Pages

Saturday, 23 March 2013

বিশ্ববিদ্যালয়, উচ্চশিক্ষা আৰু আমি





            এখন বিশ্ববিদ্যালয়ত কৰ্মৰত অভিজ্ঞতা আৰু কিছু উপলব্ধি পৰা নিজৰ উপস্থিতি আৰু পৰিৱেশৰ পৰ্যবেক্ষণে সময়ে সময়ে ভালেমান ভাৱৰ সৃষ্টি কৰে। এই ভাৱবোৰ ব্যক্তিগত হলেও ইয়াক ব্যক্ত কৰাৰ প্ৰয়াসক বাধা দি ৰাকিব নোৱাৰিলোঁ।
            বিশ্ববিদ্যালয়ৰ দৰে এখন বিদ্যায়তনিক অনুষ্ঠানৰ প্ৰগতি বা উন্নতি নিৰ্ভৰ কৰে ইয়াৰ দুটা প্ৰধান অংশৰ কৰ্ম আৰু পাৰস্পাৰিক সম্পৰ্কৰ জৰিয়তে। এটা অংশ হল বিদ্যায়তনিক (Academic) আৰু আনটো প্ৰাশাসনিক (Adminstrative) দুটা শাখাৰ কৰ্মৰ প্ৰকৃতি ভিন্ন। প্ৰাশাসনিক শাখাই বিদ্যায়তনিক শাখাটোক কিছু ক্ষেত্ৰত পৰিচালনা কৰা যেন লাগিলেও প্ৰকৃততে এই শাখাটোৱে বিশ্ববিদ্যালয় এখনৰ প্ৰধান উদ্দেশ্য মানসম্পন্ন উচ্চ শিক্ষা প্ৰদানত বিশেষভাবে সহায়হে কৰে। সম্পদ আহৰণ আৰু তাৰ উপযুক্ত প্ৰয়োগৰ দ্বাৰা শিক্ষা আৰু গৱেষণাৰ বাবে এটা উপযুক্ত আন্তৰ্গাঠনি তৈয়াৰ কৰাটো প্ৰাশাসনিক শাখাৰ উদ্দেশ্য হোৱাটো বিশ্ববিদ্যালয় এখনৰ বাবে হানিকাৰক নহয়। আনহাতে শিক্ষা আৰু গৱেষণৰ ক্ষেত্ৰত বিদ্যায়তনিক শাখাটোৰ ভূমিকা প্ৰত্যক্ষ আৰু স্পষ্ট। কিন্তু বহু ক্ষেত্ৰত বিদ্যায়তনিক ক্ষেত্ৰখনৰ পৰা এনে অভিযোগ উঠা দেখা যায় যে, বিশ্ববিদ্যালয়ৰ প্ৰাশাসনিক শাখাৰ কৰ্ণধাৰ সকলে মানগত উচ্চ শিক্ষাৰ প্ৰতি আওকান কৰি আন্তৰ্গাঠানিতহে অধিক গুৰুত্ব দিয়াৰ ফলত মানসম্পন্ন শিক্ষা তথা গৱেষনা ব্যহত অথবা ক্ষতিগ্ৰস্ত হৈছে। ভালদৰে বিচাৰ কৰি চালে এনে অভিযোগ সৰ্বতোপ্ৰকাৰে গ্ৰহণযোগ্য বুলিব নোৱাৰি। কিয়নো শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত বিদ্যায়তনিক শাখাৰ ভূমিকা প্ৰাশাসনিক শাখাতকৈ অধিক অথবা অধিক হোৱা উচিত। এনে ক্ষেত্ৰত যদি শিক্ষা আৰু গৱেষণাৰ মান নিম্নগামী হৈছে, তেন্তে তাৰ বাবে অধিক পৰিমানে দায়ী বিদ্যায়তনিক শাখাৰ লোকসকল। উদাহৰণ স্বৰূপে, বিভিন্ন গৱেষণা প্ৰকল্পসমূহৰ কথাই ধৰিব পাৰি। বৰ্তমানে বিশ্ববিদ্যালয় অনুদান আয়োগে বিশ্ববিদ্যালয়ৰ মান নিৰ্ণয়ত উচ্চ মানবিশিষ্ট গৱেষণা কাৰ্যত অধিক গুৰুত্ব দিছে আৰু তাৰ বাবে পৰ্যাপ্ত পৰিমানৰ অনুদানো মুকলি কৰি দিছে আৰু সেই অনুদান গ্ৰহণ কৰা লোকৰ সংখ্যাও তুলনামূলকভাবে বাঢ়িছে। কিন্তু গৱেষণাৰ মান সেই অনুপাতে বঢ়া নাই। ইয়াৰ বাবে কিন্তু প্ৰাশাসনিক শাখাক জগৰীয়া কৰিব নোৱাৰি। অৱশ্যে যদি গৱেষণাৰ বাবে উপযুক্ত সা সুবিধা প্ৰদানৰ সুবিধা থকা স্বত্তেও বিশ্ববিদ্যালয় এখনে সেই সুবিধা প্ৰদান কৰা নাই তেতিয়া ইয়াক প্ৰাশাসনিক দুৰ্বলতা বোলাৰ থল আছে।কিন্তু সুবিধা অনুসৰি তাক ব্যৱহাৰ কৰিব নোৱাৰাতো অথবা নোখোজাতো বিদ্যায়তনিক ক্ষেত্ৰৰ দুৰ্বলতা বুলিহে কব লাগিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক হিচাপে মাজে মাজে এনে অনুভৱ হয়, আমি বহুতে যেন বিশ্ববিদ্যালয়খনে দিয়া সা সুবিধাখিনিৰ শুদ্ধ আৰু উপযুক্ত প্ৰয়োগ কৰিব পৰা নাই। এই অনুভৱৰ মূলতে আছে এটা প্ৰত্যক্ষ অভিজ্ঞতা। এবাৰ এগৰাকী সহযোগী প্ৰাধ্যাপকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ প্ৰতি কিবা কাৰণত বীতশ্ৰদ্ধ হৈ বিশ্ববিদ্যালয়খনৰ প্ৰশাসনৰ প্ৰতি বিশেদগাৰ কৰে। তেতিয়াই মোৰ মনলৈ অহা ভাৱখিনি তেখেতৰ আগত প্ৰকাশ কৰি কৈছিলোঁ, আমি যে গৱেষণাবোৰ কৰি আছোঁ, সেই গৱেষণা কৰ্ম মানসম্পন কৰাৰ দায়ীত্ব আমাৰেই নহয় জানো ? আমি যে বছৰৰ পাছত বছৰ শিক্ষা প্ৰদান কৰি আছোঁ তাৰ ফলস্বৰূপে যিসকল ছাত্ৰ-ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, সেইসকলৰ শিক্ষাৰ মান যদি নিম্ন পৰ্যায়ৰ হয় তেন্ত তাৰ বাবে আমিয়েই দায়ী নহয়জানো ? আমি যদি চিলেবাচ প্ৰস্তুত কৰা কাৰ্যৰ পৰা প্ৰশ্নকাকতৰ আৰু ইভালুৱেশ্যনলৈকে বিচাৰ কৰি চাও তেন্তে গোটেই প্ৰক্ৰিয়াটোত আসোৱাহ নাই বুলি নিশ্চিতভাবে কব নোৱাৰি। তেনে স্থলত শিক্ষা আৰু গৱেষণাৰ মান উন্নত কৰাৰ ওপৰত আমি অধিক মনোনিৱেশ নকৰি আমি কেৱল প্ৰশাসনৰ ওপৰতে দোষবোৰ জাপি থকাতো সন্তোষজনক কথা নহয়।

No comments:

Post a Comment