শিপা বিচাৰি……. জন্ম শতবৰ্ষত প্ৰয়াত বৰদা জেঠালৈ শ্ৰদ্ধাৰে-
ড° ভাস্কৰজ্যোতি শৰ্মা
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ই মেইল- bhasdu08@gmail.com
সিদিনা হঠাতে, অভাৱনীয়ভাবে মোৰ অতি শ্ৰদ্ধাৰ
সন্তিদা (ত্ৰৈলোক্য শৰ্মা) পৰা এটা ফোন পালোঁ। বিষয়টো আছিল, তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ
জন্মস্থান, জীৱনৰ মহামূল্যবান কেইটামান বছৰৰ কৰ্ষণস্থান, কামাৰকুছিৰ নিজৰ স্থায়ী ঘৰত
এটা মন্দিৰ স্থাপন কৰিছে। সেই মন্দিৰটোৰ শুভ উদ্বোধনৰ সৈতে সংগতি ৰাখি এখনি সভা অনুস্থিত
কৰাৰ যো-জা কৰাৰ লগতে প্ৰয়াত বৰদা জেঠাৰ সোঁৱৰণত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব আৰু
তাৰ বাবে মোকো কেইশাৰীমান লিখিবলৈ মৰমৰ আদেশ দিলে, য’ত মোৰ আপত্তি কৰাৰ কোনো থল নাথাকিল।
কিন্তু সমস্যাটো হ’ল, কেনেকৈ লিখিম। মনৰ ভিতৰত অহৰহ ভুমুকিয়াই থকা বহু চিন্তা, বহু
ভাৱনাইচোন ঘুৰি ঘুৰি কামাৰকুছিকেই চুই যায়। এই সমস্যাটো অতি সহজেই সমাধান কৰি দিলে
জেঠাৰ অন্য এগৰাকী পুত্ৰ অনিল দাদাই (অনিল শৰ্মা)। তেখেতে ক’লে- লিখিবিছোন, কামাৰকুছিৰ
তেতিয়াৰ পৰিৱেশ, এতিয়াৰ পৰিৱেশ, পৰিবৰ্তন ইত্যাদি। তেখেতৰ পৰামৰ্শৰ আধাৰতে মনৰ ভিতৰত
ঘুৰ্মূতিয়াই ফুৰা চিন্তাখিনি তিনিটা ভাগত জুকিয়াই ললোঁ। ক) জেঠা আৰু তেখেতৰ পৰিয়াল
খ) কামাৰকুছিৰ প্ৰসংগ আৰু গ) এই বিশেষ অনুষ্ঠানটো।
প্ৰয়াত
বৰদা জেঠাৰ ছবিখন যেতিয়াই মনলৈ আহে তেতিয়াই নিজৰ আদৰ্শ (Principle)ত অটল, লনী দেহৰ
এগৰাকী পুৰুষৰ ছবি মানস পটত ভাহি উঠে। তেখেতৰ সৈতে মোৰ ব্যক্তিগত কথা-বতৰাৰ বিষয়ে ভাবিব
নোৱাৰা এটা বয়সত মই তেওক পাইছিলোঁ। কাৰণ আমি তেতিয়া হাইস্কুলৰ দেওনা পাৰ হোৱাই নাই।
গতিকে ডাঙৰৰ চকুলৈ চাই, তাতে জেঠাৰ দৰে এগৰাকী ব্যক্তিৰ সৈতে কথা পতাৰ প্ৰশ্নই নুঠে।
আমি সেই সময়ত পাৰ্যমানে তেখেতৰ দৃষ্টিৰ আঁৰ লৈ চলিছিলোঁ। কিন্তু তেখেতৰ ব্যক্তিত্বৰ
এটা দিশৰ সৈতে মোৰ পৰোক্ষভাবে পৰিচয় ঘটিছিল মোৰ মাৰ মুখেৰে। বিপদত আনক সহায় কৰাৰ ক্ষেত্ৰত
জেঠাৰ যি মানসিকতা, সেই কথা তেখেতৰ প্ৰসংগ ওলালেই মায় আমাক কৈছিল। মানুৰ এই গুণটো আজিও
মোৰ বাবে আতাইতকৈ আকৰ্শনীয় এই কাৰণেই যে আজিৰ আত্মকেন্দ্ৰিকতাৰ ধামখুমীয়াত সকলোতকৈ
বেছি অৱনতি ঘটা মানৱীয় প্ৰমূল্যৰ ভিতৰত এই গুণটোৰেই বেছি অৱনতি ঘটিছে।
একো
এককোখন গাঁওৰ মাজত যি সমাজ থাকে, সেই সমাজৰ জেষ্ঠ্যসকলৰ মানসিকতাই কনিষ্ঠবোৰৰ মানসিকতাত
বাৰুকৈয়ে প্ৰভাৱ পেলায়। সেই সমাজৰ শিশুসকলে ক’ব নোৱাৰাকৈয়ে জেষ্ঠ্যসকলৰ কথা-কাণ্ড,
আচৰণ আদি অনুকৰণ কৰিবলৈ লয়। নিজৰ ধৰণে চলাৰ যি প্ৰচণ্ড শক্তিশালী মানসিকতা, আপোচহীন
ব্যক্তিত্ব আৰু নিজৰ সিদ্ধান্তত অটল হৈ থকাৰ সাহস, জেঠাৰ এই গুণবোৰে মোৰ শিশু মনত বিশেষভাবে
প্ৰভাৱ পেলাইছিল বুলি এতিয়া অনুভৱ কৰোঁ। এই অনুভৱেই মোৰ বহু চিন্তা, সিদ্ধান্ত আৰু
কাম-কাজত প্ৰভাৱ পেলাইছে বুলিব পাৰি।
এতিয়া
আহোঁ কামাৰকুছিৰ প্ৰসংগলৈ। কেৱল বেৰ, চাল, খুটা আদিৰে এটা ঘৰ হ’ব পাৰে, এখন ঘৰ হ’ব
নোৱাৰে। তেনেদৰে কেইঘৰমান মানুহ ওচৰাওচৰিকৈ থাকিলে এখন গাঁও হয়তো হ’ব পাৰে, এখন সমাজ
নহ’বও পাৰে। সমাজ হ’ব লাগিলে সুচিন্তিত বিচাৰ-বুদ্ধিৰে নিৰ্মিত এটা বান্ধোন লাগে। এই
বান্ধোনৰ আধাৰ হ’ব লাগে মানৱীয় প্ৰমূল্য, সহানুভূতি আৰু প্ৰজ্ঞা। ইয়াৰ উপৰিও, মানৱ
সভ্যতাৰ যিটো অতি গুৰুত্বপূৰ্ণ ধৰ্ম (Characteristic) হৈছে পৰিৱৰ্তনশীলতা। যি সমাজত
আধুনিক চিন্তা, যুক্তি, বিচাৰ বুদ্ধিৰ স্থান নাই, সেই সমাজ চৰিত্ৰগত দিশতেই পঙ্গু অথবা
বন্ধ্যা হ’বলৈ বাধ্য। মূল্যবোধ, চিন্তা অথবা বিচাৰ-বুদ্ধিক যুক্তিয়ে পৰিচালনা কৰি মানুহৰ
প্ৰজ্ঞা বৃদ্ধি কৰে আৰু এক সামূহিক প্ৰজ্ঞাৰ দ্বাৰা পৰিচালিত সমাজ এখনেহে নিজৰ অস্তিত্ব
প্ৰতিপন্ন কৰিব পাৰে। গতিকে এখন সমাজৰ মানুহৰ মাজত কিমান আৰু কেনেকুৱা ধৰণৰ প্ৰজ্ঞাৰ
সাধনা হৈছে সেইটো প্ৰমান কৰিবলৈ বৰ বিশেষ কঠিন নহয়, সেই সমাজৰ অস্তিত্বৰ প্ৰতি নজৰ
দিলেই বিষয়টো স্পষ্ট হৈ পৰে।
কামাৰকুছিৰ
প্ৰসংগত ওপৰৰ কথাখিনিৰ প্ৰয়োজনীয়তা অনুভৱ কৰাৰ প্ৰধান কাৰণ হ’ল- মই, হয়তো কামৰকুছিক
ভাল পোৱা বহুতেই আজিৰ তাৰিখত এইটো স্পষ্টভাবে অনুভৱ কৰে বুলি মনে-প্ৰাণে বিশ্বাস কৰোঁ
যে যিবোৰ বিশেষত্বই এখন সমাজৰ সামগ্ৰিক উন্নতি সাধন কৰিব পাৰে তাৰ বেছিভাগেই বৰ্তমানৰ
কামাৰকুছিৰ পৰিৱেশত পাবলৈ নাই। শ্ৰদ্ধাৰ অনিল দাদাই সেইদিনা টেলিফোনত এটা অতি গুৰুত্বপূৰ্ণ
কথা কৈছিল- “কামাৰকুছিত এটা জাগৰণ আনিব লাগে, কামাৰকুছিৰ উত্তৰ পুৰুষে অনুভৱ কৰিব পাৰিব
লাগে, এটা সময়ত এই কামাৰকুছিত কি আছিল।” কথাকেইষাৰ মোৰ বিশেষভাবে গাত লাগিছে। অতীতক
আমি কেতিয়া বিচাৰি যাওঁ, অতীতক আমাৰ কেতিয়া প্ৰয়োজন হয় ? এই দুটা প্ৰশ্নৰ উত্তৰ যেন
মই অনিল দাদাৰ সেই উষ্মাভৰা দুটা বাক্যৰ মাজতেই পাই গলোঁ। যেতিয়া এখন সমাজত ‘বৰ্তমান’
টো বিশেষত্বহীন হৈ পৰে, সেই ‘বৰ্তমান’ মসাজখনক আগবঢ়াই নিয়াত অপাৰগ হয়, যেতিয়া গতিশীল
সমাজ এখন স্থবিৰ হৈ পৰে, তেতিয়াই আমাক গৌৰৱময় অতীতৰ প্ৰয়োজন হয়। তেতিয়াহে অতীতে আমাক
পুণৰ গতিশীল কৰাত সহায় কৰে।
এটা
কথা অপ্ৰিয় হ’লেও সত্য, যে আজিৰ কামাৰকুছি প্ৰগতিশীল চিন্তাৰ পৰা বহুযোজন আঁতৰত। ইয়াৰ
বাবে আমি কাকো দোষাৰোপ কৰি লাভ নাই। ইয়াৰ কাৰণ
হিচাপে এটা নিৰ্দিষ্ট দিশলৈও আঙুলিয়াব নোৱাৰি। এই অৱক্ষয়, অসহিষ্ণুতা আদিৰ পৰা ওলাই
আহিবলৈ এনেকুৱা কিছুমান অনুস্থান, কাৰ্যপ্ৰণালীৰ প্ৰয়োজন হয়, যিবোৰে কেইগৰাকীমানক নতুন,
যুক্তিপূৰ্ণ চিন্তাৰ প্ৰতি আগ্ৰহী কৰি তুলিব। অন্যান্য আগবঢ়া সমাজবোৰৰ সৈতে আজিৰ কামাৰকুছিয়ে
ফেৰ মাৰিব নোৱাৰিলেও অন্ততঃ সেই বিষয়ে কিছু ধাৰণা কৰিব পাৰিলেও কামাৰকুছিৰ বৰ্তমানৰ
প্ৰজন্মই এটা বাট বিচাৰি পাব বুলি ভাবিব পাৰি।
সমাজ
এখনৰ পৰিবৰ্তন বুলিলে ইয়াৰ সামগ্ৰিক পৰিবৰ্তনকেই বুজায়। কোনোবা এটা দিশত পৰিবৰ্তনক
বলপূৰ্বক ৰোধ কৰিবলৈ বিচাৰি অন্যান্য দিশবোৰ আওকান কৰিলে সমাজ এখনে ইয়াৰ সন্তুলন হেৰুৱায়,
যিটো আজিৰ কামাৰকুছিত এতিয়া স্পষ্টভাবে দেখা গৈছে। আজিৰ সমাজত ভাল-বেয়াৰ সংজ্ঞাৰো পৰিবৰ্তন
ঘটিছে, এই পৰিবৰ্তনৰ লগত সংগতি ৰাখি মানৱীয়তাক অগ্ৰাধিকাৰ দি চলিলেহে আজিৰ কামাৰকুছিয়ে
সমাজত নতুনকৈ চিনাকি দিব পাৰিব।
এতিয়া
আহোঁ এই বিশেষ অনুষ্ঠানটোৰ প্ৰসংগলৈ। বিষয়টো লৈ মই কামাৰকুছিৰে দুই এগৰাকীৰ সৈতে অনানুস্থানিকভাবে
কথা পাতিছিলোঁ। দুই এগৰাকীয়ে বিষয়টো ৰাজহুৱা কৰাৰ প্ৰতি আগ্ৰহী আছিল। অৰ্থাৎ, মন্দিৰটো
ৰাজহুৱা স্থানত স্থাপন কৰিলে ই অধিক সামাজিক মূল্য পালেহেঁতেন। বহল অৰ্থত কথাখিনিৰ
যুক্তি আছে বুলি ভবাৰ থল আছে। কিন্তু এই সময়ৰ কামাৰকুছিত, য’ত একতাৰ দুখ লগাকৈ অভাব,
তাত এনে এটা মন্দিৰ ৰাজহুৱা ভাবে চলিব অথবা চলাব পৰা যাবনে নাই তাৰ প্ৰতি মোৰ সন্দেহ
ব্যক্ত কৰিছিলো। ৰাজহুৱা সম্পত্তি স্থাপন কৰিব পাৰি কিন্তু তাক চলাবলৈ পোন প্ৰথমে লাগিব
সেই মানুহখিনিৰ মাজত এটা সামাজিক দায়বদ্ধতা (social commitment) এই সামাজিক দায়বদ্ধতা
অবিহনে কোনো সামাজিক অনুষ্ঠানেই টিকি নাথাকে।
সেয়েহে জেঠাৰ উত্তৰসূৰীসকলৰ এই প্ৰচেষ্টাক আমি কামাৰকুছিৰ অস্তিত্বৰ পুনৰুত্থানৰ প্ৰথম
পদক্ষেপ বুলি সহৃদয়েৰে গ্ৰহণ কৰিব লাগে। কাৰণ মই জনাত এটা পৰিয়ালৰ একক প্ৰচেষ্টাৰে
অনুস্থিত কৰিব খোজা এই অনুষ্ঠানটোৱেই প্ৰথম অনুষ্ঠান, যিটোত পূৰ্বৰ ভেদভাব পাহৰি সকলোকে
সামৰি লোৱাৰ যত্ন কৰা হৈছে। এই লেখাটোৰ জৰিয়তে মই আন্তৰিকভাবে জেঠাৰ পৰিয়ালৰ সমূহ সদস্যলৈ
অভিনন্দন জনোৱাৰ লগতে আশা কৰিছোঁ কামাৰকুছিয়ে নতুন চিন্তা আৰু প্ৰগতিৰ বাটেৰে পুণৰ
আগবাঢ়ি যাব।
**** ****
****