Pages

Saturday, 23 March 2013

দৃষ্টিভঙ্গী-৩



বিশ্ববিদ্যালয় আৰু সামাজিক দায়বদ্ধতাঃ
বিশ্ববিদ্যালয় এখনৰ সামাজিক দায়বদ্ধতা আছেনে বুলি কৰা প্ৰশ্ন অবান্তৰ। কিয়নো, বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ মূল উদ্দেশ্যই হল সমাজ এখনৰ কিছুমান লোকক উচ্চশিক্ষিত কৰি সেইসকল লোকৰ দ্বাৰা সমাজৰ বিভিন্ন ক্ষেত্ৰক পৰিচালনা কৰা আৰু সময়ৰ সৈতে ফেৰ মাৰি আগবঢ়াই লৈ যোৱা। অৱশ্যে, দায়বদ্ধতা শব্দটোৱে ব্যাপক অৰ্থ বহন কৰে। কিন্তু সমাজৰ কল্যাণৰ হকে প্ৰতিষ্ঠা কৰা প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰে নিৰ্দিষ্ট উদ্দেশ্য আৰু নিজা কৰ্মক্ষেত্ৰ থাকে। বিশ্ববিদ্যালয় একোখনৰো সেই ধৰণৰ বিশেষ উদ্দেশ্যৰ সাৰবত্তাই হৈছে সামাজিক দায়বদ্ধতা। কিন্তু সেই দায়বদ্ধতাৰ প্ৰকৃতিৰ ওপৰত প্ৰশ্ন উঠিব পাৰে। অৰ্থাৎ, কেনেধৰণৰ সামাজিক দায়বদ্ধতা বিশ্ববিদ্যালয় এখনৰ ওপৰত ন্যস্ত থাকে?  উত্তৰত কব পাৰি যে-  সমাজ এখনক সুস্থভাবে পৰিচালনা কৰিব পৰা এচাম লোকৰ সৃষ্টি কৰাটোৱেই বিশ্ববিদ্যালয় এখনৰ প্ৰধান দায়বদ্ধতা হব লাগে। সমাজ এখন সুস্থভাবে পৰিচালিত হবলৈ হলে বিজ্ঞানী, ভাষাবিদ, সমালোচক, প্ৰকৃতিবিদ, ৰাজনীতিজ্ঞ ইত্যাদি প্ৰতিটো ক্ষেত্ৰৰে বৈদগ্ধ থকা লোকৰ প্ৰয়োজন। এনেকুৱা এচাম লোকৰ সৃষ্টিৰ বাবে বিশ্ববিদ্যালয়ৰ পৰিৱেশ অনুকুল কৰি তোলাৰ মাজতেই ইয়াৰ সামাজিক দায়বদ্ধতাৰ দিশটো জড়িত হৈ থাকে। বিশ্ববিদ্যালয়ত যিসকল ব্যক্তি শৈক্ষিক দিশটোৰ সৈতে জড়িত, এই ক্ষেত্ৰত তেখেতসকলৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ। কাৰণ ছাত্ৰ-ছাত্ৰীসকল শিক্ষকসকলৰ জ্ঞান, বিচাৰ-বুদ্ধি আৰু প্ৰজ্ঞাৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ থাকে বাবে বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ সামাজিক দায়বদ্ধতাই সামগ্ৰিকভাবে বিশ্ববিদ্যালয় এখনৰ সামাজিক দায়বদ্ধতাৰ সম্পৰ্কত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। মই ব্যক্তিগত ভাবে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা এটা প্ৰশ্ন আশা কৰোঁ (যদিও আজিলৈকে নিৰাশ হৈয়েই আহিছোঁ) আৰু তাৰ মুখামুখী হবলৈ যত্ন কৰোঁ, সেইটো হল- আমি এই বিষয়বোৰ কিয় পঢ়িব লাগে অথবা এইবোৰ পঢ়ি আমি ভৱিষ্যতে কি কৰিম ? বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যবস্তুসম্পৰ্কত এইধৰণৰ প্ৰশ্নৰ সন্তোসজনক উত্তৰ থকা প্ৰয়োজন। এই প্ৰয়োজনীয়তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকল নিশ্চিত হব নোৱাৰিলে তেওঁলোকে গ্ৰহণ কৰা শিক্ষা সমাজৰ উপকাৰত আহিব বুলি ভাবিব নোৱাৰি। গতিকে বিশ্ববিদ্যালয় এখনে সৃষ্টি কৰা মানৱ সম্পদৰ মান নিৰ্ণয়কাৰী ছবিখন স্পষ্টৰূপে প্ৰতিফলিত হয় ইয়াৰ পৰা সৃষ্ট লোকসকলে সমাজত কেনে ধৰণৰ ভূমিকা পালন কৰিছে তাৰ ওপৰত আৰু সেই ভূমিকাৰ প্ৰকৃতিৰ ওপৰতেই বিশ্ববিদ্যালয়ৰ সামাজিক দায়বদ্ধতাৰ মান আৰু প্ৰকৃতিও নিৰ্ভৰ কৰে।

No comments:

Post a Comment