৎ
আনন্দৰ গীতেৰে আৰম্ভ হয় এইদৰে-
জিংফো ম্নাও পয়
আই
জিংফো ন্চেন ঙয়
আই
অঃৰা ৰাগা লেই
অঃৰা অঃৰা লাগা
লেই
কিচ্চি গ্বা
গুংগই ডিংলা
ইয়া চুম্চা পিও
পিও
অসমীয়া
অনুবাদঃ
জিংফো নৃত্য
উৎসৱ হয়
জিংফো সুৰ
ধ্বনিত হয়
হাইঐ হাইঐ হাইঐ
হাইঐ হাইঐ হাইঐ হাইঐ
সৰু-ডাঙৰ, বঢ়া-বুঢ়ী
আটায়ে মিলি
আনন্দ কৰোঁ।
এই গীত পৰিৱেশন কৰাৰ সময়ত থং, অৰ্থাৎ
ঢোলত ডিং-ডিং ডিং-ডিং চাপৰ বজায় আৰু নৃত্য কৰা সকলে এক-ডেৰ মিনিটমান সোঁফালে
কেচীয়াকৈ দুখোজ আগুৱাই পোনকৈ এখোজ পিচুৱায়। এই সময়ত হাতদুখন একেলগে এবাৰ আগলৈ এবাৰ
পিচলৈ কৰি নৃত্য কৰে আৰু লাহে লাহে শাৰীটোৰ মাজৰ ডেকা অথবা ল’ৰাজন
আগবাঢ়ি যায়। তেওঁ পিছে পিছে সোঁমাজৰ পৰা এজনী ছোৱালী আৰু এজন ল’ৰা, এই
ক্ৰমত, একেটা শাৰীতে সমূখৰ ফালে নাচি নাচি
আগবঢ়ি যায়। ঢোলৰ সেই একে ডিং-ডিং ডিং-ডিং চাপৰতে সমুখৰ ফালে অকোৱা পকোৱা গতিৰে
আগবাঢে়।
তৃতীয় পৰ্যায়ৰ নৃত্যক টুটেপ ম্নাও
অৰ্থাৎ পখিলা নৃত্য বোলা হয়। এই অনুষ্ঠানত চিফোসকলে টুটেপ ম্নাওৰ দৰে কেবাপ্ৰকাৰৰো নৃত্য কৰে। সেই
নৃত্য-সজ্জাবোৰ তেওঁলোকৰৰ পোচাকত তোলা বিভিন্নপ্ৰকাৰৰ ফুলৰ চানেকিত ৰক্ষিত হোৱাৰ
উপৰিও চিংফোসকলৰ প্ৰতীক চিহ্নত অংকিত হোৱা কিছুমান চিত্ৰও নৃত্যৰ মাজেৰে পৰিৱেশন
কৰা হয়।
কিছু সময় এনেদৰে বিভিন্ন সজ্জাত
নৃত্য কৰাৰ পাছত থঙৰ চাপৰৰ সলনি হয়। থঙত ডিং-ডিং দুপ ডিং-ডিং-দুপ চাপৰ পৰাৰ লগে
লগে নৃত্যৰত ডেকা-গাভৰু, ল’ৰা-ছোৱালীসকলে
মুখা-মুখী হৈ বৃত্তাকাৰে নাচিবলৈ লয়। বৃত্তাকাৰে কৰা নৃত্যক দুভাগত ভগাব পাৰি।
প্ৰতিভাগতে ওপৰত উল্লেখ কৰা কাৰ্যবোৰৰ প্ৰকাশ দেখিবলৈ পোৱা যায়।
বৃত্তাকাৰ
হৈ পৰাৰ পাছত প্ৰায় পাঁচ মিনিটমান তলৰ গীতটো গায় আৰু এই সময়ত সোঁফালে দুখোজ আগলৈ
আৰু পোনকৈ এখোজ পিছলৈ নাচি নাচি ঘুৰণীয়াকৈ আগবাঢ়ি যায়। এই সময়ত সোঁহাতত একোখনকৈ
ৰুমাল সদৃশ কাপোৰ লৈ হাতখন বহলকৈ মেলি পাখিমেলা পখিলাৰ দৰে ভংগী কৰে। এনেদৰে নাচি
থকা সময়ত নিম্নলিখিত গীতটো গায়-
চ’ৰা আই ৱোনপং চানি এ (দুবাৰ)
আনথে আ ম্নাও পয় গিনৰা
দাইনি আনথে চিপ্য ৰা
ম্নাও গিনৰা দে আনথে প্য চায়
আনথে আনথে আ চিংফো পয় গিনৰা
ময় ময় আতেন থা চি ৱা মাত চায়
চি দুই নি ফে গ্ৰায় মিৰিট বুঃ চায়
অসমীয়া
অনুবাদঃ
চেনেহৰ বৃহত্তৰ চিংফো জাতি
আমাৰ এই নৃত্যস্থলীত
আহক সকলোৱে মিলি আনন্দ কৰোঁ
(যদিও) নৃত্যস্থানত আমি আনন্দ কৰোঁ
(তথাপি) আমাৰ মাজৰ পৰা আতৰি যোৱা
ককা-আইতাৰ স্মৃতিয়ে (দেখোন) বৰকৈ আমনি কৰে
ইয়াৰ
পিছত হাবি কটা, কোৰেৰে মাটি কটা, গুটি
সিঁচা, কঠিয়া তোলা, ধান
ৰোৱা, ধান কটা আৰু মৰণা মৰা- এইকেইটা কাৰ্য
নৃত্যৰ চেওৰ দ্বাৰা প্ৰকাশ কৰা হয়।এইকেইটা চেওত নাচি থকা সময়ত তলৰ গীতটো গোৱা হয়-
চাপৰৰ
পৰিৱৰ্তনৰ দ্বাৰা এটা চেওৰ পৰা আন এটা চেওলৈ নৃত্য আগবঢ়াই নিয়া হয়। পৰৱৰ্তী
নৃত্যৰ চেওত তলৰ গীতটো গোৱা হয়-
থৈ চিঃ থৈয়া ৰৌত না
ন্দান কালি মাই ৱিঃ গন চানা
নুমৰিঃ লিগি চাংদি নাংকে চাই দাই
জিং লং খাঃ আং জে ৰাই
প্ৰতিটো
চেওৰ মাজত ডিং-দুপ ডিং-দুপ এই চাপৰ বজাই চেওৰ পৰিৱৰ্তন কৰা হয়।
অসমীয়া
অনুবাদঃ
দোকমোকালিতে এৰি শোৱা পাটি
হাতত লৈ ধনু-কাড়
চাওঁগৈ আমাৰ সেই খেতি
নিয়ৰ সিক্ত বাটেৰে গৈ
খেতিদৰা পাওঁগৈ
দুপৰীয়াৰ (নৈপৰীয়া) শিতলতাত
মনত পৰে (দেখোন) তোমালৈ।
চাপৰৰ
পৰিৱৰ্তনৰ দ্বাৰা এটা চেওৰ পৰা আন এটা চেওলৈ নৃত্য আগবঢ়াই নিয়া হয় আৰু শেষত, তলৰ
গীতটো গোৱা হয় ।এই গীতৰ তালে তালে ধান খুন্দা আৰু ন-খাবলৈ গঞা ৰাইজক নিমন্ত্ৰণ কৰা
চেওত নৃত্য কৰে।
এ…… চৰা আবৰাং এ
য়য় চা য়য় য়য় চা য়য়
মাইথিংতে থামুন থাঃ লাও লে
উলাত ফুনগই মুং গৈ ৰা চাই
য়য় চা য়য় য়য় চা য়য়
য়য় চা লু.. য়য় চা লু
ঙাই থু মাম গ ম্মিত ম্মাই
য়য় চা য়য় য়য় চা
য়য়..
অসমীয়া
অনুবাদঃ
অ’ মোৰে চেনাই ঐ
হাঐ হাঐ হাঐ হাঐ
নাহৰৰ মাৰিডাল লোৱাচোন উঠাই
ৰাতি পুৱাল বুলি ডাক দিলে কুকুৰাই
হাঐ হাঐ…..
অকনো নোৰোৱাকৈ মই
খুন্দিব লাগিব ধান
হাঐ মোৰে চেনাইধন ঐ…
এনেদৰে
গীত আৰু নৃত্যৰ মাজেৰে জীৱনৰ বিবিধ কৰ্মৰাজীৰ কলাত্মকভাৱে মূৰ্তৰূপ দি চিংফোসকলে
মনৰ গভীৰতৰ কোণত সঞ্চিত হৈ থকা বিচিত্ৰ ভাৱাবেগৰ কোলাত নিজকে এৰি দি বিমল আনন্দ
উপভোগ কৰে।