প্ৰসংগঃ সন্ধিক্ষণত অসম সাহিত্য সভা
ড° ভাস্কৰজ্যোতি শৰ্মা
অসমৰ জনসাধাৰণ মাজত অসম সাহিত্য সভাৰ প্ৰতি থকা আস্থা আৰু ভালপোৱা বৰ্তমানৰ
পৰিস্থিতিত কিমান সেই বিষয়ে স্পষ্ট মন্তব্য দিব পৰা জোখাৰে আমাৰ জ্ঞান-বুদ্ধি কিমান
গভীৰ সেই কথা একাশৰীয়াকৈ ৰাখিও এটা কথা ক’ব পাৰি যে বৰ্তমানে এই সভাই পূৰ্বৰ গৰিমা
যথেষ্টখিনি হেকৰুৱাইছে।কিন্তু নবনিৰ্বাচিত সভাপতি শ্ৰদ্ধাৰ ইমৰাণ শ্বাহ চাৰৰ সক্ৰিয়
উপস্থিতিয়ে সভাক ভাল পোৱা অথচ বিভিন্ন ধৰণৰ তিক্ততাৰ বাবে ভালেকেইদিন সভাৰ পৰা আতৰি
থকা আৰু থাকিব খোজা বহু বিশিষ্ট ব্যক্তিয়ে সভাৰ সৈতে পুণৰ সহযোগ কৰাৰ হেপাহ এটা দেখিবলৈ পোৱা গৈছে। ই অতি শুভ লক্ষণ।
কাৰণ এই লোকসকলৰ তিক্ততা বহু পৰিমানে ব্যক্তিকেন্দ্ৰিক আছিল বুলি মুকলিভাবে জনা শুনা
কথা।এনে বহু ব্যক্তিৰ সৈতে অনানুষ্ঠানিক কথা-বতৰাৰ পৰা এটা দিশ স্পষ্ট হৈ পৰিছে যে
এটা সময়ত সভাৰ বিপক্ষে বিভিন্ন ধৰণৰ সমালোচনামূলক
মন্তব্য দিয়াৰ বাবে এতিয়া তেখেতসকলে মুখলজ্জাৰ বাবেই হওক অথবা অন্য কিবা কাৰণতেই হওক,
সভাৰ বিভিন্ন কামত সহযোগ কৰিবলৈ সংকোচ কৰা দেখা গৈছে। আমি ভাবো এই ধৰণৰ সংকোচ অথবা
অসহযোগৰ মানসিকতাই অসম সাহিত্য সভাৰহে ক্ষতি কৰিব। কাৰণ অসম সাহিত্য সভা এটা ব্যক্তিকেন্দ্ৰিক
অনুষ্ঠান নহয়। ই এটা জাতীয় মহাঅনুষ্ঠানলৈ উত্তৰণ ঘটা কেইবাটাও দশক পাৰ হৈ গ’ল।
আমি
যদি অলপ সূক্ষ্মভাবে আৰু নিৰপেক্ষভাবে বিচাৰ কৰি চাওঁ, তেন্তে সভাৰ বিষয়ববীয়া কিছুমানৰ
ব্যক্তিগত আচৰণ এই সভাৰ মৰ্যাদা লাঘৱ হোৱাৰ এটা প্ৰধান কাৰণ আছিল। সভাৰ ভিতৰ চ’ৰাত
প্ৰকৃতপক্ষে কি ঘটি আছিল বা এতিয়াও কি ঘটি আছে, সেই বিষয়ে আমি একেবাৰে নহ’লেও প্ৰায়
অজ্ঞই বুলিব পাৰি। তথাপি মাৰ্জিত আচৰণ আৰু বক্তব্যৰ শালীনতা যে এটা অনুষ্ঠানক প্ৰতিনিধিত্ব
কৰা আৰু নেতৃত্ব দিয়া ব্যক্তিসকল অতি প্ৰয়োজনীয় গুণ সেই কথা সাহিত্য সভাৰ প্ৰসংগত হোৱা
দীঘলীয়া বিতৰ্কই আমাক পুণৰ ভাবিবলৈ বাধ্য কৰাইছে। সাহিত্য সভাৰ সম্পৰ্কে হোৱা বাদ-প্ৰতিবাদবোৰ
বিশ্লেষণ কৰি চালে দেখা যায় যে, প্ৰায় প্ৰতিটো ক্ষেত্ৰতে পূৰ্বৰ প্ৰধান সম্পাদকৰ একনায়কোচিত
ব্যৱহাৰ আৰু বাকী কাৰ্যবাহী সদস্যসকলৰ নিৰ্লিপ্ততাই আছিল বহুতৰ সাহিত্যসভাৰ প্ৰতি আস্থাভংগৰ
এটা অন্যতম কাৰণ। গতিকে যিসকল বিশিষ্ট আৰু যশস্বী ব্যক্তিয়ে বৰ্তমানৰ পৰিস্থিতিতো সভাৰ
পৰা আঁতৰি থাকিব বিচাৰিছে, তেখেতসকলেও এই সংকোচ নাইকীয়া কৰি সভাৰ উন্নতিৰ হকে চিন্তা
আৰু কাম কৰিবলৈ আগবাছঢ়ি আহিলেহে তেখেতসকলৰ সভাৰ প্ৰতি ভালপোৱা আৰু আন্তৰিকতা প্ৰকাশ
পাব। কাৰণ তেখেতসকলে সভাক ভাল পায় গুণেহে সভাৰ ভুল বুলি ভবা সিদ্ধান্তৰ সমালোচনা কৰিছিল
বুলি আমাৰ দৰে বহু সাধাৰণ লোকে এতিয়াও বিশ্বাস কৰে।ইয়াৰ উপৰিও অসম সাহিত্য সভা এতিয়া
এক সন্ধিক্ষণত উপস্থিত হৈছে যেন লাগে। কাৰণ মই ব্যক্তিগত ভাবে নৱনিৰ্বাচিত সভাপতিৰ
প্ৰতি অনাস্থা প্ৰকাশ কৰা লোক দেখা বা শুনা নাই। তেখেতৰ সৈতে অসমৰ বিদ্বৎ মহল আন্তৰিকতাৰে
পুণৰ একত্ৰ হৈ কাম কৰিলেহে অসম সাহিত্য সভাই এক আশাব্যঞ্জক গতি লাভ কৰিব।এই সময়ত যদি
তেখেতসকলে নিজৰ সংকোচকে প্ৰাধান্য দি সভাৰ গুৰিবঠাত জোৰ দিয়াৰ পৰা আতৰি থাকে, তেন্তে
হয়তো ভৱিষ্যতে তেখেতসকলে সভাৰ কাম-কাজক সমালোচনা কৰিবলৈকো সংকোচ কৰিবলগীয়া হ’ব। গতিকে
সময় থাকোঁতে সকলো উপযুক্ত ব্যক্তি আগবাঢ়ি অহা ভাল।
*** ***
লেখকৰ ঠিকনাঃ
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোনঃ ৯৮৫৪৫ ১৪৫০৭
মেইল- bhasdu08@gmail.com
No comments:
Post a Comment