ড° ভাস্কৰজ্যোতি শৰ্মা
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
অসমত উচ্চশিক্ষাৰ ভৱিষ্যত-
এটা বিষয়ৰ ভৱিষ্যত
সম্পৰ্কে ধাৰণা কৰিবলৈ হ’লে তাৰ বৰ্তমানৰ অৱস্থা অতি গুৰুত্বসহকাৰে বিচাৰ
কৰা প্ৰয়োজন। অসমত উচ্চশিক্ষাৰ ভৱিষ্যত কি সেইটো মূলতঃ নিৰ্ভৰ কৰিব অসমত বৰ্তমানৰ উচ্চশিক্ষা
কি পৰ্যায়ত আছে, তাৰ ওপৰত। বিষয়টো যথেষ্ট বিস্তৃত, গভীৰ আৰু গুৰুত্বপূৰ্ণ। মই ব্যক্তিগতভাৱে
বিশ্বাস কৰোঁ, উচ্চশিক্ষা, বিশেষকৈ বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা হ’ল এক গৱেষনাধৰ্মী শিক্ষা। এই পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন
আৰু আৰ্হিত জ্ঞানক সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাৰ প্ৰাক্মূহুৰ্তৰ পৰ্যায়। মোৰ
বিচাৰত এই পৰ্যায়ৰ শিক্ষাব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক বিষয়বস্তুৰ প্ৰায়োগিক দিশৰ প্ৰতি
আকৰ্শিত কৰিব পাৰিব লাগে, যিটো অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত বৰকৈ চকুত নপৰে। অৰ্থাৎ
প্ৰকৃত গৱেষণাৰ অভাৱ বৰ্তমানৰ শিক্ষাব্যৱস্থাই পুৰণ কৰিব পৰা নাই যেন লাগে। কাৰণ আমি
যদি চাওঁ, অসমত অসমীয়া ভাষাৰ শিক্ষক অধ্যাপক যিমান আছে সেই অনুপাতে ভাষাবিজ্ঞানীৰ দুখলগাকৈ
অভাৱ। সেইদৰে বিজ্ঞান অথবা কলা শাখাতেই শিক্ষক অধ্যাপকৰ অভাৱ নাই, অভাৱ মাত্ৰ প্ৰকৃত
গৱেষকৰ, যি গৱেষণাই এটা এটা বিশেষ দিশত সমাজক আগবঢ়াই লৈ যাব পাৰে তেনে ধৰণৰ গৱেষণাকৰ্ম
অসমৰ বিশ্ববিদ্যালয়সমূহে সৃষ্টি কৰিব পৰা নাই বুলিলেও হয়। বিশ্বৰ বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ
গৱেষণাকৰ্মলৈ দৃষ্টি দিলে সহজে চকুত পৰা কথাটো হ’ল, সেই
বিশ্ববিদ্যালয়সমূহে নিজাকৈ পৰিৱেশ, সা-সুবিধাৰ সৃষ্টি কৰি এচাম গৱেষকৰ সৃষ্টি কৰে অথবা
এচাম গৱেষকক বিভিন্ন গৱেষণাকৰ্মত নিয়োজিত কৰায়। ইয়াৰ ফলত একোখন বিশ্ববিদ্যালয়ে কেৱল
বিদ্যায়তনিক দিশতেই যে প্ৰতিষ্ঠা লাভ কৰে এনে নহয়, ইয়াৰ মাধ্যমেৰে একোখন বিশ্ববিদ্যালয়ে
আৰ্থিক দিশতো স্বাৱলম্বী হোৱাৰ নিদৰ্শন আছে। ইয়াৰ উপৰিও, অসমৰ শিক্ষাখণ্ডৰ ভৱিষ্যত
বুলিলে কেৱল উচ্চ শিক্ষাক বেলেগে বিচাৰ কৰা সহজ নহয়। কিয়নো উচ্চশিক্ষাৰ (যদি মহাবিদ্যালয়ৰ
পৰা বিশ্ববিদ্যালয়লৈকে ধৰা হয়) মান কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। একেবাৰে প্ৰাথমিক
পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে যদি বিচাৰ কৰা হয়, তেন্তে এইটো অতি স্পষ্টকৈ দেখা যাব
যে, আমাৰ শিক্ষাব্যৱস্থাৰ প্ৰতিটো পৰ্যায়ৰ মাজত থাকিবলগীয়া সন্তুলনৰ অভাৱ। বৰ্তমানে
অসমৰ উচ্চশিক্ষাৰ জগতখনকো নম্বৰসৰ্বস্ব ব্যৱস্থাই গ্ৰাস কৰি আহিছে যেন লাগিছে। উচ্চশিক্ষাত
প্ৰথমশ্ৰেণী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ অনুপাতে প্ৰকৃত গুণগত বৃদ্ধি হোৱা নাই। আনুষ্ঠানিক
শিক্ষা শেষ কৰি যেতিয়া তেওঁলোকে কৰ্মক্ষেত্ৰত ভৰি দিয়ে, তেতিয়াহে তেওঁলোকে নিজে লাভ
কৰা শিক্ষাৰ মান নিজে উপলব্ধি কৰিব পাৰে, কিন্তু তেতিয়া যথেষ্ট পলম হৈ যায়। কিন্তু
তাৰ মাজেৰে কিছু কিছু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ চেষ্টা, বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহে
দিয়া সা-সুবিধা আৰু কিছুমান ভাল শিক্ষকৰ সান্নিধ্যত সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ লগতে
সমাজলৈ বিশেষ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। সেই ফালৰ পৰা বিচাৰ কৰিলে অসমত উচ্চশিক্ষাৰ
ভৱিষ্যত লৈ সন্দিহান হোৱাৰ অৱকাশ থাকিলেও যথেষ্ট আশা কৰিব পৰাৰ স্থলও আছে।
No comments:
Post a Comment