স্পৰ্শৰেখাঃ এক অৰ্থতাত্ত্বিক বাক্ বিন্যাস
ড° ভাস্কৰজ্যোতি শৰ্মা
অৱতৰণিকাঃ
চুটিগল্পৰ অধ্যয়ন, মূল্যায়ন আৰু বিশ্লেষণৰ ক্ষেত্ৰত সাধাৰণতে পাঠক, মূল্যায়নকাৰী আৰু বিশ্লেষকৰ মনোভংগীয়েই আটাইতকৈ বেছি প্ৰভাৱশালী হোৱা দেখা যায়। ঠিক সেইদৰে সৃষ্টিশীল লিখনিৰ পঠন-স্পৃহাৰ অন্তৰালত মূলত এটা কাৰকেই কাম কৰে, সেইটো হ’ল পাঠকৰ মানসিকতা। সেই কাৰণেই একেটা গল্প অথবা একেখন উপন্যাস, তাতকৈও কিছু আগবাঢ়ি ক’ব পাৰি, একেগৰাকী লেখকৰ এনে ধৰণৰ লিখনি সকলো শ্ৰেণীৰ পাঠকে একে ধৰণে গ্ৰহণ নকৰে অথবা একে ধৰণে ভাল নাপায়। কিন্তু মূল্যায়নৰ ক্ষেত্ৰত পাঠক-সমালোচকসকল নিজস্ব মানসিকতাৰ মাজতে আবদ্ধ নাথাকি কিছু বহল আৰু গভীৰতাৰে পাঠ (text)ৰ মাজলৈ সোমায় যায়। তেতিয়া তেওঁৰ সন্মুখত কেৱল নিজস্ব মানসিকতা অথবা পাঠক সমাজৰ প্ৰতিক্ৰিয়াৰ উপৰিও সমাজৰ পটভূমিকো ইয়াৰ মজলৈ টানি অনা দেখা যায়। তাৰ উপৰিও ইয়াৰ মাজত সংযুক্ত হয় কিছুমান তাত্ত্বিক ধাৰণা। বহু ক্ষেত্ৰত তাত্ত্বিক ধাৰণাবোৰ পাঠৰ ওপৰত আৰোপ কৰা হয়। কেতিয়াবা আৰোপিত তাত্ত্বিক ধাৰণাই মূল পাঠৰ বিষয়বস্তুক দিক্ভ্ৰান্তও কৰা দেখা যায়। তেতিয়া এনে মূল্যায়নে সাধাৰণ পাঠকৰ ৰসাস্বাদতো বাধাৰ সৃষ্টি কৰে। গতিকে তত্ত্বৰ ওপৰত অত্যাধিক নিৰ্ভশীল মূল্যায়ন অথবা সমালোচনাই যথাৰ্থতা হেৰুওৱাৰ সম্ভাৱনাই অধিক হয়। সেয়েহে বিশেষকৈ সৃষ্টিশীল লিখনিৰ বিশ্লেষণৰ ক্ষেত্ৰত মূল পাঠটোৰ পৰাই আৰম্ভ কৰিলে বিশ্লেষণ অথবা মূল্যায়ন অধিক সাৰ্থক হোৱাৰ থল থাকে।
যিকোনো পাঠৰ কোনো মূল্যায়নেই সাৰ্বজনীন হ’ব নোৱাৰে। কাৰণ, বহু আলোচনাত পাঠৰ আঁৰত থকা অনুঘটকবোৰৰ প্ৰকৃতি নিৰ্ণয়ৰ ক্ষেত্ৰত মূল্যায়নকাৰীৰ মানসিকতা আৰু দৃষ্টিভংগীয়েই পুণৰ ক্ৰিয়া কৰিবলৈ লয় আৰু সেই দৃষ্টিভংগী অথবা মানসিকতাই পাঠৰ লগতে ইয়াৰ সৈতে সংপৃক্ত হৈ থকা বিভিন্ন (যেনে- সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ইত্যাদি) উপাদানবোৰো এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰলৈ লৈ আহে। এই আলোচনাত সেয়েহে তাত্ত্বিক দিশটোক সম্পূৰ্ণ আওকাণ নকৰিলেও, তত্ত্বৰ ওপৰত অধিক নিৰ্ভৰশীল যাতে হ’বলগীয়া নহয়, তাৰ বাবেই অৰ্থতাত্ত্বিক বাকবিন্যাস
(semantic discourse)ক ইয়াত তত্ত্ব হিচাপে নলৈ এটা নিজস্ব দৃষ্টিভংগী (personified aspect) হিচাপেহে গ্ৰহণ কৰা হৈছে। সেয়েহে ইয়াত প্ৰয়োগ কৰা ‘অৰ্থতাত্ত্বিক’ (semantic) পৰিভাষাটোও নিজস্বকৰণ
(personification)কৰি ‘অৰ্থ’ (meaning) হিচাপেহে প্ৰয়োগ কৰাৰ যত্ন কৰা হৈছে, অৰ্থাৎ সাধাৰণ অৰ্থতত্ত্ব (general semantics), য’ত ভাষা, ভাৱ আৰু কাৰ্য (language, thought and action) ৰ মাজৰ সম্পৰ্ক নিৰ্ণয়ৰ যত্ন কৰা হয়, তাৰ আধাৰতহে ইমৰান শ্বাহৰ স্পৰ্শৰেখা গল্পটো বিশ্লেষণ কৰিবলৈ যত্ন কৰা হৈছে। তাৰ উপৰিও, এই সাধাৰণ অৰ্থতত্ত্বৰ আৰ্হিকো অধিক নিৰ্দিষ্ট কৰিবলৈ বাকবিন্যাস
(discourse) ৰ আশ্ৰয় লোৱা হৈছে। কাৰণ বাকবিন্যাসত বিশ্লেষকৰ মানসিকতা আৰু দৃষ্টিভংগীক স্বীকাৰ কৰি লোৱা হয়। সেইদৰে যিকোনো সৃষ্টিশীল লিখনিৰে বাক্যবিন্যাস, শব্দৰ প্ৰয়োগ আৰু তাৰ মাজেৰে প্ৰকাশ কৰিব খোজা ভাৱৰ ক্ষেত্ৰত সেই লিখনিৰ ভাষাতাত্ত্বিক গঠনে মুখ্য ভূমিকা গ্ৰহণ কৰে। প্ৰাগ্ স্কুলৰ প্ৰধান প্ৰৱক্তা, ৰোমান য়াকবচনে তেওঁৰ “Closing Statement on Poetics and
Linguistics” শীৰ্ষক ৰচনাখনত কলাৰ মাজত বক্তব্যৰ গুৰুত্বৰ বিষয়ে ক’বলৈ গৈ তাৰ গঠনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। গতিকে গল্প, উপন্যাস অথবা কবিতাই হওঁক, ইয়াৰ মাজত নিহিত হৈ থকা ভাবৰাশিয়েই মূল কথা হ’লেও তাৰ গাঠনিক (ব্যাকৰণ নহয়) দিশটোৰ আলোচনাই অৰ্থবিন্যাসক তুলি নধৰিলে সেই আলোচনা নিৰস হোৱাটো স্বাভাৱিক। এই দিশলৈ লক্ষ্য ৰাখিয়েই আমাৰ আলোচনাক শৈলীবৈজ্ঞানিক আলোচনা নুবুলিলোঁ।
‘স্পৰ্শৰেখা’ ইমৰান শ্বাহৰ এটা উল্লেখযোগ্য গল্প। স্পৰ্শৰেখা-এটা যুগ্মক। ‘ৰেখা’ শব্দৰ এটা মূৰ্ত ধাৰণা আছে। ‘স্পৰ্শ’টোৰো মূৰ্ত উপলব্ধি আছে। কিন্তু সমাসবদ্ধ শব্দ হিচাপে নলৈ এটা শব্দ হিচাপে ব্যৱহাৰ কৰাত শব্দদুটাৰ অৰ্থৰ মূৰ্তৰূপ (concrete semantic form) পৰিৱৰ্তিত হৈ এটা বিমূৰ্ত ভাৱৰ প্ৰকাশ কৰিছে। অৰ্থাৎ বিষয়বস্তুৰ স্পৰ্শানুভূতিক চাক্ষুখ অনুভৱক্ষম কৰি তোলাৰ প্ৰয়াস গল্পটোৰ
নামকৰণতেই দেখা যায়। এই গল্পটোৰ অৰ্থতাত্ত্বিক বাক্বিন্যাস কৰিবলৈ এই আলোচনাত
Norris Hoffman ৰ পৰিস্থিতিগত অৰ্থতাত্ত্বিক বাকবিন্যাস আৰ্হি
(Situational Discourse Semantic Model) ৰ সহায় লোৱা হৈছে। এই আৰ্হিটো তলত দাঙি ধৰি তাৰ আধাৰত গল্পটো বিশ্লেষণ কৰাৰ যত্ন কৰা হ’ল। হ’ফমেনে এই আৰ্হিক প্ৰধানকৈ তিনিটা বিভাগত বিভক্ত কৰি সাহিত্যৰ বিশ্লেষণক আগবঢ়াই নিবলৈ যত্ন কৰিছে। সেইকেইটা হ’ল-
১) পৰিস্থিতিগত প্ৰসংগ (Situational Context)
২) বাকবিন্যাসগত প্ৰসংগ (Discourse Context)
৩) অৰ্থগত প্ৰসংগ (Semantic Context)
হ’ফমেনে ওপৰত উল্লেখ কৰা তিনিটা ভাগৰ প্ৰতিটোকে দহটাকৈ স্তৰত কৰিছে। এই আলোচনাত এই বিভাগ-উপবিভাগবোৰৰ বিতং আলোচনালৈ নগৈ কেৱল উল্লেখমাত্ৰ কৰি তাৰ আধাৰত গল্পটো বিশ্লেষণৰ যত্ন কৰা হ’ল আৰু অৰ্থগত প্ৰসংগক বেলেগে বিচাৰ নকৰি বাকবিন্যাসগত প্ৰসংগ প্ৰসংগৰ আধাৰতে দাঙি ধৰাৰ চেষ্টা কৰা হ’ল।
১) পৰিস্থিতিগত প্ৰসংগঃ
ক) প্ৰথম স্তৰ- বক্তব্যৰ মূল সূত্ৰঃ ‘স্পৰ্শৰেখা’ গল্পটোত বক্তব্যৰ মূলসূত্ৰ আৰম্ভ হৈছে ‘গেজেট বাইদেউৰ’ নিজস্ব কথনশৈলীৰ আঁট ধৰি। এই কথনশৈলীৰ আঁৰত থকা ‘বাইদেউ’ গৰাকীৰ চৰিত্ৰগত নাটকীয়তাই গল্পটোক একপ্ৰকাৰ বান্ধি ৰাখিছে।এই সূত্ৰই গল্পটোৰ প্ৰতিটো সংক্ৰমণ নিয়ন্ত্ৰণ কৰিছে আৰু প্ৰথমটো সংক্ৰমণ ঘটিছে স্কুলখনৰ ‘বাইদেউ’সকলৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ লগতে শিক্ষাৰ পৰিৱেশলৈকে। উদাহৰণ স্বৰূপে, গল্পকাৰে ‘স্কুলত একুৰিতকৈও বেছিহে বাইদেউ’ বুলি বিশেষ এগৰাকী বাইদেউৰ পৰা ‘বাইদেউ’সকললৈকে এটা নাটকীয় পৰিক্ৰমণ ঘটাইছে। ইয়াৰ পিছত পুণৰ ‘বিশেষ’লৈকে গল্পকাৰ আগবাঢ়িছে এনেদৰে-‘পৰচৰ্চাৰ নেত্ৰী স্কুলখনৰ’ গেজেট বাইদেউ। ‘বাইদেউ যেনি যায় আগে- পিছে বাতৰি-উৰাবাতৰিৰ টুকুৰা উৰি’ যোৱাৰ দৰে ঘটনাক্ৰমো তাৰ লগে লগে যেন ঘুৰি ফুৰিছে। মূল সূত্ৰৰ পৰা সম্পূৰ্ণ ফালৰি কাটি নহকৈ দ্বিতীয়টো পৰিক্ৰমণ ঘটিছে এনেদৰে-“প্ৰস্তাৱনাৰ কথাখিনি গেজেট বাইদেউৰ যহতে আটায়ে আগৰ পৰা জানেই। এতিয়া মাত্ৰ শীৰ্ষবিন্দুৰ কথা।” ইয়াৰ পাছত ঘটনাক্ৰমত প্ৰভাত আৰু সন্ধ্যাৰ কাহিনীৰে এটা কেঁকুৰি। কাহিনীৰ স্তৰে স্তৰে ‘গেজেট বাইদেউ’এ সূত্ৰ ধৰিছে- “গেজট বাইদেৱে নাটকৰ গোট এটা দৃশ্যই সহকৰ্মীসকলৰ আগত যেন প্ৰদৰ্শনেই কৰি দিলে।” ইয়াৰ পাছৰ পৰিক্ৰমণটোৱেই গল্পটোৰ ‘অৱমৰ্শ’- গেজট বাইদেউৰ মুখেৰে ওলোৱা এটা শব্দ।
খ) দ্বিতীয় স্তৰ- (ঘটনাৰ) বিকেন্দ্ৰীকৰণঃ গল্পটোত ঘটনাৰ বিকেন্দ্ৰীকৰণৰ সুবিধা আছিল প্ৰচুৰ। কিন্তু গল্পকাৰে হয়তো
ইছ্ছাকৃতভাবেই দুটা কেন্দ্ৰত গল্পটো বিভক্ত কৰিব নিবিচাৰিলে। সন্ধ্যা-প্ৰভাতৰ সম্পৰ্কৰ বিচ্ছিন্ন ধাৰাটোত
যোগ হোৱা ৰাজীৱে নতুন মোৰ এটা সংযোগ কৰাৰ যত্ন কৰা যেন লাগিলেও অতিকৈ চুটি সুঁতি এটা
হৈ মূল ঘটনাতে বিলীন হৈ গ’ল। গতিকে, গল্পটোৰ ঘটনাই কেন্দ্ৰ নেহেৰুৱাকৈয়ে সমাপ্তিৰ ফালে গতি কৰিলে।
গ) তৃতীয় স্তৰ- ভাৱবস্তুৰ আন্তঃসম্পৰ্কঃ “গধূলিয়ে পুৱাক খেদি ক’ত পাত্তা পাবহে ? সদায় কৈয়ে থাকোঁ, পাবা- চৰাইৰ ভাঙিবা পাখি- সময়ৰ কামেই হ’ল পৰিৱৰ্তন ঘটোৱা।” গল্পটোৰ আৰম্ভণিৰ দুটা বাক্য। বাক্যদুটাৰ মাজত অৰ্থগত সংগতি অথবা অৰ্থৰ আক্ষৰিক
সংক্ৰমণ দেখা নগ’লেও ইয়াতেই গল্পটোৰ সামগ্ৰিক ভাৱবস্তুৰ সাৰটো সোমাই আছে যেন লাগে। কাৰণ, ‘গধূলি’ আৰু ‘পুৱা’- কোন কাৰ পাছত, কোন কাৰ আগত ? এটা আহুকলীয়া প্ৰশ্ন। কিন্তু গল্পটোত ই প্ৰশ্নৰূপে
উত্থাপিত হোৱা যেন নালাগে। গল্পটোৰ দুটা প্ৰধান চৰিত্ৰ- সন্ধ্যা আৰু প্ৰভাত। প্ৰশ্ন হয়, সন্ধ্যাৰ সলনি নিশা
ন’হল কিয় ? সন্ধ্যৰ অৱস্থিতিয়েই
ইয়াৰ উত্তৰ। গল্পকাৰৰ ই চাতুৰ্য বুলিবও পাৰি, সুসংগত চিন্তাৰ ফলশ্ৰুতিও বুলিব পাৰি। আকৌ কৈছোঁ- “গধুলিয়ে পুৱাক খেদি
ক’ত পাত্তা পাবহে ?” সন্ধ্যাই প্ৰভাতক খেদি
পাত্তা পালে জানো ! নাপালে।গল্পটোত প্ৰধান ভাৱবস্তু
সন্ধ্যা আৰু প্ৰভাতৰ সম্পৰ্ক, ইয়াৰ সৈতে পৰিস্থিতি অথবা সমাজৰ দুটামান সমসাময়ীক পৰিস্থিতি
পাঠকৰ মনৰ ভিতৰলৈ ফৰ্মুতিয়াইছে। গল্পটোৰ গেজেট বাইদেউ অংশকালীন কথক অথবা বৰ্ণনাকাৰী। তেওঁৰ বক্তব্যৰ বাহিৰেও
গল্পকাৰৰ নিজস্ব অনুভৱ কিছুমান প্ৰকাশ কৰিছে যদিও সি প্ৰসংগ সংগতিহে ৰক্ষা কৰিছে। পৰৱৰ্তী পৰ্যায়ত এইবোৰৰ
আলোচনা কৰা হ’ব।
ঘ) চতুৰ্থ স্তৰ- প্ৰতীকী ব্যঞ্জনাঃ গল্পটো এটা ব্যঞ্জনাধৰ্মী প্ৰতীকেৰে আৰম্ভ হৈ শেষ হৈছে এটা
জটিল ব্যঞ্জনাৰে- “ৰাজীৱে সন্ধ্যাৰ জীৱন মধুৰ সন্মানেৰে পূৰ্ণ কৰি তুলিলে।” সাধাৰণ পাঠকীয় চিন্তাত ই প্ৰশ্নৰ খলকনি তোলে- কি বা কেনেকুৱা সন্মান ? ৰাজীৱৰ প্ৰত্যাখ্যান ? ৰাজীৱৰ অকাল মৃত্যু ? ৰাজীৱৰ দুৰ্ঘটনাজনিত
মৃত্যুত গোপনে কন্দা সন্ধাৰ বাবে ই মধুৰ হ’ব পাৰেনে ? ৰাজীৱে সন্ধ্যাক পুতৌ নকৰিলে। ইয়েই হয়তো সন্ধ্যাৰ
বাবে হ’ব পাৰে সন্মান। কিন্তু মধুৰতাৰ প্ৰতীকী ব্যঞ্জনা বুজাত অলপ অসুবিধা পাইছোঁ। ‘প্ৰভাত’-এই চাৰিত্ৰিক নামটোৰ দুটা পৰস্পৰ বিৰোধী প্ৰতীকী ব্যঞ্জনা পোৱা
যায়- ‘প্ৰভাত’ সাধাৰণ প্ৰতীকী অৰ্থ
হ’ব পাৰে নতুন জীৱনৰ পাতনি/শুভাৰম্ভ ইত্যাদি; কিন্তু ইয়াত গল্পকাৰে
ইয়াৰ পাঠ-বস্তুগত ব্যঞ্জিত অৰ্থ প্ৰকাৰন্তৰে প্ৰকাশ কৰিছে-“গধূলিয়ে পুৱাক খেদি ক’ত পাত্তা পাবহে”-বাক্যটোৰ মাজেৰে।
ঙ) পঞ্চম স্তৰ- যুক্তি আৰু বিচাৰঃ যিকোনো বিষয়ৰে বিচাৰ বিশ্লেষণ আৰু যুক্তি পৰস্পৰ নিৰ্ভৰশীল। গল্পটোৰ মাজত প্ৰকাশ
পোৱা অথবা বিষয়ৰ ইচ্ছাকৃত যুক্তিৰ অৱতাৰনা প্ৰায়খিনিয়েই পোন আৰু স্পষ্ট। গল্পটোৰ প্ৰায় আৰম্ভণিৰ
পৰাই যুক্তিৰ সহায়তেই কিছুমান দিশ গল্পকাৰে স্পষ্ট কৰি দিছে। এই যুক্তি আৰু বিচাৰক
বাক্বিন্যাসগত দৃষ্টিকোণৰ পৰাই কেইটামান ভাগত ভাগ কৰিব পৰা যায়-
প্ৰথম ভাগ-
·
“---ৰসাল মানে কেৱল হাঁহি উঠা কথা নহ’বও পাৰে।---কান্দোনতো ৰস থাকে।”
·
“স্কুলৰ বাইদেউৰ চাকৰীত
সোমোৱা সাধাৰণতে ত্ৰিছ বছৰমান বয়সলৈকে এটা প্ৰতীক্ষা থাকে।”
·
“পৰচৰ্চা ভাল হোৱাত একো বাধা নাই। কিন্তু অৱস্থাই শব্দটোক
নিন্দা অৰ্থত বন্দী কৰি পোলায়।”
·
“মৰম ভালপোৱা, যুক্তি, বুদ্ধি, চুক্তি। কি দৰকাৰ সেইখন পৃথিৱীৰ পৃথিৱী হ’ব পাৰে। সংসাৰ নহয়। সেইখন এখন উকা কাগজ। তাত সকলো ছবি ভেনিচিং
চিয়াঁহিৰে অঁকা হয়।”
গল্পকাৰৰ মনত উদয় হোৱা কিছুমান যুক্তি
অথবা বিচাৰে কেতিয়াবা সাৰ্বজনীনতা লাভ কৰে আৰু কেতিয়াবা এইবোৰৰ নৈৰ্ব্যক্তিক প্ৰকাশ
ঘটে। এই আলোচনাৰ প্ৰথম ভাগত উল্লেখ কৰা তেনে কেইটামান নৈৰ্ব্যক্তিক উক্তি (Impersonal connotation) ভিতৰত আমি গল্পকাৰৰ চিন্তা আৰু বিচাৰৰ গভীৰতাৰ উমান পাওঁ। প্ৰথম বাক্যটোৰ মাজত
নিজস্ব বিচাৰৰ এটা সাধাৰণীকৰণৰ প্ৰচেষ্টা দেখা যায়। দ্বিতীয় বাক্যটোৰ মাজত
গল্পকাৰৰ পৰ্যৱেক্ষণৰ পৰিচয় পোৱা যায়। মন্তব্যটোৰ মাজত এটা সাধাৰণ সত্য প্ৰতিস্থাৰ এক সচেষ্ট
প্ৰয়াস দেখা যায়। তৃতীয় বাক্যটোত গল্পকাৰৰ সচেতন অন্তৰ্দৃষ্টিৰ পৰিচয় পোৱা যায়
আৰু শেষৰ বাক্যটোত নিজস্ব বিচাৰ আৰু যুক্তি আঁৰত আবেগ আৰু উষ্মাৰ নিয়ন্ত্ৰন আছে।
দ্বিতীয় ভাগ-
·
“চাপি-কুচি আহিল দহ-বাৰটা উৎকণ্ঠ মন। চঞ্চল চকু। নিৰ্লজ্জ অথবা অন্যায়
প্ৰত্যাশা। এখন বিশেষ ধৰণৰ বন্দী সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্য।”
·
“কেনেকৈ মানে আমাৰ নাৰীৰ সহজাত শক্তিৰে। কেইটা মতাই আমাক চুৰকৈ
চায় আমি নাজানো জানো। কেইটা মতাৰ বিয়া পতাৰ কোনো মতলব নাই নাজানো জানো।”
·
“কিন্তু টকাৰে মৰম কিনিব পাৰি জানো মা ?”
দ্বিতীয় ভাগত উল্লেখ কৰা উক্তিবোৰৰ
মাজত গল্পকাৰৰ যুক্তি আৰু বিচাৰ প্ৰকাশ পালেও, সেইবোৰ সম্পূৰ্ণ নৈৰ্ব্যক্তিক নহয়। গল্পকাৰে একো একোটা
পৰিস্থিতিৰ আলমত একোটা সূত্ৰ প্ৰকাশৰ যত্ন কৰিছে। এই ভাগৰ প্ৰথম বাক্যকেইটাৰ
মাজত এখন ‘বন্দী সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্য’ দুটামান উদাহৰণেৰে দাঙি ধৰিছে। বন্দী সমাজ বোলোতে কেইগৰাকীমান শিক্ষয়িত্ৰীৰ এটা গোটক বুজোৱা হৈছে। এই গোটটোৰ মাজত শিক্ষকৰ শিক্ষন, অধ্যয়ন আৰু অধ্যাপনাৰ যি গুৰুদায়িত্ব বহন কৰিবলগীয়া আছিল, প্ৰকৃতাৰ্থত সেইটো দেখা পোৱা নগ’ল। আনৰ ব্যক্তিগত মনোকষ্টক এক আসুৰিক আনন্দৰ খোৰাক হিচাপে গ্ৰহণ কৰাৰ বাবে মানগল্পকাৰে স্পষ্টভাৱে ইয়াক ‘নিৰ্লজ্জ’ আখ্যা দিছে। দ্বিতীয় বাক্যত নাৰীৰ দৃষ্টিত পুৰুষৰ চৰিত্ৰক অৱলোকন কৰি নাৰীৰ এক সহজাত অনুভূতিৰ কথা ব্যক্ত কৰিছে। শেষৰ বাক্যটো যদিও প্ৰশ্নসূচক, তথাপি ৰাজীৱে সন্ধ্যাৰ মাকক কোৱাৰ চলেৰে এটা সত্য প্ৰকাশ কৰিছে।
তৃতীয়া ভাগ-
·
“আহিবলগীয়া হ’ল।তোমাৰ খবৰ নাপাও। বাধ্য হ’লো, দেৰি হোৱা নাই জানো।”
·
“ল’ৰাৰ কথা যেন-তেন। ছোৱালীৰ বয়সৰ হিচাপৰ।”
·
“কি কাণ্ড! মই কেতিয়া ক’লো তোমাক মই বিয়া কৰাম বুলি ?”
·
“ক’ব লাগে নেকি? আমাৰ ভালপোৱা।”
·
“বিয়াতো এক জৰুৰী চুক্তি। এক আচনি….. ইয়াত অংক আছে। কবিতা নাই।”
·
“যদি পাৰা ইউজ ইয়ৰ চাৰ্ম। বিয়াৰ বাবে ইয়াতহে অংক। তাত নাই……বেছি ওখলৈ হাত মেলিলে
ধৰিবলৈ টান। কুঁজা হ’লেও পাছত অসুবিধা হয়। সমানেই ভাল।”
·
“……আমাৰ পৃথিৱীত যুক্তিও আছে, বুদ্ধিও আছে। আৱেগ নাই নহয়। অভিশাপ পুৰাণৰ দিনৰ
আৱেগহে।”
·
“সন্ধ্যাক ভাল পোৱাটো সঁচা। এতিয়াও। কিন্তু আমাৰ বিয়া হ’ব নোৱাৰে যে।”
·
“প্ৰভাতে টকাৰ কাৰণে সন্ধ্যাক বিয়া নকৰালে। অথচ সন্ধ্যাৰ ভালপোৱাৰ
গৰাকী সি আছিল। এতিয়া মোৰ বহুত টকা…….মই সহজ হ’ব নোৱাৰিম। সন্ধ্যায়ো নোৱাৰিব।…..মানুহে ভাবিব টকাৰ জোৰত মই---- মই সন্ধ্যাৰ অপমান হ’বলৈ দিব নোৱাৰো।”
ওপৰত উল্লেখ কৰা উক্তিবোৰৰ প্ৰথম
ছয়টাই প্ৰভাত আৰু সন্ধ্যাৰ কথোপকথনৰ মাজৰ পৰা তুলি অনা হৈছে। ইয়াত সন্ধ্যাৰ এটা উক্তিও
উল্লেখ কৰা নাই। গল্পটোৰ এই অংশত সন্ধ্যাৰ কেইটামান দুৰ্বল প্ৰশ্ন মাথোন পোৱা
যায়। তাৰ বিপৰীতে প্ৰভাতে এগৰাকী নাৰীৰ সৈতে হোৱা বিবাহৰ সম্পৰ্কক কেৱল বৈষয়িক লাভালাভৰ
লগত জড়িত কিছুমান অংকৰ মাজতেই সীমাবদ্ধ কৰি ৰাখি শ্বাশ্বত প্ৰেমৰ সম্পৰ্কক একপ্ৰকাৰ
নসাৎ কৰি দিছে। তাৰ বিপৰীতে সন্ধ্যাক অতি দুৰ্বল দেখাইছে।পৰৱৰ্তী তিনিটা বাক্য ৰাজীৱৰ। ৰাজীৱৰ মানসিকতা প্ৰভাতৰ
থিক বিপৰীত মেৰুত অৱস্থান কৰিছে। টকাৰ বিপৰীতে তেওঁ সন্ধ্যাৰ প্ৰকৃত প্ৰেমক সন্মান
যাচি সন্ধ্যাক প্ৰত্যাখ্যান কৰিছে। কিন্তু সাধাৰণ পাঠকৰ দৃষ্টিত ইয়াতো সন্ধ্যাক লৈ একধৰণৰ
খেলাহে কৰা হৈছে এনে লাগে।
চ) ষষ্ঠ স্তৰ- (লিখকৰ) ব্যক্তিগত অনুভূতি অথবা বক্তব্যঃ অসমৰ বৰ্তমান চৰকাৰী স্কুলসমূহত শিক্ষাৰ নামত যি ভেকো-ভাওনা চলি আছে তাৰ প্ৰতি গল্পটোৰ
মাজে মাজে কেতিয়াবা স্পষ্টভাৱে আৰু কেতিয়াবা সুতীব্ৰ কটাক্ষৰ মাজেৰে লিখকে নিজৰ অনুভূতি
প্ৰকাশ কৰিছে। উদাহৰণ স্বৰূপে গল্পকাৰে এঠাইত কৈছে- “পঢ়া-শুনা, সময় কটোৱা, বিয়াটো লক্ষ্য হিচাপে এতিয়াও ধৰি থকা আমাৰ অভ্যস। তাৰপাছতো ৰৈ যোৱা সকলক
লৈয়ে স্কুল।…. এওলোকে কিমান কি জানে কোনেও জনাৰ কথা নহয় যদিও বহুত জনা মানুহ
বুলি সকলোৰে এটা ধাৰণা হৈ যায়।” সেইদৰে, “নানা ৰং-ঢং-চঙৰ আশ্ৰয় লয়। শেষতীয়া চলনৰ কাপোৰ প্ৰসাধন অলংকাৰ—এইবোৰ লৈ ইমানেই ব্যস্ত হৈ পৰে যে
জীৱনৰ আন সকলো কথা সৰু-সৰু যেন লগা হৈ যায়। আনকি মূল কামটোও। শিক্ষাৰ ক্ষেত্ৰত বিৰুপ
প্ৰভাৱো পৰে।” গল্পটোত উল্লেখ কৰা এনেবোৰ মন্তব্যত গল্পকাৰৰ ব্যক্তিগত অনুভূতি
প্ৰকাশ পাইছে। ই হয়তো গল্পকাৰৰ নিজস্ব অভিজ্ঞতাৰ আধাৰত প্ৰতিস্থিত।
ছ) সপ্তম স্তৰ- বিক্ষিপ্ত বৰ্ণনাৰ মাজেৰে ভাৱৰ বিকেন্দ্ৰিকৰণঃ গল্পটোত ঘটনাৰ বিক্ষিপ্ততা দেখা
নাযায়। ‘গেজেট বাইদেউৰ’ মুখেৰে সন্ধ্যা-প্ৰভাতৰ প্ৰেমৰ সম্পৰ্কতকৈ সেই প্ৰেমৰ অন্তৰালত থকা বৰ্তমান
যুগৰ এগৰাকী পুৰুষৰ বৈষয়িক চিন্তাৰে ভৰা এটা মানসিকতাক প্ৰকাশ কৰিবলৈ যত্ন কৰা দেখা
যায়। ইয়াত সংঘাটতকৈও মানৱীয় প্ৰমূল্যৰ পৰিৱৰ্তনকহে অধিক স্পষ্ট কৰা হৈছে। গল্পটোৰ বৰ্ণনা বিক্ষিপ্ত নহয়। ভাৱ আৰু ভাষাৰ মাজত
সন্তুলন ৰক্ষা পৰিছে।
জ) অষ্টম স্তৰ-ঘটনা/বিষয়বস্তুৰ আন্তঃসম্পৰ্কঃ সাহিত্যৰ মাজত প্ৰকাশ পোৱা বিষয়বস্তুৰ আন্তঃসম্পৰ্ক বুলিলে ইয়াৰ মাজত মূখ্যৰূপেই
হওঁক অথবা গৌণৰূপেই হওঁক একাধিক বিষয়বস্তু উপস্থাপনৰ প্ৰয়োজন। গল্পটোৰ মাজত বিষয়বস্তুৰ
বহুমূখীতা পোৱা নাযায়। বিস্তৃতিৰ ফালৰ পৰাও ই এটা অতি চুটি গল্প। কিন্তু ঘটনা বুলিবলৈ
আমি ইয়াৰ মাজত দুটা ঘটনা দেখিবলৈ পাওঁ। এটা সন্ধ্যা-প্ৰভাতৰ অসম্পূৰ্ণ প্ৰেমৰ সূত্ৰ আৰু আনটো ৰাজীৱ-সন্ধ্যাৰ মাজৰ সম্পৰ্ক। পৰিণতিৰ ফালৰ পৰা বিচাৰ
কৰিলে, দেখাত ই অস্পষ্ট যেন লাগিলেও, ই প্ৰকৃততে অসম্পূৰ্ণ নহয়। দুইটাৰে পৰিণতি ঘটিছে
পুৰুষ চৰিত্ৰ দুটাৰ ফালৰ পৰা। ইয়াত ঘটনা দুটাৰ যোগসূত্ৰও ‘সন্ধ্যা’ নামৰ চৰিত্ৰটো।
ঝ) নৱম স্তৰ- প্ৰসংগ বিহীন প্ৰতিকী ব্যঞ্জনাঃ বহু সময়ত গল্পত
প্ৰসংগবিহীনভাৱে কিছুমান প্ৰতীকৰ ব্যৱহাৰ কৰা দেখা যায়। অথবা কেতিয়াবা কেতিয়াবা
এনেকুৱা অৱস্থাও হয়, লিখকে হয়তো একোটা প্ৰতীকেৰে যি ধৰণৰ ভাৱ-অনুভূতি প্ৰকাশৰ যত্ন কৰিছিল, প্ৰয়োগৰ অশুদ্ধতাৰ বাবেই
হওঁক, অথবা অত্যাধিক ব্যক্তিগতকৰণৰ (personification)
ফলতেই হওঁক পাঠকৰ মনলৈ সি পৰ্যবসিত নহয়। এধৰণৰ প্ৰতীকৰ ব্যৱহাৰে
সাহিত্যকৰ্মক শিথিল কৰে আৰু পাঠকৰ ৰসভংগ কৰে। স্পৰ্শৰেখা গল্পটোত
এনে শিথিলতা একেবাৰে পোৱা নাযায়।
ঞ) দশম স্তৰ-(চৰিত্ৰ) চিত্ৰায়নত ব্যৱহৃত ভাষাঃ ইমৰান শ্বাহৰ গল্পৰ ভাষা একেআষাৰে দৃঢ়পিনদ্ধ
বুলিব পাৰি। চৰিত্ৰৰ মানসিকতা অনুসৰি ভাষাৰ, প্ৰকাশভংগীৰ পৰিৱৰ্তনৰ দিশটো বহু গল্পকাৰৰ মাজত দেখা
নাযায়। চৰিতৰ মুখত দিয়া প্ৰত্যক্ষ উক্তিৰ মাজত চৰিত্ৰ একোটাৰ মানসিকতাৰ পৰিচয় পোৱা যায়। ইয়াৰ উপৰিও গল্পকাৰে
বিভিন্ন বৰ্ণনাৰ মাজেৰে চৰিত্ৰ পৰিচয় দিয়াৰ যত্ন কৰে। স্পৰ্শৰেখা গল্পটোত
চৰিত্ৰ চিত্ৰায়নত প্ৰত্যক্ষ উক্তিৰ লগকে গল্পকাৰে দিয়া বৰ্ণনাৰ মাজেৰেও চৰিত্ৰসমূহৰ
পৰিচয় পোৱা যায়। উদাহৰণ স্বৰূপে, পাঠকে প্ৰথম চিনাকি হয় ‘গেজেট বাইদেউ’ৰ সৈতে। ইয়াত গজেট বাইদেউৰ মুখৰ ভাষাক চৰিত্ৰটোৰ বৰ্ণনাৰ ভাষাই অনুসৰণ কৰিছে।
২) বাক্বিন্যাসগত প্ৰসংগঃ
এই প্ৰসংগত পৰিস্থিতিগত প্ৰসংগৰ
নিছিনা দহটা স্তৰৰ কথা উল্লখ কৰা হৈছে যদিও সকলোবোৰ স্তৰেই একেটা গল্পত নাথাকিবও পাৰে। কিন্তু বাক্বিন্যাসৰ পদ্ধতিৰ পৰীক্ষমূলক প্ৰয়োগৰ বাবে চমুকৈ হ’লেও সেই স্তৰসমূহৰ দুই এটা কথা এই আলোচনাত উনুকিওৱাৰ যত্ন কৰা হৈছে।
ক) প্ৰথম স্তৰ-স্বতন্ত্ৰ / পৃথক ঘটনাক্ৰমঃ ওপৰত
প্ৰসংগক্ৰমে উল্লেখ কৰি অহা হৈছেই যে, গল্পটোৰ মাজৰ
ঘটনাক্ৰমৰ বৈচিত্ৰ পোৱা নাযায়। স্বতন্ত্ৰ
ঘটনা বুলিবলৈও ইয়াত বিশেষ এটা কেন্দ্ৰীয় ঘটনা নাই। মূল
বিষয় বুলিলে সন্ধ্যা-প্ৰভাতৰ সম্পৰ্কৰ বিষয়টো টানি আনিব পাৰিলেও, ই কেইটামান কথোপকথনতেই সীমাবদ্ধ আৰু বাকীখিনিত গল্পকাৰৰ বৰ্ণনা
পোৱা যায়।
খ) দ্বিতীয় স্তৰ- (শিথিল বাক্যবিন্যাস, য’ত বাক্যসমূহক বিভিন্ন ৰূপত উপস্থাপন কৰিব পৰা যায়): স্পৰ্শৰেখা
গল্পটোৰ মাজত বাক্যবিন্যাসৰ শিথিলতা পোৱা নাযায়। কিন্তু
গল্পটোৰ মাজত সাধাৰণ পাঠকৰ বাবে কিছু চিন্তা কৰিবলগীয়া বাক্য পোৱা যায়। উদাহৰণ স্বৰূপে ‘গেজেট বাইদেউ’ৰ এষাৰ বাক্য- “বিদ্যালয়ত ফুল, মাখি-মৌৰ কি কাম ?” এই বাক্যশাৰী
প্ৰসংগৰ সৈতে সংগতি ৰাখি বুজিবলৈ যত্ন কৰিলেও যথেষ্ট চিন্তাৰ খোৰাক যোগায়। ইয়াত ‘ফুল’ ‘মাখি’ আৰু ‘মৌ’ এই কেইটা প্ৰতীকে সাধাৰণ পাঠকক অলপ আহুকালত পেলায়। ইয়াৰ
অৰ্থবিন্যাস কেইবাধৰণেও কৰিব পৰা যায়, যেনে- এই তিনিওটা বস্তুৱেই শিক্ষা-বিষয়ৰ
বাহিৰৰ বস্তু, গতিকে ‘ইয়াত’ মানে স্কুলত এনে ধৰণৰ অপ্ৰাসংগিক বিষয়ৰ অৱতাৰণা ‘গেজেট বাইদেৱে’ যেন অকনো ভাল
পোৱা নাই, এনে ধৰণৰ কপটতা এটা স্পষ্ট হৈ পৰিছে। আনহাতে ‘ফুল’ সৌন্দৰ্যৰ প্ৰতীক, ‘মাখি’ আমাৰ চিনাকি
লেতেৰা ঠাইত বিচৰণ কৰা এক প্ৰাণী, সেইদৰে ‘মৌ’ এ এক মিঠা আস্বদৰ
অনুভূতিৰ সৃষ্টি কৰে। এই তিনিওটাই ‘গেজেট
বাইদেউ’এ প্ৰকাশ কৰিবলগীয়া কথাঘিনিৰ মাজত আছে বুলি বাইদেউৰ
বিশ্বাস। এনে ধৰণৰ দুই এটা বাক্য গল্পটোৰ মাজত পোৱা যায়।
গ) তৃতীয় স্তৰ-বৰ্ণনাত্মক মনোভংগীঃ
গল্পটোৰ বৰ্ণনাৰ মনোভংগী
একমূখী হ’লেই ইয়াৰ মাজত বৈচিত্ৰ আছে। এই বৈচিত্ৰ
প্ৰকাশ পাইছে সমসাময়ীক স্কুল কিছুমানত এনেয়ে থকাতকৈ কিবা এটা কৰি থকা কিছুমান শিক্ষয়িত্ৰীৰ
মানসিকতা, ধনৰ তুলাচনীত প্ৰেমৰ মূল্যৰ জোখমাপ, মূল্যবোধ আৰু ব্যৱহাৰিক বিচাৰৰ তুলনা ইত্যাদি। সন্ধ্যাৰ
মাকৰ প্ৰস্তাৱত ৰাজীৱৰ উত্তৰে এক বিশেষ মূল্যবোধক প্ৰতিনিধিত্ব কৰিলেও সাধাৰণ পাঠকৰ
বিচাৰত মূল্যবোধে মানৱীয় বিচাৰক পদদলিত কৰিছে যেন লাগে। অৱশ্যে
ই আমাৰ সমপূৰ্ণ ব্যক্তিগত বাক্বিন্যাস (discourse)।
ঘ) চতুৰ্থ স্তৰ-ঘটনা/বিষয়-ক্ৰমঃ ওপৰত
উল্লেখ কৰি অহা হৈছে যে গল্পটোত এটা নিটোল কাহিনী পোৱা নাযায়, সেইদৰে বিশেষ ঘটনাৰ উপস্থাপনো গল্পকাৰৰ উদ্দেশ্য আছিল যেন নালাগে। কিন্তু
ইয়াত কেইটামান বিষয় (এই প্ৰসংগৰে তৃতীয় স্তৰত ) বৰ আকৰ্শনীয়কৈ ক্ৰমানুসাৰে উপস্থাপন কৰা হৈছে।
ঙ) পঞ্চম স্তৰ-প্ৰতিক্ৰিয়াঃ ইয়াত ‘প্ৰতিক্ৰিয়া’ শব্দটোৱে কেইবাটাও অৰ্থ বহন কৰিছে, যেনে-বিষয়বস্তু সম্পৰ্কে লিখকৰ প্ৰতিক্ৰিয়া, চৰিত্ৰৰ প্ৰতি চৰিত্ৰৰ প্ৰতিক্ৰিয়া আৰু পাঠকৰ প্ৰতিক্ৰিয়া। এই তিনিওটাৰ
মাজত পাঠকৰ প্ৰতিক্ৰিয়াই বাকী দুটা দিশো সামৰি লয়। গল্পটোত
যিটো বিষয় গল্পকাৰে বাছি লৈছে আৰু যি ধৰণে ইয়াৰ বৰ্ণনা আগবঢ়াই লৈ গৈছে, এই দুয়োটাৰে মধ্যৱৰ্তী অৱস্থানত পাঠকৰ স্থান। কাৰণ
স্কুল এখনৰ যি পৰিৱেশ অংকন কৰা হৈছে সি অতি গভীৰ আৰু চিন্তনীয়। ইয়াৰ
বৰ্ণনাৰ মাজেৰে লিখকৰ মনৰ মাজত উক্মুকাই থকা ক্ষোভৰ
উমান পোৱা যায়। ইয়াকে আমি লেখকৰ প্ৰতিক্ৰিয়া বুলিব পাৰোঁ। ‘গেজেট বাইদেউ’ৰ বক্তব্যৰ মাজত
চৰিত্ৰটোৰ মানসিক প্ৰতিক্ৰিয়া স্পষ্ট। তেওঁ যিখিনি
কথা সহকৰ্মীসকলৰ আগত ব্যক্ত কৰিছে, সেই বক্তব্যখিনি
যে মানৱীয় দৃষ্টিকোণৰ পৰা একপ্ৰকাৰ অন্যায়, সেই
কথা প্ৰকাৰন্তৰে চৰিত্ৰটোৰ মুখেৰেই প্ৰকাশ কৰিছে যদিও তাতো যেন বাইদেৱে একধৰণৰ ধংসকামী
আত্মপ্ৰসাদ (sadistic pleasure) লাভ কৰিছে তাৰ
উমান পোৱা যায়। সেইদৰে সন্ধ্যাক প্ৰভাতে ‘গুড
লাক’ তাইৰ প্ৰকৃত প্ৰেমক ভৰিৰে ঠেলি দিয়াৰ
পাছত সন্ধ্যাৰ একো প্ৰতিক্ৰিয়াৰ উমান পোৱা নাযায়। গল্পটোৰ
মূল বিষয়-কেন্দ্ৰ সন্ধ্যা হ’লেও
ইয়াত সন্ধ্যা এটা মৌন চৰিত্ৰ।
চ) ষষ্ঠ স্তৰ-সংক্ষিপ্তকৰণঃ ভাৱ, ভাষা আৰু বিষয়বস্তুৰ
সংক্ষিপ্তকৰণ স্পৰ্শৰেখা গল্পটোৰ এটা অন্যতম বৈশিষ্ট বুলিব পাৰি। গল্পকাৰে
যেন বহু কথা ক’ব খুজিও ৰৈ গৈছে। বাক্যৰ
সংক্ষিপ্তকৰণো গল্পটোৰ আন এটা উল্লখযোগ্য বৈশিষ্ট্য। এটা
প্ৰসংগৰ পৰা অন্য এটা প্ৰসংগলৈ পৰিক্ৰমণ কৰোঁতেও গল্পকাৰে সংক্ষিপ্ততাৰ আশ্ৰয় লৈছে। উদাহৰণ
স্বৰূপে তলৰ প্ৰসংগবোৰৰ সন্ধিস্থললৈ মন কৰিলেই কথাটো স্পষ্ট হৈ পৰে-
প্ৰথম প্ৰসংগঃ
সকলোৱে জানেই সন্ধ্যা-প্ৰভাত কলেজৰ দিনত বৰ বিখ্যাত আৰু সাংঘাটিক
ৰোমাণ্টিক যুটি…….. বালিচৰত গান বহিছিল। গানৰ
দৰে কথা পাতিছিল।
পৰৱৰ্তী প্ৰসংগ/প্ৰসংগৰ সংক্ৰমণঃ কলেজৰ পৰা ওলাই সন্ধ্যা বাইদেউ হ’ল।
দ্বিতীয় প্ৰসংগঃ
গেজেট বাইদেৱে নাটকৰ গোট এটা দৃশ্যই সহকৰ্মীসকলৰ আগত যেন প্ৰদৰ্শনেই কৰি দিলে।
সংক্ৰমিত প্ৰসংগঃ – অ’ সন্ধ্যা। বহা। কিবা
কামত আহিলা ? (এইটো প্ৰভাতে সন্ধ্যাক কৰা প্ৰশ্ন)
এইদৰে গল্পকাৰে
প্ৰায় প্ৰতিটো সংক্ৰমণতে ভালেখিনি কথা, ভালেঘিনি ভাৱনা
পাঠকলৈ এৰি দিছে।
বহু ক্ষেত্ৰত
বাক্যবোৰ অস্বাভাৱিক চুটি। উদাহৰণ স্বৰূপে
তলৰ বাক্যবোৰলৈ মন কৰিব পাৰি-
“বিয়া-বাৰু হয়। চাকৰী এৰে।”
“থ-থ হেৰ। লাগিল এইজাকৰ
ৰাম খঁক। লাজ-বিজৰো কথা। দুখ-বেজাৰৰো কথা। নালাগে শুনিব।” ইত্যাদি। এনে ধৰণৰ চুটি
বাক্যেৰে গল্পটোৰ বিস্তৃতিক সংক্ষিপ্ত কৰাৰ বিপৰীতে ভাৱবস্তুৰ পৰিক্ৰমণকহে ক্ষীপ্ৰতা
প্ৰদান কৰিছে। ভাৱৰ অথবা বিষয়ৰ চলনত গল্পকাৰে পাঠকক এক মূহুৰ্তৰ
বাবেও থমকি ৰ’বলৈ দিয়া নাই।
ছ) সপ্তম স্তৰ-ভাৱবস্তুৰ পূ্ৰ্ণতা প্ৰদানৰ প্ৰচেষ্টাঃ
বিষয়ৰ
পৰা বিষয়ান্তৰলৈ পৰিক্ৰমণ তীব্ৰতৰ হোৱাৰ বাবে গল্পটোত ভাৱবস্তুৰ পূৰ্ণতা প্ৰদানৰ প্ৰচেষ্টা
একেবাৰে দেখা নাযায়। অতি চতুৰতাৰে গল্পকাৰে তাক পাঠকৰ মনলৈ
ঠেলি দিছে। গল্পটো পঢ়ি সেয়েহে যিকোনো পাঠকে নিজৰ মনৰ মাজত একাধিক
গল্প সৃষ্টি কৰাৰ সমল গোটাব পৰাকৈ সকলো ফালৰ পৰাই গল্পটো সংক্ষিপ্ত।
জ) অষ্টম স্তৰ-যুগ্মক (শব্দ,বাক্য, বিষয়): আলোচনাটোৰ প্ৰায় আৰম্ভণিতেই উল্লেখ কৰি অহা হৈছে যে, ‘স্পৰ্শৰেখা’ নামটোৱেই এটা
যুগ্মক। কিন্তু বাক্য আৰু বিষয়ৰ ক্ষেত্ৰত যুগ্মকৰ প্ৰয়োগ গল্পকাৰে
সততে এৰাই চলা অনুভৱ হয়। কাৰণ, অনুযতিৰে
সংযুক্ত কৰিব পৰা বহু বাক্যক গল্পকাৰে নিজস্ব শৈলীৰে একো একোটা গোট বাক্য সৃষ্টি কৰি
প্ৰতিটো বাক্যৰ অৰ্থকে একক হিচাপে প্ৰতিফলিত কৰিছে।
ঞ) নবম স্তৰ-সমান্তৰাল অথচ জটিল প্ৰকাশভংগীঃ স্পৰ্শৰেখা
গল্পটোৰ বিষয়বস্তুৰ জটিলতাতকৈও প্ৰকাশভংগীৰ জটিলতা অধিক স্পষ্ট । ইয়াৰ
প্ৰধান কাৰণ হ’ল অতিসয় সংক্ষিপ্ততা আৰু বাক্য প্ৰয়োগৰ কৌশল। ইয়াত
সন্ধ্যাৰ চৰিত্ৰচিত্ৰন কৌশলেও গল্পটোক কিছু পৰিমানে জটিল কৰি তুলিছে। গল্পটোৰ
মাজত সন্ধ্যা এটা মৌন চৰিত্ৰ হোৱাৰ বাবে, গল্পকাৰে দিয়া
সামন্য বৰ্ণনাৰ বাহিৰে চৰিত্ৰটোৰ মানসিকতা বুজাৰ উপায় নাই। প্ৰভাতৰ
ওচৰৰ পৰা আতৰি আহিবলৈ বাধ্য হোৱাৰ পিছত, ৰাজীৱৰ ওচৰলৈ
প্ৰস্তাৱ লৈ সন্ধ্যাৰ মাকহে আগবঢ়িছে। এই সন্ধিক্ষনত
সন্ধ্যাৰ মানসিকতা বুজাৰ সুবিধা গল্পকাৰে দিয়া নাই। গল্পটোৰ
শেষৰ বাক্যকেইশাৰীয়ে গল্পটোৰ পূৰ্ণতা অনাৰ বিপৰীতে জটিলতাৰ পূৰ্ণতাহে আনিলে যেন লাগিছে। গল্পটো
শেষ কৰি পাঠকে বহু প্ৰশ্ন লৈ ভালেখিনি সময় বহি থাকিবলগীয়া হোৱাটো চুটি গল্পৰ এটা অন্যতম
সাৰ্থকতা।
সামৰণিঃ পৰ্ম্পৰাগত
দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলে গল্পৰ বাক্বিন্যাস অথবা
পাঠবিন্যাসত প্ৰধানকৈ বাক্যসমূহক একপ্ৰকাৰ বিচ্ছিন্ন কৰি সেইবোৰৰ আন্তঃসম্পৰ্কৰ জৰিয়তে
পাঠৰ অৰ্থ বিশ্লেষণ কৰা হয়। গল্প বা উপন্যাসৰ
দৰে সৃষ্টিশীল ৰচনাৰ বিশ্লেষণ এনেধৰণে কৰিলে সাহিত্যকৰ্মৰ মাজত থকা ৰসাস্বাদন কাৰ্য
ব্যহত হোৱাৰ সম্ভাৱনাই অধিক হয়। সেয়েহে এই চমু
আলোচনাত পৰীক্ষামূলকভাৱে বাক্যতকৈ তাৰ প্ৰসংগাৰ্থক গুৰুত্ব দি নিজকে এগৰাকী সাধাৰণ
পাঠকৰ শাৰীত ৰাখি গল্পটো বিশ্লেষণ কৰাৰ যত্ন কৰা হৈছে। আলোচনাটিত
উল্লেখ কৰা উদাহৰণবোৰৰ বাহিৰেও প্ৰসংগৰ সৈতে সংগতি থকা ভালেমান বৰ্ণনা উল্লেখ কৰিবপৰা
গ’লহেতেন যদিও সেইবোৰে এক আমনিলগা পৰিৱেশৰ সৃষ্টি কৰিব
বুলিয়েই তাৰ পৰা বিৰত থকা হ’ল।
গল্পটোৰ এই বিশ্লেষণৰ
মাজৰ পৰা ইয়াৰ সাৰ সংগ্ৰহ কৰি শেষত ইয়াকে ক’ব পাৰি
যে, ইমৰাণ শ্বাহৰ গল্পৰ এটা প্ৰধান বিশেষত্ব
হৈছে ইয়াৰ ভাষিক সংক্ষিপ্ততা। ইয়াক ভাষিক সংক্ষিপ্ততা
বোলাৰ প্ৰধান কাৰণ হ’ল তেখেতৰ গল্পবোৰত বিষয়বস্তু/ঘটনা/কাহিনীক যথেষ্ট
বিস্তৃত ৰূপত উপস্থাপন কৰাৰ থল থাকে। তেখতৰ ভাষা বৰ্ণনাধৰ্মী
নহয়। অত্যাধিক বৰ্ণনাধৰ্মীতাই সাহিত্যকৰ্মৰ স্বাভাৱিক গতিক
মন্থৰ আৰু আমনিলগা কৰি তোলে, যিটো ইমৰাণ শ্বাহৰ
গল্পত একেবাৰে পোৱা নাযায়।
*** ***
No comments:
Post a Comment