Pages

Saturday, 23 March 2013

দুৰ্নীতি আৰু প্ৰমূল্য



দুৰ্নীতি আৰু প্ৰমূল্য
° ভাস্কৰজ্যোতি শৰ্মা
         এটা সৰু কাহিনী মনত পৰিছে। এবাৰ এগৰাকী সমাজসেৱক, চিন্তাবিদে এখন সভাত বিধবা-বিবাহৰ সপক্ষে উদাত্ত, অন্তৰ্স্পশী ভাষণ দিছে। বিভিন্ন নিউজ চেনেলে এইগৰাকী ব্যক্তিৰ ভাষণৰ ‘লাইভ টেলিকাষ্ট’ কৰিছে। কম বয়সীয়া ছোৱালী এগৰাকীৰ অকাল বৈধব্যৰ দুখ-যাতনাৰ, মানৱীয় আশা আকাঙ্খা ভঙ্গ হোৱাৰ যন্ত্ৰনাত কাঁতৰ হৈ দিয়া ভাষণে ৰাইজৰ অন্তৰ স্পৰ্শ কৰাত মানুহগৰাকীৰ ভক্তিত গদ গদ হৈ পৰিছে শ্ৰোতা ৰাইজ। এটা দীঘলীয়া ভাষণৰ অন্তত মানুহগৰাকী ঘৰলৈ উভতি আহি পত্নী-পুত্ৰসহিতে চাহ-জলপানৰ মেজত বহিছে। মানুহগৰাকীৰ একমাত্ৰ সাবালক পুত্ৰইও দেউতাকৰ সৈতে বহি টেলিভিশ্যনৰ আশীৰ্বাদত প্ৰত্যক্ষ কৰা সদ্যসমাপ্ত ভাষণৰ উচ্চ প্ৰশংসা কৰিছে। পত্নীয়েও এনে এগৰাকী মহান পুৰুষৰ সহধৰ্মিণী হোৱাৰ গৌৰৱত গৌৰৱান্বিত হৈ এইগৰাকী স্বামীৰ সেৱাকাৰ্যতে জীৱন ধন্য হোৱা বুলি অনুভৱ কৰিছে। কথাৰ মাজতে পুত্ৰধনে অতি উচ্চাসিত ভাবে ক’বলৈ ধৰিলে-“দেউতা, তোমাৰ এই ভাষণে আমাৰ সমাজৰ বহুতৰে চকু মুকলি কৰিব। বিশেষকৈ মই, তোমাৰ পুত্ৰ হিচাপে আটাইতকৈ বেছি অনুপ্ৰাণিত হৈ আজি সিদ্ধান্ত কৰিছোঁ যে, মই অচিৰেই অকাল বৈধব্য-যন্ত্ৰনাৰ পৰা মুক্ত কৰি এগৰাকী বিধবাকে বিয়া কৰাম।” একমাত্ৰ পুত্ৰধনৰ উদাত্ত ঘোষণাত চিন্তাবিদৰ মুখৰ পৰা চাহৰ কাপ সৰি পৰিল।
         আমাৰ সমাজৰ বহু চিন্তাবিদৰ অৱস্থা কাহিনীৰ ব্যক্তিগৰাকীৰ মানসিকতাতকৈ কোনোগুণে উন্নত যেন নালাগে। বৰ্তমান সমাজত বহুচৰ্চিত দুৰ্নীতিৰ প্ৰসংগত যিমানবোৰ আনুষ্ঠানিক, অনানুষ্ঠানিক আলোচনা, বিতৰ্ক আদি শুনিছোঁ, সেই সকলোবোৰতেইচোন কাহিনীৰ নায়কজনকেই দেখোঁ, ই মোৰ দৃষ্টিভ্ৰমো অৱশ্যে হ’ব পাৰে। কোন ৰাজনৈতিক দলৰ দিনত কিমান আৰু কেনেধৰণৰ দুৰ্নীতি হৈছে, ঠিক সিমানৰ পৰা আলোচনা আৰু আগ নাবাঢ়ে। আমাৰ দৰে সাধাৰণ নৰ-মনিষে বিয়াগোম দুৰ্নীতিৰ কাৰণবোৰ চিন্তা কৰি কৰি ভাগৰি পৰিছোঁ। এতিয়া আগে-পিছে, সোঁৱে-বাঁৱে দেখা সৰু সৰু (?) দুৰ্নীতিবোৰৰ কাৰণ বিচাৰি এটা কথাই পাইছোঁ- আলোচনা, বিতৰ্কৰ মাজেদি যে দুৰ্নীতিৰোধ কৰিবলৈ যোৱাতো পৰচৰ্চাৰ দৰে মুখৰোচক কিবা এটাৰ বাহিৰে একো যে নহয় সেইটো ঠিক।
         সমাজৰ সাধাৰণ লোকে কেনেকুৱা লোকক সমাজত আগস্থান দি সন্মানৰ শৰাইখন আগবঢ়ায়, সেই প্ৰশ্নৰ উত্তৰতেই দুৰ্নীতিৰ ঘাইশিপাডাল আৰু তাৰ সমাধানৰ সূত্ৰও আছে। মানুহৰ এটা সহজাত প্ৰবৃত্তিয়েই হ’ল আনতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব বিচৰাতো। সমাজত যিবোৰ লোকে সন্মান যশ প্ৰতিপত্তি পায় তেনেবোৰ লোকৰ জীৱনধাৰণৰ সকলোবোৰ প্ৰক্ৰিয়াই শিশুসকলক আকৰ্ষণ কৰে। যশ আৰু প্ৰতিপত্তি হাবিয়াস এটা নিচা, অতি সোনকালে কম আয়াসতে ইয়াক আয়ত্ব কৰি নিজকে প্ৰতিস্থা কৰাৰ দুৰ্বাৰ আকাঙ্খাক কোনো ৰাজনৈতিক দলে কোনো আইনৰ দ্ধাৰা বান্ধি ৰাখিব নোৱাৰে। এতিয়া এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে সততাৰ দ্বাৰা নিজক প্ৰতিস্থা কৰা, সমাজত সন্মানসহকাৰে জীয়াই থকাৰ বাটবোৰ লাহে লাহে বন্ধ হৈ অহাৰ উপক্ৰম হৈ আহিছে। আজিৰ সমাজে যদি কেৱল ধনৰ বিনিময়ত যশ কিনিব নোৱাৰা কৰিব পাৰে, অৰ্থতকৈ মেধা, বুদ্ধি আৰু সততাক অধিক মূল্য দিবলৈ আৰম্ভ কৰে তেতিয়াহে দুৰ্নীতিগ্ৰস্ত মানসিকতা লোৱাৰ পৰা শিশুসকল মুক্ত হ’ব পাৰিব। এহেজাৰ কৌটি টকা এজন মানুহে হঠাতে আত্মসাৎ কৰিব নোৱাৰে। এহেজাৰ কৌটি টকালৈকে সেই মানুহজনক এই সমাজখনে তিল তিলকৈ গঢ়ি তোলে। দুৰ্নীতি এটা নিচাত পৰিণত হোৱাৰ বহু আগতেই ইয়াক ৰোধ কৰাৰ বাটবোৰ পোৱা যায়। মোৰ আশে পাশে এনে বহুত মানুহ দেখিছোঁ, যিবোৰে প্ৰয়োজনাধিক পোৱাৰ পাছতো এশ দুশ টকা অন্যায়ভাবে আত্মসাৎ কৰিবলৈ লাজ নকৰে। তেওঁলোকক এই নিচাৰ পৰা বিৰত ৰাখিব পৰা অইন কিবা শক্তি আছে বুলি মনে নধৰে। সমাজত প্ৰচলিত প্ৰমূল্যৰ পৰিবৰ্তন, অৰ্থাৎ সৎ আৰু উপযুক্ত লোকক উপযুক্ত সন্মান যাচিব পৰাৰ এটা পৰিবেশ যদি সৃষ্টি কৰিব পৰা নাযায়, তেনে কামতহে সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব পৰা যায় বুলি যদি শিশুসকলৰ মনত বিশ্বাস জন্মাব পৰা নাযায় তেতিয়াহ’লে হেজাৰ আন্দোলন, হেজাৰ বিতৰ্কইও দুৰ্নীতিমুক্ত সমাজ এখন সৃষ্টি কৰিব নোৱাৰে।  কেতিয়াবা এনে অনুভৱ হয়, দুৰ্নীতিৰ বিৰুদ্ধে অনুষ্ঠিত কৰা সভাত যিমান লোকৰ সমাগম হয়, দুৰ্নীতিৰ বিৰুদ্ধে কৰা আন্দোলনত যিমান লোকে সহযোগ কৰে সেই সকলোখিনি সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত হ’লে আমাৰ কিজানি দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিব লগা নহ’লেইহেঁতেন।
লেখকৰ ঠিকনাঃ
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোনঃ ৯৮৫৪৫ ১৪৫০৭

No comments:

Post a Comment