Pages

Sunday, 21 April 2013

চিন্তাৰ টুকুৰা
১। 
এই যে ল'ৰা ছোৱালীবোৰে উদ্ধণ্ডালি কৰিবলৈ ওলাই যায়, সেইবোৰে মাক দেউতাক ককায়েক বায়েক আদিৰ চকুৰ আগেদিয়েই ওলাই যায়। তেওঁলোক একপ্ৰকাৰ অন্ধ আৰু এই সমস্ত অসৎ কাৰবাৰৰ তেওঁলোকো অংশীদাৰ। গতিকে মই প্ৰকৃত সংস্কৃতি শিকাব নজনা অভিভাৱক সকলকো সমানেই দায়ী বুলি ভাবো। মই ভূৱনেশ্বৰৰ Eastern Regional Language Center ত শিক্ষকতা কৰাৰ কালত চত্তিশগড়ৰ এগৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীয়ে এটা ঘটনাৰ উল্লেখেৰে মোক প্ৰশ্ন কৰিছিল- "চাৰ, আমাৰ ওচৰৰে এগৰাকী IAS অফিচাৰে দেউতাকক চৰিয়ালে। এইটোও কি দেউতাকৰে দোষ"? উত্তৰত মই কৈছিলোঁ- মোৰ মতে তাত দেউতাকৰ দোষ আছেই। কাৰণ দেউতাকে তাক IAS অফিচাৰহে কৰিলে, পুতেক কৰিব নোৱাৰিলে। সেয়েহে দেউতাকে পুত্ৰৰ পৰা IAS অফিচাৰৰ ব্যৱহাৰ পালে।অৰ্থাৎ তেওঁ এজন IAS পালে কিন্তু পুতেকক হেৰুৱালে।
২।
অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সামগ্ৰিকভাবে অসমৰ হকে যিসকলে কাম কৰি আছে সেইসকলৰ সৎ কাম অথবা চিন্তাক উৎসাহ যগোৱাটোও আমাৰ কৰ্তব্য। আমাৰ মাজৰ বহুতেই কথাই বতৰাই অসমক ভাল পোৱাটো দেখুৱাব গ'লেও, তেনে কামত উৎসাহ যগোৱাতো দূৰৰ কথা পিছফালৰ পৰা টানি ধৰিবলৈহে যত্ন কৰা দেখা যায়। এইটো মোৰ ব্যক্তিগত বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত কৈছোঁ। ইয়ে বিভিন্ন ক্ষেত্ৰত নিজৰ চৰিত্ৰকে উদঙাই দেখুৱাইছে। যেতিয়া অসমৰ বাহিৰৰ মানুহে আপোনাক স্বীকৃতি দিয়ে তেতিয়াহে অসমৰ চকু মুদা কুলিবোৰে এঙামুৰি দি সাৰ পায়। ই আমাৰ জাতিটোৰ বাবে অতিকে দূৰ্ভাগ্যজনক।

Saturday, 30 March 2013

Bhaskarjyoti Sarma's poem (নিয়ম-অনিয়ম)

নিয়ম-অনিয়ম
এটা বিৰাত অনিয়মৰ মাজতেই চলি থাকে
কিছুমান সৰু সৰু নিয়ম
চকৰীটোৰ ফাকে ফাকে চিটিকি পৰা
বতাহখিনি
বেকা পাহকেইটাৰ নিয়মৰ সৈতে
একেলগে মিলি চকৰীটো ঘুৰে

এটা বিৰাত নিয়মৰ মাজত  আৰু আছে
দেধাৰ অনিয়ম
নিয়মৰ মাজৰ অনিয়ম
অনিয়মৰ মাজৰ নিয়ম
দুওটাই একেটা চকৰীতে ঘুৰে- এটা বিৰাত নিয়মৰ মাজৰ অনিয়ম
অথবা
এটা বিৰাত অনিয়মৰ মাজৰ নিয়ম


বুজা নুবুজা ভাৱত তুমি আৰু মই

বুকুৰ মাজত এজাক ধুমুহা লৈ
মই এদিন তোমাৰ ওচৰলৈ গৈছিলোঁ
জীৱনৰ স্বাদ-বিস্বাদৰ চাকনৈয়াত পৰি
তোমাক বিচাৰি হাবাথুৰি খাইছিলোঁ
কুমাৰে খচা বোকাৰে লেটি লৈ
মই গৈছিলো মোৰ বাটেদি
তুমিও হয়তো এদিন তেনেদৰেই আহিছিলা
(মোক বিচাৰি)
তোমাৰ বুকুৰ মাজত বাৰু ধুমুহা এজাক আছিলনে ?
দুয়ো দুয়োকো বিচাৰি কেতিয়ানো পাৰ হ'লো
সেই ধুমুহাৰ ৰাতি
এতিয়া উভতি ভাবিছোঁ
তুমিবা কোনখিনি পালাগৈ !
পানী জুঁৱলীত চাইছিলানে কেতিয়াবা
সপোনবোৰ আফালি
কোনটো কেঁকুৰিত বাৰু এৰাএৰি হ'লো আমি
দুয়ো দুয়োকো মাথো জুমা জুমি কৰি
 
সংজ্ঞা যন্ত্ৰণাৰ

সৌ যে ফুলপাহ
নাম নজনাকৈয়ে কৈ দিব পাৰি
তাৰ সুবাস
তোমাৰ কটাক্ষৰ সংজ্ঞা নিবিচৰাকৈয়ে
বুজিব পাৰি তাৰ মৰ্ম
বুকুৰ কোনোবাখিনিত অংকুৰিত হ'ব খোজা 
এটা বীজৰ মাজত আছে
তাৰ মৰ্মৰ মাজৰ মৰ্মটো
হাত মেলিহে ভাবিছোঁ
ফুলৰ মাজৰ কাঁইট নে কাঁইটৰ মাজৰ ফুল
আঙুলিৰ পাববোৰ কাঁইটে বিন্ধে
ৰংটোৱে বিন্ধে চকু
সৰস কলিজাটোত সংজ্ঞাহীন অনুভৱ
এতিয়া মই নাম নোসোধাকৈয়ে কৈ দিব পাৰোঁ তোমাৰ নাম
যন্ত্ৰণা...

Saturday, 23 March 2013

শিপা বিচাৰি......



শিপা বিচাৰি……. জন্ম শতবৰ্ষত প্ৰয়াত বৰদা জেঠালৈ শ্ৰদ্ধাৰে-
° ভাস্কৰজ্যোতি শৰ্মা
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ই মেইল- bhasdu08@gmail.com


         সিদিনা হঠাতে, অভাৱনীয়ভাবে মোৰ অতি শ্ৰদ্ধাৰ সন্তিদা (ত্ৰৈলোক্য শৰ্মা) পৰা এটা ফোন পালোঁ। বিষয়টো আছিল, তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ জন্মস্থান, জীৱনৰ মহামূল্যবান কেইটামান বছৰৰ কৰ্ষণস্থান, কামাৰকুছিৰ নিজৰ স্থায়ী ঘৰত এটা মন্দিৰ স্থাপন কৰিছে। সেই মন্দিৰটোৰ শুভ উদ্বোধনৰ সৈতে সংগতি ৰাখি এখনি সভা অনুস্থিত কৰাৰ যো-জা কৰাৰ লগতে প্ৰয়াত বৰদা জেঠাৰ সোঁৱৰণত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব আৰু তাৰ বাবে মোকো কেইশাৰীমান লিখিবলৈ মৰমৰ আদেশ দিলে, য’ত মোৰ আপত্তি কৰাৰ কোনো থল নাথাকিল। কিন্তু সমস্যাটো হ’ল, কেনেকৈ লিখিম। মনৰ ভিতৰত অহৰহ ভুমুকিয়াই থকা বহু চিন্তা, বহু ভাৱনাইচোন ঘুৰি ঘুৰি কামাৰকুছিকেই চুই যায়। এই সমস্যাটো অতি সহজেই সমাধান কৰি দিলে জেঠাৰ অন্য এগৰাকী পুত্ৰ অনিল দাদাই (অনিল শৰ্মা)। তেখেতে ক’লে- লিখিবিছোন, কামাৰকুছিৰ তেতিয়াৰ পৰিৱেশ, এতিয়াৰ পৰিৱেশ, পৰিবৰ্তন ইত্যাদি। তেখেতৰ পৰামৰ্শৰ আধাৰতে মনৰ ভিতৰত ঘুৰ্মূতিয়াই ফুৰা চিন্তাখিনি তিনিটা ভাগত জুকিয়াই ললোঁ। ক) জেঠা আৰু তেখেতৰ পৰিয়াল খ) কামাৰকুছিৰ প্ৰসংগ আৰু গ) এই বিশেষ অনুষ্ঠানটো।
         প্ৰয়াত বৰদা জেঠাৰ ছবিখন যেতিয়াই মনলৈ আহে তেতিয়াই নিজৰ আদৰ্শ (Principle)ত অটল, লনী দেহৰ এগৰাকী পুৰুষৰ ছবি মানস পটত ভাহি উঠে। তেখেতৰ সৈতে মোৰ ব্যক্তিগত কথা-বতৰাৰ বিষয়ে ভাবিব নোৱাৰা এটা বয়সত মই তেওক পাইছিলোঁ। কাৰণ আমি তেতিয়া হাইস্কুলৰ দেওনা পাৰ হোৱাই নাই। গতিকে ডাঙৰৰ চকুলৈ চাই, তাতে জেঠাৰ দৰে এগৰাকী ব্যক্তিৰ সৈতে কথা পতাৰ প্ৰশ্নই নুঠে। আমি সেই সময়ত পাৰ্যমানে তেখেতৰ দৃষ্টিৰ আঁৰ লৈ চলিছিলোঁ। কিন্তু তেখেতৰ ব্যক্তিত্বৰ এটা দিশৰ সৈতে মোৰ পৰোক্ষভাবে পৰিচয় ঘটিছিল মোৰ মাৰ মুখেৰে। বিপদত আনক সহায় কৰাৰ ক্ষেত্ৰত জেঠাৰ যি মানসিকতা, সেই কথা তেখেতৰ প্ৰসংগ ওলালেই মায় আমাক কৈছিল। মানুৰ এই গুণটো আজিও মোৰ বাবে আতাইতকৈ আকৰ্শনীয় এই কাৰণেই যে আজিৰ আত্মকেন্দ্ৰিকতাৰ ধামখুমীয়াত সকলোতকৈ বেছি অৱনতি ঘটা মানৱীয় প্ৰমূল্যৰ ভিতৰত এই গুণটোৰেই বেছি অৱনতি ঘটিছে।
         একো এককোখন গাঁওৰ মাজত যি সমাজ থাকে, সেই সমাজৰ জেষ্ঠ্যসকলৰ মানসিকতাই কনিষ্ঠবোৰৰ মানসিকতাত বাৰুকৈয়ে প্ৰভাৱ পেলায়। সেই সমাজৰ শিশুসকলে ক’ব নোৱাৰাকৈয়ে জেষ্ঠ্যসকলৰ কথা-কাণ্ড, আচৰণ আদি অনুকৰণ কৰিবলৈ লয়। নিজৰ ধৰণে চলাৰ যি প্ৰচণ্ড শক্তিশালী মানসিকতা, আপোচহীন ব্যক্তিত্ব আৰু নিজৰ সিদ্ধান্তত অটল হৈ থকাৰ সাহস, জেঠাৰ এই গুণবোৰে মোৰ শিশু মনত বিশেষভাবে প্ৰভাৱ পেলাইছিল বুলি এতিয়া অনুভৱ কৰোঁ। এই অনুভৱেই মোৰ বহু চিন্তা, সিদ্ধান্ত আৰু কাম-কাজত প্ৰভাৱ পেলাইছে বুলিব পাৰি।
         এতিয়া আহোঁ কামাৰকুছিৰ প্ৰসংগলৈ। কেৱল বেৰ, চাল, খুটা আদিৰে এটা ঘৰ হ’ব পাৰে, এখন ঘৰ হ’ব নোৱাৰে। তেনেদৰে কেইঘৰমান মানুহ ওচৰাওচৰিকৈ থাকিলে এখন গাঁও হয়তো হ’ব পাৰে, এখন সমাজ নহ’বও পাৰে। সমাজ হ’ব লাগিলে সুচিন্তিত বিচাৰ-বুদ্ধিৰে নিৰ্মিত এটা বান্ধোন লাগে। এই বান্ধোনৰ আধাৰ হ’ব লাগে মানৱীয় প্ৰমূল্য, সহানুভূতি আৰু প্ৰজ্ঞা। ইয়াৰ উপৰিও, মানৱ সভ্যতাৰ যিটো অতি গুৰুত্বপূৰ্ণ ধৰ্ম (Characteristic) হৈছে পৰিৱৰ্তনশীলতা। যি সমাজত আধুনিক চিন্তা, যুক্তি, বিচাৰ বুদ্ধিৰ স্থান নাই, সেই সমাজ চৰিত্ৰগত দিশতেই পঙ্গু অথবা বন্ধ্যা হ’বলৈ বাধ্য। মূল্যবোধ, চিন্তা অথবা বিচাৰ-বুদ্ধিক যুক্তিয়ে পৰিচালনা কৰি মানুহৰ প্ৰজ্ঞা বৃদ্ধি কৰে আৰু এক সামূহিক প্ৰজ্ঞাৰ দ্বাৰা পৰিচালিত সমাজ এখনেহে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পাৰে। গতিকে এখন সমাজৰ মানুহৰ মাজত কিমান আৰু কেনেকুৱা ধৰণৰ প্ৰজ্ঞাৰ সাধনা হৈছে সেইটো প্ৰমান কৰিবলৈ বৰ বিশেষ কঠিন নহয়, সেই সমাজৰ অস্তিত্বৰ প্ৰতি নজৰ দিলেই বিষয়টো স্পষ্ট হৈ পৰে।
         কামাৰকুছিৰ প্ৰসংগত ওপৰৰ কথাখিনিৰ প্ৰয়োজনীয়তা অনুভৱ কৰাৰ প্ৰধান কাৰণ হ’ল- মই, হয়তো কামৰকুছিক ভাল পোৱা বহুতেই আজিৰ তাৰিখত এইটো স্পষ্টভাবে অনুভৱ কৰে বুলি মনে-প্ৰাণে বিশ্বাস কৰোঁ যে যিবোৰ বিশেষত্বই এখন সমাজৰ সামগ্ৰিক উন্নতি সাধন কৰিব পাৰে তাৰ বেছিভাগেই বৰ্তমানৰ কামাৰকুছিৰ পৰিৱেশত পাবলৈ নাই। শ্ৰদ্ধাৰ অনিল দাদাই সেইদিনা টেলিফোনত এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল- “কামাৰকুছিত এটা জাগৰণ আনিব লাগে, কামাৰকুছিৰ উত্তৰ পুৰুষে অনুভৱ কৰিব পাৰিব লাগে, এটা সময়ত এই কামাৰকুছিত কি আছিল।” কথাকেইষাৰ মোৰ বিশেষভাবে গাত লাগিছে। অতীতক আমি কেতিয়া বিচাৰি যাওঁ, অতীতক আমাৰ কেতিয়া প্ৰয়োজন হয় ? এই দুটা প্ৰশ্নৰ উত্তৰ যেন মই অনিল দাদাৰ সেই উষ্মাভৰা দুটা বাক্যৰ মাজতেই পাই গলোঁ। যেতিয়া এখন সমাজত ‘বৰ্তমান’ টো বিশেষত্বহীন হৈ পৰে, সেই ‘বৰ্তমান’ মসাজখনক আগবঢ়াই নিয়াত অপাৰগ হয়, যেতিয়া গতিশীল সমাজ এখন স্থবিৰ হৈ পৰে, তেতিয়াই আমাক গৌৰৱময় অতীতৰ প্ৰয়োজন হয়। তেতিয়াহে অতীতে আমাক পুণৰ গতিশীল কৰাত সহায় কৰে।
         এটা কথা অপ্ৰিয় হ’লেও সত্য, যে আজিৰ কামাৰকুছি প্ৰগতিশীল চিন্তাৰ পৰা বহুযোজন আঁতৰত। ইয়াৰ বাবে আমি  কাকো দোষাৰোপ কৰি লাভ নাই। ইয়াৰ কাৰণ হিচাপে এটা নিৰ্দিষ্ট দিশলৈও আঙুলিয়াব নোৱাৰি। এই অৱক্ষয়, অসহিষ্ণুতা আদিৰ পৰা ওলাই আহিবলৈ এনেকুৱা কিছুমান অনুস্থান, কাৰ্যপ্ৰণালীৰ প্ৰয়োজন হয়, যিবোৰে কেইগৰাকীমানক নতুন, যুক্তিপূৰ্ণ চিন্তাৰ প্ৰতি আগ্ৰহী কৰি তুলিব। অন্যান্য আগবঢ়া সমাজবোৰৰ সৈতে আজিৰ কামাৰকুছিয়ে ফেৰ মাৰিব নোৱাৰিলেও অন্ততঃ সেই বিষয়ে কিছু ধাৰণা কৰিব পাৰিলেও কামাৰকুছিৰ বৰ্তমানৰ প্ৰজন্মই এটা বাট বিচাৰি পাব বুলি ভাবিব পাৰি।
         সমাজ এখনৰ পৰিবৰ্তন বুলিলে ইয়াৰ সামগ্ৰিক পৰিবৰ্তনকেই বুজায়। কোনোবা এটা দিশত পৰিবৰ্তনক বলপূৰ্বক ৰোধ কৰিবলৈ বিচাৰি অন্যান্য দিশবোৰ আওকান কৰিলে সমাজ এখনে ইয়াৰ সন্তুলন হেৰুৱায়, যিটো আজিৰ কামাৰকুছিত এতিয়া স্পষ্টভাবে দেখা গৈছে। আজিৰ সমাজত ভাল-বেয়াৰ সংজ্ঞাৰো পৰিবৰ্তন ঘটিছে, এই পৰিবৰ্তনৰ লগত সংগতি ৰাখি মানৱীয়তাক অগ্ৰাধিকাৰ দি চলিলেহে আজিৰ কামাৰকুছিয়ে সমাজত নতুনকৈ চিনাকি দিব পাৰিব।
         এতিয়া আহোঁ এই বিশেষ অনুষ্ঠানটোৰ প্ৰসংগলৈ। বিষয়টো লৈ মই কামাৰকুছিৰে দুই এগৰাকীৰ সৈতে অনানুস্থানিকভাবে কথা পাতিছিলোঁ। দুই এগৰাকীয়ে বিষয়টো ৰাজহুৱা কৰাৰ প্ৰতি আগ্ৰহী আছিল। অৰ্থাৎ, মন্দিৰটো ৰাজহুৱা স্থানত স্থাপন কৰিলে ই অধিক সামাজিক মূল্য পালেহেঁতেন। বহল অৰ্থত কথাখিনিৰ যুক্তি আছে বুলি ভবাৰ থল আছে। কিন্তু এই সময়ৰ কামাৰকুছিত, য’ত একতাৰ দুখ লগাকৈ অভাব, তাত এনে এটা মন্দিৰ ৰাজহুৱা ভাবে চলিব অথবা চলাব পৰা যাবনে নাই তাৰ প্ৰতি মোৰ সন্দেহ ব্যক্ত কৰিছিলো। ৰাজহুৱা সম্পত্তি স্থাপন কৰিব পাৰি কিন্তু তাক চলাবলৈ পোন প্ৰথমে লাগিব সেই মানুহখিনিৰ মাজত এটা সামাজিক দায়বদ্ধতা (social commitment) এই সামাজিক দায়বদ্ধতা অবিহনে  কোনো সামাজিক অনুষ্ঠানেই টিকি নাথাকে। সেয়েহে জেঠাৰ উত্তৰসূৰীসকলৰ এই প্ৰচেষ্টাক আমি কামাৰকুছিৰ অস্তিত্বৰ পুনৰুত্থানৰ প্ৰথম পদক্ষেপ বুলি সহৃদয়েৰে গ্ৰহণ কৰিব লাগে। কাৰণ মই জনাত এটা পৰিয়ালৰ একক প্ৰচেষ্টাৰে অনুস্থিত কৰিব খোজা এই অনুষ্ঠানটোৱেই প্ৰথম অনুষ্ঠান, যিটোত পূৰ্বৰ ভেদভাব পাহৰি সকলোকে সামৰি লোৱাৰ যত্ন কৰা হৈছে। এই লেখাটোৰ জৰিয়তে মই আন্তৰিকভাবে জেঠাৰ পৰিয়ালৰ সমূহ সদস্যলৈ অভিনন্দন জনোৱাৰ লগতে আশা কৰিছোঁ কামাৰকুছিয়ে নতুন চিন্তা আৰু প্ৰগতিৰ বাটেৰে পুণৰ আগবাঢ়ি যাব।

****    ****
****


ড° পোনা মহন্তলৈ ধন্যবাদ



সাধাৰণ ভাষাবিজ্ঞানৰ পাঠ’-  ড° পোনা মহন্তলৈ আন্তৰিক ধন্যবাদ


            ফাৰ্ডিনাণ্ড দ্য চ্যচুৰৰ Course in General Linguistics পুথিখন ভাষাবিজ্ঞানৰ ছাত্ৰ মানেই এক অপৰিহাৰ্যভাবে পঠনীয় এখন পুথিয়েই নহয় ই গঠনবাদী সমালোচনাৰ ধাৰাৰো ভেটিসদৃশ। বিংশ শতিকাৰ প্ৰথম-দ্বিতীয় দশকত বিশ্বৰ ভাষাবৈজ্ঞানিক ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটোৱা এই পুথিখনৰ অনুবাদো অসমীয়া ভাষা-সাহিত্যৰ জগতখনলৈ আগবঢ়োৱা এটা উল্লেখযোগ্য অৱদানৰূপে স্বীকৃত হব।  এটা যোৱা চাৰি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ফাৰ্ডিনাণ্ড দ্য চ্যচুৰৰ ভাষাবৈজ্ঞানিক চিন্তা সম্পৰ্কীয় দিশ পঢ়ুৱাবলগীয়া হোৱাত মূল পুথিখনকে সৰোগত কৰি পঢ়ুৱাই আছিলোঁ। কিন্তু সীমাবদ্ধ সময়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন অনুপাতে বিষয়বস্তুৰ জ্ঞান দিব নোৱাৰাৰ বাবে মনটো বৰ বেয়া লাগি আছিল। তেতিয়াই ভাবিছিলোঁ, পুথিখন অনুবাদ কৰাৰ কথা। কিন্তু এনে এখন উচ্চস্তৰীয় ভাষাবিজ্ঞানৰ পুথি অনুবাদ কৰিব পৰাৰ শক্তি আৰু সাহস গোটাব পৰা নাছিলোঁ। নতুন বছৰৰ দ্বিতীয় দিনটোতে সাতসৰীখন হাতত লৈ ড° মহন্ত চাৰৰ অনুবাদটো পঢ়ি  আনন্দ আৰু কৃতজ্ঞতাৰে মনভৰি পৰিল। এই অনুবাদ কৰ্মই কেৱল ভাষাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীকেই উপকৃত কৰিব এনে নহয়, ই সাহিত্য-সমালোচনাৰ অধ্যয়নতো ছাত্ৰ-ছাত্ৰীক বিশেষভাবে সহায় কৰিব বুলি বিশ্বাস আছে।

***  ***


ড° ভাস্কৰজ্যোতি শৰ্মা
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ফোনঃ ৯৮৫৪৫ ১৪৫০৭

দৃষ্টিভঙ্গী-৩



বিশ্ববিদ্যালয় আৰু সামাজিক দায়বদ্ধতাঃ
বিশ্ববিদ্যালয় এখনৰ সামাজিক দায়বদ্ধতা আছেনে বুলি কৰা প্ৰশ্ন অবান্তৰ। কিয়নো, বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ মূল উদ্দেশ্যই হল সমাজ এখনৰ কিছুমান লোকক উচ্চশিক্ষিত কৰি সেইসকল লোকৰ দ্বাৰা সমাজৰ বিভিন্ন ক্ষেত্ৰক পৰিচালনা কৰা আৰু সময়ৰ সৈতে ফেৰ মাৰি আগবঢ়াই লৈ যোৱা। অৱশ্যে, দায়বদ্ধতা শব্দটোৱে ব্যাপক অৰ্থ বহন কৰে। কিন্তু সমাজৰ কল্যাণৰ হকে প্ৰতিষ্ঠা কৰা প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰে নিৰ্দিষ্ট উদ্দেশ্য আৰু নিজা কৰ্মক্ষেত্ৰ থাকে। বিশ্ববিদ্যালয় একোখনৰো সেই ধৰণৰ বিশেষ উদ্দেশ্যৰ সাৰবত্তাই হৈছে সামাজিক দায়বদ্ধতা। কিন্তু সেই দায়বদ্ধতাৰ প্ৰকৃতিৰ ওপৰত প্ৰশ্ন উঠিব পাৰে। অৰ্থাৎ, কেনেধৰণৰ সামাজিক দায়বদ্ধতা বিশ্ববিদ্যালয় এখনৰ ওপৰত ন্যস্ত থাকে?  উত্তৰত কব পাৰি যে-  সমাজ এখনক সুস্থভাবে পৰিচালনা কৰিব পৰা এচাম লোকৰ সৃষ্টি কৰাটোৱেই বিশ্ববিদ্যালয় এখনৰ প্ৰধান দায়বদ্ধতা হব লাগে। সমাজ এখন সুস্থভাবে পৰিচালিত হবলৈ হলে বিজ্ঞানী, ভাষাবিদ, সমালোচক, প্ৰকৃতিবিদ, ৰাজনীতিজ্ঞ ইত্যাদি প্ৰতিটো ক্ষেত্ৰৰে বৈদগ্ধ থকা লোকৰ প্ৰয়োজন। এনেকুৱা এচাম লোকৰ সৃষ্টিৰ বাবে বিশ্ববিদ্যালয়ৰ পৰিৱেশ অনুকুল কৰি তোলাৰ মাজতেই ইয়াৰ সামাজিক দায়বদ্ধতাৰ দিশটো জড়িত হৈ থাকে। বিশ্ববিদ্যালয়ত যিসকল ব্যক্তি শৈক্ষিক দিশটোৰ সৈতে জড়িত, এই ক্ষেত্ৰত তেখেতসকলৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ। কাৰণ ছাত্ৰ-ছাত্ৰীসকল শিক্ষকসকলৰ জ্ঞান, বিচাৰ-বুদ্ধি আৰু প্ৰজ্ঞাৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ থাকে বাবে বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ সামাজিক দায়বদ্ধতাই সামগ্ৰিকভাবে বিশ্ববিদ্যালয় এখনৰ সামাজিক দায়বদ্ধতাৰ সম্পৰ্কত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। মই ব্যক্তিগত ভাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা এটা প্ৰশ্ন আশা কৰোঁ (যদিও আজিলৈকে নিৰাশ হৈয়েই আহিছোঁ) আৰু তাৰ মুখামুখী হবলৈ যত্ন কৰোঁ, সেইটো হল- আমি এই বিষয়বোৰ কিয় পঢ়িব লাগে অথবা এইবোৰ পঢ়ি আমি ভৱিষ্যতে কি কৰিম ? বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যবস্তুসম্পৰ্কত এইধৰণৰ প্ৰশ্নৰ সন্তোসজনক উত্তৰ থকা প্ৰয়োজন। এই প্ৰয়োজনীয়তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকল নিশ্চিত হব নোৱাৰিলে তেওঁলোকে গ্ৰহণ কৰা শিক্ষা সমাজৰ উপকাৰত আহিব বুলি ভাবিব নোৱাৰি। গতিকে বিশ্ববিদ্যালয় এখনে সৃষ্টি কৰা মানৱ সম্পদৰ মান নিৰ্ণয়কাৰী ছবিখন স্পষ্টৰূপে প্ৰতিফলিত হয় ইয়াৰ পৰা সৃষ্ট লোকসকলে সমাজত কেনে ধৰণৰ ভূমিকা পালন কৰিছে তাৰ ওপৰত আৰু সেই ভূমিকাৰ প্ৰকৃতিৰ ওপৰতেই বিশ্ববিদ্যালয়ৰ সামাজিক দায়বদ্ধতাৰ মান আৰু প্ৰকৃতিও নিৰ্ভৰ কৰে।

দৃষ্টিভঙ্গী-২




ড° ভাস্কৰজ্যোতি শৰ্মা
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়

অসমত উচ্চশিক্ষাৰ ভৱিষ্যত-
            এটা বিষয়ৰ ভৱিষ্যত সম্পৰ্কে ধাৰণা কৰিবলৈ হলে তাৰ বৰ্তমানৰ অৱস্থা অতি গুৰুত্বসহকাৰে বিচাৰ কৰা প্ৰয়োজন। অসমত উচ্চশিক্ষাৰ ভৱিষ্যত কি সেইটো মূলতঃ নিৰ্ভৰ কৰিব অসমত বৰ্তমানৰ উচ্চশিক্ষা কি পৰ্যায়ত আছে, তাৰ ওপৰত। বিষয়টো যথেষ্ট বিস্তৃত, গভীৰ আৰু গুৰুত্বপূৰ্ণ। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ, উচ্চশিক্ষা, বিশেষকৈ বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা হল এক গৱেষনাধৰ্মী শিক্ষা। এই পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন আৰু আৰ্হিত জ্ঞানক সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাৰ প্ৰাক্‌মূহুৰ্তৰ পৰ্যায়। মোৰ বিচাৰত এই পৰ্যায়ৰ শিক্ষাব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক বিষয়বস্তুৰ প্ৰায়োগিক দিশৰ প্ৰতি আকৰ্শিত কৰিব পাৰিব লাগে, যিটো অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত বৰকৈ চকুত নপৰে। অৰ্থাৎ প্ৰকৃত গৱেষণাৰ অভাৱ বৰ্তমানৰ শিক্ষাব্যৱস্থাই পুৰণ কৰিব পৰা নাই যেন লাগে। কাৰণ আমি যদি চাওঁ, অসমত অসমীয়া ভাষাৰ শিক্ষক অধ্যাপক যিমান আছে সেই অনুপাতে ভাষাবিজ্ঞানীৰ দুখলগাকৈ অভাৱ। সেইদৰে বিজ্ঞান অথবা কলা শাখাতেই শিক্ষক অধ্যাপকৰ অভাৱ নাই, অভাৱ মাত্ৰ প্ৰকৃত গৱেষকৰ, যি গৱেষণাই এটা এটা বিশেষ দিশত সমাজক আগবঢ়াই লৈ যাব পাৰে তেনে ধৰণৰ গৱেষণাকৰ্ম অসমৰ বিশ্ববিদ্যালয়সমূহে সৃষ্টি কৰিব পৰা নাই বুলিলেও হয়। বিশ্বৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গৱেষণাকৰ্মলৈ দৃষ্টি দিলে সহজে চকুত পৰা কথাটো হল, সেই বিশ্ববিদ্যালয়সমূহে নিজাকৈ পৰিৱেশ, সা-সুবিধাৰ সৃষ্টি কৰি এচাম গৱেষকৰ সৃষ্টি কৰে অথবা এচাম গৱেষকক বিভিন্ন গৱেষণাকৰ্মত নিয়োজিত কৰায়। ইয়াৰ ফলত একোখন বিশ্ববিদ্যালয়ে কেৱল বিদ্যায়তনিক দিশতেই যে প্ৰতিষ্ঠা লাভ কৰে এনে নহয়, ইয়াৰ মাধ্যমেৰে একোখন বিশ্ববিদ্যালয়ে আৰ্থিক দিশতো স্বাৱলম্বী হোৱাৰ নিদৰ্শন আছে। ইয়াৰ উপৰিও, অসমৰ শিক্ষাখণ্ডৰ ভৱিষ্যত বুলিলে কেৱল উচ্চ শিক্ষাক বেলেগে বিচাৰ কৰা সহজ নহয়। কিয়নো উচ্চশিক্ষাৰ (যদি মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে ধৰা হয়) মান কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে যদি বিচাৰ কৰা হয়, তেন্তে এইটো অতি স্পষ্টকৈ দেখা যাব যে, আমাৰ শিক্ষাব্যৱস্থাৰ প্ৰতিটো পৰ্যায়ৰ মাজত থাকিবলগীয়া সন্তুলনৰ অভাৱ। বৰ্তমানে অসমৰ উচ্চশিক্ষাৰ জগতখনকো নম্বৰসৰ্বস্ব ব্যৱস্থাই গ্ৰাস কৰি আহিছে যেন লাগিছে। উচ্চশিক্ষাত প্ৰথমশ্ৰেণী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ অনুপাতে প্ৰকৃত গুণগত বৃদ্ধি হোৱা নাই। আনুষ্ঠানিক শিক্ষা শেষ কৰি যেতিয়া তেওঁলোকে কৰ্মক্ষেত্ৰত ভৰি দিয়ে, তেতিয়াহে তেওঁলোকে নিজে লাভ কৰা শিক্ষাৰ মান নিজে উপলব্ধি কৰিব পাৰে, কিন্তু তেতিয়া যথেষ্ট পলম হৈ যায়। কিন্তু তাৰ মাজেৰে কিছু কিছু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ চেষ্টা, বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহে দিয়া সা-সুবিধা আৰু কিছুমান ভাল শিক্ষকৰ সান্নিধ্যত সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ লগতে সমাজলৈ বিশেষ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। সেই ফালৰ পৰা বিচাৰ কৰিলে অসমত উচ্চশিক্ষাৰ ভৱিষ্যত লৈ সন্দিহান হোৱাৰ অৱকাশ থাকিলেও যথেষ্ট আশা কৰিব পৰাৰ স্থলও আছে।